নৌ সেনা দিৱসঃ ১৯৭১ৰ যুদ্ধত পাকিস্তানৰ বিৰুদ্ধে জয়ী হৈছিল ভাৰত…

নৌ সেনা দিৱসঃ ১৯৭১ৰ যুদ্ধত পাকিস্তানৰ বিৰুদ্ধে জয়ী হৈছিল ভাৰত…

ডিজিটেল ডেস্কঃ প্ৰতি বছৰে ৪ ডিচেম্বৰত পালন কৰা হয় ভাৰতীয় নৌ সেনা দিৱস। এই দিৱসত স্মৰণ কৰা হয় ভাৰতীয় নৌ সেনাৰ শ্বহীদ বীৰসকলক। উল্লেখ্য যে, ১৯৭১চনৰ ভাৰত-পাকিস্তানৰ যুদ্ধত ভাৰতীয় নৌ সেনা বিজয়ী হোৱাৰ আনন্দত পালন কৰা হয় নৌ সেনা দিৱস।

উল্লেখ্য যে, পাকিস্তান সেনাই ১৯৭১চনৰ ৩ ডিচেম্বৰত ভাৰতীয় ক্ষেত্ৰ আৰু সীমান্তৱৰ্তী এলেকাসমূহত আক্ৰমণ কৰিছিল। যাৰ ফলত আৰম্ভ হৈছিল ১৯৭১ৰ যুদ্ধ। পাকিস্তানক তেতিয়া যোগ্যপ্ৰত্যুত্তৰ দিয়াৰ বাবে আৰম্ভ কৰা হৈছিল 'অপাৰেশ্যন ট্ৰাইডেন্ট'।  এই অভিযানত লক্ষ্য কৰি লোৱা হৈছিল পাকিস্তানৰ নৌ সেনাৰ কৰাছীস্থিত মুখ্য কাৰ্যালয়।

এই অভিযান চলাই ভাৰতীয় নৌ সেনাৰ এখন মিছাইল নাও আৰু দুখন যুদ্ধ-পোটৰ এটা দলে কৰাছীৰ সাগৰীয় পাৰত থকা জাহাজসমূহত আক্ৰমণ চলাইছিল। এই যুদ্ধতে প্ৰথমবাৰলৈ ব্যৱহাৰ কৰা হৈছিল এন্টি ছীপ মিছাইল। ভাৰতীয় নৌ সেনাৰ এই আক্ৰমণত পাকিস্তান সেনাৰ বহু কেইখন জাহাজ ধ্বংস হৈ যায়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in