অৱশেষত ৰাছিয়াৰ বিৰুদ্ধে স্থিতি ল’লে ভাৰতে !

অৱশেষত ৰাছিয়াৰ বিৰুদ্ধে স্থিতি ল’লে ভাৰতে !

ডিজিটেল ডেস্কঃ অৱশেষত ৰাছিয়াৰ বিৰুদ্ধে অৱস্থান গ্ৰহণ কৰিলে ভাৰতে। প্ৰায় ৩ সপ্তাহ ধৰি ইউক্ৰেইনৰ ওপৰত ৰাছিয়াই আক্ৰমণ অব্য়াহত ৰাখিছে। ইউক্ৰেইনৰ কিয়েভ, খাৰকিভকে ধৰি বহু কেইখন চহৰ ধ্বংসস্তূপলৈ পৰিণত হৈছে। এই সময়ছোৱাত আন্তঃৰাষ্ট্ৰীয় সমুদায়ে ৰাছিয়াৰ বিৰুদ্ধে অৰ্থনৈতিক প্ৰতিবন্ধকতা আৰোপ কৰাৰ লগতে ৰাছিয়াৰ লগত সম্পৰ্ক ছেদ কৰিছে। অৱশ্যে কোনো এখন দেশেই ৰাছিয়াৰ বিৰুদ্ধে যুদ্ধত এতিয়ালৈকে অৱতীৰ্ণ হোৱা নাই।

ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোদিমিৰ জেলনস্কিৰ আহ্বানৰ প্ৰতি সহাৰি জনাই বহু কেইখন দেশে ইউক্ৰেইনক অৱশ্যে সহায়ৰ হাত আগবঢ়াইছে। মন কৰিবলগীয়া যে ৰাষ্ট্ৰসংঘৰ মজিয়াত ইতিমধ্যে ৰাছিয়াৰ বিৰুদ্ধে গ্ৰহণ কৰা সিদ্ধান্তসমূহত ভোট দিয়াৰ পৰা বিৰত আছিল ভাৰত। ভাৰতে পূৰ্বৰে পৰা ৰাছিয়া আৰু ইউক্ৰেইনক তেওঁলোকৰ সমস্যা সমূহৰ সমাধানৰ বাবে আলোচনাৰ আহ্বান জনাই আহিছে।

ভাৰতৰ এনে স্থিতিৰ বাবে বহুতেই ভাৰতক সমালোচনা কৰিছে যদিও ভাৰতে নিজৰ স্থিতিত অটল আছিল। কিন্তু শেহতীয়াকৈ ভাৰতে ৰাষ্ট্ৰসংঘৰ মজিয়াত ৰাছিয়াৰ বিৰুদ্ধে ভোটদান কৰিছে। ৰাষ্ট্ৰসংঘৰ শীৰ্ষ আদালত আন্তৰ্জাতিক ন্যায়ালয়ে বুধবাৰে ৰাছিয়াক ইউক্ৰেইনৰ ওপৰত কৰা আক্ৰমণ বন্ধ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰাৰ লগতে ৰাছিয়াই ইউক্ৰেইনৰ ওপৰত শক্তি প্ৰয়োগ কৰা বিষয়টোক লৈ গভীৰভাৱে চিন্তিত বুলি উল্লেখ কৰিছে।

আন্তৰ্জাতিক ন্যায়ালয়ৰ অধ্যক্ষ জোন ডোনোগুৱে আন্তৰ্জাতিক ন্যায়্যালয় আৰু আই চি জেক কৈছে যে, তেওঁলোকে সিদ্ধান্ত লৈছে, ৰাছিয়াই ২৪ ফেব্ৰুৱাৰীত আৰম্ভ হোৱা সামৰিক অভিযান তৎক্ষণাৎ সমাপ্ত কৰিব লাগে। ন্যায়াধীশ ডোনোগ্যুৱে হেগত হোৱা শুনানিত কয়, আদালত ৰাছিয়ান ফেডাৰেচনৰ দ্বাৰা বল প্ৰয়োগক লৈ গভীৰভাৱে চিন্তিত, এই পদক্ষেপে আন্তৰ্জাতিক আইনত অতি গুৰুতৰ বিষয় উত্থাপন কৰে।

ইউক্ৰেইনত ৰাছিয়াৰ আক্ৰমণৰ বিষয়টোক কিয়েভে ৰাষ্ট্ৰসংঘৰ শীৰ্ষ আদালতলৈ টানি নিছে। আই চি জেত ভাৰতৰ ন্যায়াধীশ দলবীৰ ভাণ্ডাৰীয়ে ৰাছিয়াৰ বিৰুদ্ধে ভোট দান কৰিছে। উল্লেখ্য যে, ন্যায়াধীশ ভাণ্ডাৰীক কেন্দ্ৰীয় চৰকাৰ আৰু বিভিন্ন অভিযানৰ সমৰ্থনত সময়ে সময়ে আই চি জেলৈ মনোনীত কৰা হৈছে।

ন্যায়াধীশ ভাণ্ডাৰীয়ে ৰাছিয়াৰ বিৰুদ্ধে আই চি জেত ভোট দিছে। অৱশ্যে ৰাছিয়া-ইউক্ৰেইন বিষয়ত ন্য়াধীশ ভাণ্ডাৰীৰ পদক্ষেপ স্বতন্ত্ৰ ই আন্তঃৰাষ্ট্ৰীয় মঞ্চত ভাৰতৰ চৰকাৰী স্থিতিতকৈ পৃথক।

ইউক্ৰেইনৰ প্ৰতিনিধি এণ্টন কোৰিনেভিচে যোৱা সপ্তাহত আই চি জেক কৈছিল যে, ৰাছিয়াক স্তব্ধ কৰিবই লাগিব আৰু ইয়াক বন্ধ কৰাত আদালতৰ ভূমিকা আছে। বিগত ৩ সপ্তাহত যুদ্ধৰ সময়ছোৱাত ইউক্ৰেইন এৰি যোৱা লোকৰ সংখ্যা তিনি নিযুত অতিক্ৰম কৰিছে। ৰাছিয়াৰ সামৰিক বাহিনীয়ে কিয়েভৰ আৱাসিক ভৱনসমূহৰ ওপৰত আক্ৰমণ বৃদ্ধি কৰিছে।

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in