৩০ এপ্ৰিললৈ আন্তৰ্জাতিক বিমান সেৱা বন্ধ ৰখাৰ সিদ্ধান্ত

৩০ এপ্ৰিললৈ আন্তৰ্জাতিক বিমান সেৱা বন্ধ ৰখাৰ সিদ্ধান্ত

author-image
asomiyapratidin
New Update
৩০ এপ্ৰিললৈ আন্তৰ্জাতিক বিমান সেৱা বন্ধ ৰখাৰ সিদ্ধান্ত

ডিজিটেল ডেস্কঃ দেশত মহামাৰী কোৰোনাই পুনৰ সংহাৰীৰূপ ধাৰণ কৰিছে। সংক্ৰমণ নিয়ন্ত্ৰণ কৰাৰ বাবে চৰকাৰে পুনৰ সাৱধানতামূলক ব্যৱস্থা গ্ৰহণ কৰা আৰম্ভ কৰিছে। সেয়েহে আন্তৰ্জাতিক বিমান সেৱা বন্ধ ৰখাৰ সিদ্ধান্ত  ৩০ এপ্ৰিল ২০২১ লৈকে বৃদ্ধি কৰিছে।

অৱশ্যে, অসামৰিক বিমান পৰিচালনা সঞ্চালকালয় (ডিজিচিএ) জনায় যে, প্ৰয়োজন হ'লে সংশ্লিষ্ট কৰ্তৃপক্ষৰ অনুমোদনৰ পিছত কেইটামান আন্তৰ্জাতিক পথত বিমান সেৱা কৰিব পাৰিব। জানিব পৰা মতে, ভাৰত অভিযানৰ অধীনত আমেৰিকা যুক্তৰাজ্য, জাৰ্মানী আৰু ফ্ৰান্সকে ধৰি ২৭ খন দেশৰ সৈতে আৰম্ভ কৰা 'বাবল ইণ্ডিয়া ভ্ৰমণ' অব্যাহত থাকিব যদিও যাত্ৰীসকলে চৰকাৰী নিৰ্দেশনা অনুসৰিহে বিমানেৰে ভ্ৰমণ কৰিব পাৰিব।