ডিজিটেল ডেস্কঃ লণ্ডনস্থিত ভাৰতীয় উচ্চায়ুক্তৰ সন্মুখত ভাৰতীয় নাগৰিকক প্ৰহাৰ। শনিবাৰে ভাৰতীয় উচ্চায়ুক্তৰৰ সন্মুখত ভাৰতীয় নাগৰিকক খালিস্তানৰ নাগৰিকে প্ৰহাৰ কৰে। পুলৱামাত সন্ত্ৰাসবাদীৰ আক্ৰমণ আৰু বালাকোটত ভাৰতীয় বায়ু সেনাই চলোৱা এয়াৰ ষ্ট্ৰাইকৰ পাছত সমগ্ৰ বিশ্বই পাকিস্তানৰ বিৰোধিতা কৰিছে। ইয়াৰে ক্ষোভতেই খালিস্তানৰ নাগৰিকে ভাৰতীয় নাগৰিকৰ সৈতে মাৰপিট কৰা দেখা গৈছে।
ভাৰতীয় নাগৰিকক খালিস্তানী নাগৰিকে প্ৰহাৰ কৰা এক ভিডিঅ' ৰাষ্ট্ৰীয় সংবাদমাধ্যমৰ পৰা লাভ কৰা হৈছে। পাকিস্তানৰ চোৰাংচোৱা সন্থা আই এছ আইৰ সমৰ্থ লাভ কৰাৰ পাছতে খালিস্তানী নাগৰিকে এনেদৰে মাৰপিট কৰা ভিডিঅ' লাভ কৰা হৈছে। প্ৰহাৰ কৰা সময়ত খালিস্তানৰ নাগৰিকে শিখসকলৰ পগৰী পিন্ধা আছিল আৰু 'নাৰা-এ-তকদীৰ', 'আল্লাহ হু আকবৰ' আদি শ্ল'গান দিছিল।
শনিবাৰে সন্ধিয়া লণ্ডনস্থিত ভাৰতীয় উচ্চায়ুক্তৰ সন্মুখত সংঘটিত এই সংঘৰ্ষৰ সময়ত ভাৰতীয় নাগৰিকক প্ৰহাৰ কৰাৰ লগতে ভাৰতৰ বিৰুদ্ধে শ্ল'গানো দিয়ে খালিস্তান নাগৰিকসকলে। প্ৰহাৰ কৰা লোকসকলৰ হাতত আছিল খালিস্তানৰ পতাকা।