উপ-ৰাষ্ট্ৰপতিৰ অৰুণাচলপ্ৰদেশ ভ্ৰমণক লৈ চীনৰ আপত্তিৰ সন্দৰ্ভত কি ক’লে বিদেশ মন্ত্ৰণালয়ে…

উপ-ৰাষ্ট্ৰপতিৰ অৰুণাচলপ্ৰদেশ ভ্ৰমণক লৈ চীনৰ আপত্তিৰ সন্দৰ্ভত কি ক’লে বিদেশ মন্ত্ৰণালয়ে…

author-image
asomiyapratidin
New Update
উপ-ৰাষ্ট্ৰপতিৰ অৰুণাচলপ্ৰদেশ ভ্ৰমণক লৈ চীনৰ আপত্তিৰ সন্দৰ্ভত কি ক’লে বিদেশ মন্ত্ৰণালয়ে…

ডিজিটেল ডেস্কঃ উপ ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৱে শেহতীয়াকৈ কৰা অৰুণাচলপ্ৰদেশ ভ্ৰমণৰ পাছত চীনে কৰা আপত্তিক বুধবাৰে খাৰিজ কৰি ভাৰত চৰকাৰে কয় যে- অৰুণাচলপ্ৰদেশ ভাৰতৰ অটুট আৰু অভিন্ন অংগ। বিদেশ মন্ত্ৰণালয়ৰ প্ৰবক্তা অৰিন্দম বাগচীয়ে কয় যে- ভাৰতীয় নেতাসকলে দেশৰ কোনো ৰাজ্যত ভ্ৰমণ কৰাত চীনৰ আপত্তি দৰ্শোৱা কোনো কাৰণ থাকিব নোৱাৰে। অৰুণাচলপ্ৰদেশ ভাৰতৰ অভিন্ন অংগ।

Advertisment

বিদেশ মন্ত্ৰণালয়ৰ প্ৰবক্তা গৰাকীক উপ ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৱে অৰুণাচলপ্ৰদেশ ভ্ৰমণৰ পাছত চীনৰ বিদেশ মন্ত্ৰণালয়ে আপত্তি দৰ্শোৱাৰ সন্দৰ্ভত সাংবাদিকে প্ৰশ্ন কৰাত উত্তৰ দি কয়- ভাৰতীয় নেতাসকলে নিয়মীয়াকৈ অৰুণাচলপ্ৰদেশলৈ গৈ থাকে, যেনেদৰে দেশৰ অন্য ৰাজ্যসমূহলৈ যায়। আৰু ইয়াক লৈ চীনে কিয় আপত্তি কৰিছে ভাৰতে বুজিব পৰা নাই।