/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/03/ind-vs-bng.jpg)
ডিজিটেল ডেস্কঃ আই চি চি মহিলা বিশ্বকাপত ভাৰতৰ তৃতীয় বিজয়। মঙ্গলবাৰে বাংলাদেশৰ লগত অনুষ্ঠিত হোৱা এখন মেচত ভাৰতীয় দলটোৱে বাংলাদেশক ১১০ ৰাণত পৰাস্ত কৰে ভাৰতে। মেচখনৰ আৰম্ভণিতে ভাৰতে টছত জয় লাভ কৰি বেটিং কৰাৰ সিদ্ধান্ত লয়।
উল্লেখ্য যে, বৰ্তমানলৈকে ভাৰতীয় মহিলা দলটোৱে ৬ খন মেচ খেলি ৩ খনত জয় লাভ কৰাৰ লগতে ৩ খনত পৰাস্ত হৈছে। হেমিল্টনত অনুষ্ঠিত হোৱা মেচখনেই আছিল বিশ্বকাপত ভাৰত আৰু বাংলাদেশৰ মহিলা দল দুটাৰ প্ৰথমখন মেচ।
টছত জয়ী হৈ ভাৰতীয় দলটোৱে প্ৰথমে বেটিং কৰি বাংলাদেশৰ সন্মুখত ২৩০ ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিয়ে। এই লক্ষ্য অনুসৰণ কৰি বাংলাদেশে ১০ টা উইকেট হেৰুৱাই মাত্ৰ ১১৯ ৰাণ হে সংগ্ৰহ কৰিবলৈ সক্ষম হয়।মেচখনত ভাৰতৰ যশীকা ভাটিয়াক মেন অফ দ্যা মেচৰ বঁটা প্ৰদান কৰা হয়।
মেচখনত ভাৰতীয় দলটোৰ এই বিজয়ৰ লগে লগে ভাৰতে ৬ পইণ্ট অৰ্জন কৰি মহিলা বিশ্বকাপৰ পইণ্ট টেবুলত তৃতীয় স্থানত উপনীত হৈছে। ২৭ মাৰ্চত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অনুষ্ঠিত হ'বলগীয়া মেচখনত জয় লাভ কৰিলেই ভাৰতীয় দলটোৱে ছেমি ফাইনেল খেলাৰ সুযোগ লাভ কৰিব।
𝐁𝐢𝐠 𝐰𝐢𝐧 𝐟𝐨𝐫 𝐈𝐧𝐝𝐢𝐚#TeamIndia bowlers have been fantastic tonight. They have bowled out Bangladesh for 119 to register a convincing 110 runs victory. #CWC22 | #INDvBAN
Details▶️ https://t.co/ZOTtBWYhWG pic.twitter.com/OX52iquPQC
— BCCI Women (@BCCIWomen) March 22, 2022