/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/03/miss-world.jpg)
ডিজিটেল ডেস্কঃ মিছ ৱৰ্ল্ড-২০২১ ৰ খিতাপ কেৰোলিনা বিলাভস্কাৰ শিৰত। পোলেণ্ডৰ ২৩ বছৰীয়া সুন্দৰী কেৰোলিনা বিলাভস্কাই ৭০ সংখ্যক মিছ ৱৰ্ল্ড প্ৰতিযোগিতাৰ চূড়ান্ত খিতাপ দখল কৰিবলৈ সক্ষম হৈছে। আনহাতে এই প্ৰতিযোগিতাত ভাৰতীয় মূলৰ আমেৰিকান সুন্দৰী শ্ৰী চাইনী ৰানৰ-আপ হয়।
পুয়েৰ্টো ৰিকোৰ চান জুয়ানৰ কোকা-কোলা মিউজিক হলত অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতা ২০১৯ চনৰ মিছ ৱৰ্ল্ড খিতাপ দখলকাৰী টনি এন সিঙে ৰাছিয়া ইউক্ৰেইন সংকটৰ বাবে 'দ্যা প্ৰেয়াৰ' পৰিবেশন কৰে। এই সময়ছোৱাত সকলোৱে মম জ্বলাই শান্তিৰ কামনা কৰে আৰু বেনাৰত শান্তিৰ বাণী লিপিবদ্ধ কৰি ৰাছিয়া আৰু ইউক্ৰেইনলৈ শান্তিৰ বাণী প্ৰেৰণ কৰে। ২০২০ চনত কৰোনাভাইৰাছ মহামাৰীৰ বাবে এই প্ৰতিযোগিতাখন অনুষ্ঠিত কৰাৰ পৰা বিৰত থকাৰ পিছত ১৬ মাৰ্চৰ নিশা (ভাৰতীয় সময়মতে ১৭ মাৰ্চ) পুয়েৰ্টো ৰিকোৰ চান জুয়ানত এই প্ৰতিযোগিতাখন অনুষ্ঠিত হয়।
Miss World 2019 Toni-Ann Singh performs 'The Prayer' for Ukraine during Miss World 2021
Read @ANI Story | https://t.co/gShWrxZxlb#MissWorld pic.twitter.com/a3zg1nT03Z
— ANI Digital (@ani_digital) March 17, 2022
উল্লেখ্য যে প্ৰতিযোগিতাৰ দ্বিতীয় ৰানৰ-আপ শ্ৰী চাইনী পঞ্জাৱৰ লুধিয়ানাৰ বাসিন্দা আছিল। তেওঁৰ বয়স ৫ বছৰ হোৱাৰ সময়তে পৰিয়ালসহ ৱাশ্বিংটন ডিচিলৈ স্থানান্তৰিত হৈছিল। মাত্ৰ ১২ বছৰ বয়সতে শ্ৰী চাইনীৰ দেহত পেচমেকাৰ সংৰূপণ কৰিবলগীয়া হৈছিল।
ইয়াৰ উপৰিও শ্ৰী চাইনীৰ এক দুৰ্ঘটনাত মুখমণ্ডলত জ্বলি গৈছিল। কিন্তু প্ৰচণ্ড মানসিক শক্তিৰ অধিকাৰী চাইনীয়ে এই সকলো প্ৰতিবন্ধকতা দূৰ কৰিবলৈ সক্ষম হৈছিল। নিজৰ অদম্য ইচ্ছা শক্তিৰ বাবে শ্ৰী চাইনী বিশ্ব সুন্দৰীৰ প্ৰতিযোগিতাত উজলি উঠিবলৈ সক্ষম হৈছে।
উল্লেখ্য যে প্ৰতিযোগিতাখনত ভাৰতৰ মানসা বাৰণাসীয়ে বাৰতক প্ৰতিনিধিত্ব কৰিছিল। তেওঁ শীৰ্ষ ১৩ প্ৰতিযোগিৰ ভিতৰত স্থান লাভকৰে। ইফালে ভাৰতে এই প্ৰতিযোগিতাত শেষ বাৰৰ বাবে ২০১৭ চনত খিতাপ দখল কৰিবলৈ সক্ষম হৈছিল। ২০১৭ চনত মিছ ৱৰ্ল্ড খিতাপ লাভ কৰিছিল ভাৰতৰ মানুষী ছিল্লাৰে।