বাৰ্মিংহামত ট্ৰিপলজাম্পত ভাৰতে জয় কৰিলে সোণ আৰু ৰূপৰ পদক…

বাৰ্মিংহামত ট্ৰিপলজাম্পত ভাৰতে জয় কৰিলে সোণ আৰু ৰূপৰ পদক…

author-image
asomiyapratidin
New Update
বাৰ্মিংহামত ট্ৰিপলজাম্পত ভাৰতে জয় কৰিলে সোণ আৰু ৰূপৰ পদক…

ডিজিটেল ডেস্কঃ কমনৱেলথ গেমছত ইতিহাস সৃষ্টি কৰিলে ভাৰতীয় এথলিটে। একেটা ইভেণ্টত দুজনকৈ ভাৰতীয় খেলুৱৈয়ে লাভ কৰিলে দুটাকৈ পদক। প্ৰতিযোগিটাৰ ট্ৰিপল জাম্পত ভাৰতৰ এলধোজ পলে লাভ কৰিলে স্বৰ্ণপদক। আনহাতে আন এগৰাকী ভাৰতীয় খেলুৱৈ আব্দুলা আবুবাকেৰে লাভ কৰিলে ৰূপৰ পদক।

ইয়াৰ লগে লগে চলিত প্ৰতিযোগিতাখনত ভাৰতৰ স্বৰ্ণ পদকৰ সংখ্যা বৃদ্ধি পালে ১৬ টালৈ। আনহাতে ভাৰতৰ মুঠ পদকৰ সংখ্যা হ'লগৈ ৪৫ টা। ইয়াৰ ভিতৰত ১২ টা আৰু ১৭ টা ব্ৰঞ্জৰ পদকো আছে। পদক তালিকাৰ পঞ্চম স্থানত থকা ভাৰতৰ পদকৰ সংখ্যা আৰু বৃদ্ধি হোৱাটো নিশ্চিত। কিয়নো এতিয়াও কেইবাটাও ইভেণ্টত ভাৰতে পদক লাভ কৰাটো নিশ্চিত হৈ আছে।