ৰানাতুংগাক উচিত প্ৰত্যুত্তৰ ভাৰতীয় দলৰ..

ৰানাতুংগাক উচিত প্ৰত্যুত্তৰ ভাৰতীয় দলৰ..

author-image
asomiyapratidin
New Update
ৰানাতুংগাক উচিত প্ৰত্যুত্তৰ ভাৰতীয় দলৰ..

ডিজিটেল ডেস্কঃ প্ৰাক্তন শ্ৰীলংকান ক্ৰিকেটাৰ ৰানাতুংগাক যোগ্য প্ৰত্যুত্তৰ শিখৰ ধাৱান নেতৃত্বাধীন ভাৰতীয় ক্ৰিকেট দলৰ। বিচিচিআইয়ে দেশখনলৈ দুৰ্বল দল প্ৰেৰণ কৰিছে বুলি অভিযোগ তোলা ৰানাতুংগাক ভাৰতীয় দলটোৱে নিজৰ প্ৰদৰ্শনৰ জৰিয়তেই উত্তৰ প্ৰদান কৰিলে। এদিনীয়া শৃংখলাৰ প্ৰথমখন মেচতেই ভাৰতীয় দলটোৱে অনায়াসে বিজয় সাব্যস্ত কৰিলে।

Advertisment

মেচখনৰ টছত জয়লাভ কৰি প্ৰথমে বেটিং কৰা শ্ৰীলংকাই ভাৰতৰ সন্মুখত ২৬৩ ৰানৰ স্ক'ৰ থিয় কৰাই। নৱাগত খেলুৱৈৰে গঠিত ভাৰতীয় দলটোৰ বাবে এই লক্ষ্য ইমান কঠিন নাছিল যদিও বৰ বেছি সহজো নাছিল। নিৰ্ধাৰিত লক্ষ্য আগত লৈ ভাৰতীয় দলটোৱে মাত্ৰ ৩৬.৪ অভাৰতে ৩ উইকেট হেৰুৱাই বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হয়।

ভাৰতীয় দলটোৰ হৈ অপেনিং কৰিবলৈ অহা পৃথিৱী শ্ব'ৱে প্ৰথমৰে পৰা আক্ৰমনাত্মক ৰূপ ধাৰণ কৰে। আনহাতে এদিনীয়া ক্ৰিকেটত আত্মপ্ৰকাশ কৰা ঈশান কিষানে নিজৰ আত্মপ্ৰকাশৰ মেচতে অৰ্জন কৰে অৰ্ধশতক। ইয়াৰ লগে লগে ঈশান কিষাণ হৈ পৰে এদিনীয়া আৰু টি-২০ ক্ৰিকেটৰ আত্মপ্ৰকাশ মেচতে অৰ্ধশতক অৰ্জন কৰা প্ৰথমগৰাকী ক্ৰিকেটাৰ। ইফালে অধিনায়ক শিখৰ ধাৱেনে ৯৫ টা বলত সংগ্ৰহ কৰে ৮৬ ৰান।

ৰাহুল দ্ৰাবিড়ক মুখ্যপ্ৰশিক্ষক হিচাপে লৈ শ্ৰীলংকা ভ্ৰমণলৈ যোৱা ভাৰতীয় দলটোৰ প্ৰায়বোৰ ক্ৰিকেটাৰেই নৱাগত।অৱশ্যে দলটোৰ ১৪ জন ক্ৰিকেটাৰে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ইতিমধ্যে আত্মপ্ৰকাশ কৰিছে। গুৰুত্বপূৰ্ণ কথাটো হ'ল ভাৰতে একেসময়তে দুখন দেশলৈ পঠিয়াইছে দুটা দল। বিৰাট কোহলিৰ নেতৃত্বত এটা দলে ইংলেণ্ড ভ্ৰমণ কৰিছে আনহাতে শিখৰ ধাৱানৰ নেতৃত্বত এটা দলে শ্ৰীলংকা ভ্ৰমণ কৰিছে।