আই বি এমত এ আইৰ বাবে মানৱ সম্পদ বিভাগৰ ৮০০০ কৰ্মচাৰীয়ে হেৰুৱালে চাকৰি

আই বি এম-এ তেওঁলোকৰ প্ৰায় ৮ হাজাৰ কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰিছে। জানিব পৰা মতে চাকৰি কৰ্তন হোৱা বেছিভাগ কৰ্মচাৰীয়েই কোম্পানীটোৰ মানৱ সম্পদ (এইচ আৰ) বিভাগৰ।

author-image
Tushar Pratim
New Update
আই বি এমত এ আইৰ বাবে মানৱ সম্পদ বিভাগৰ  ৮০০০ কৰ্মচাৰীয়ে হেৰুৱালে চাকৰি

ডিজিটেল ডেস্কঃ আই বি এম-এ তেওঁলোকৰ প্ৰায় ৮ হাজাৰ কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰিছে। জানিব পৰা মতে চাকৰি কৰ্তন হোৱা বেছিভাগ কৰ্মচাৰীয়েই কোম্পানীটোৰ মানৱ সম্পদ (এইচ আৰ) বিভাগৰ। আই বি এমে শেহতীয়াকৈ ২০০ এইছ আৰৰ ভূমিকাৰ স্থানত এ আই এজেণ্টৰ অন্তৰ্ভুক্তিৰ পিছতে এই সিদ্ধান্ত কাৰ্যকৰী কৰিছে। এই এ আই এজেণ্টসমূহে এতিয়া পূৰ্বে কৰ্মচাৰীসকলে কৰি অহা কামসমূহ কৰিব। 

Advertisment

উল্লেখ্য যে, চলিত মাহৰ আৰম্ভণিতে আই বি এমে মুঠ ২০০ টা এইছ আৰ পদৰ স্থানত এ আই এজেণ্টৰ ব্যৱস্থা কৰিব বুলি প্ৰকাশ পাইছিল। কোম্পানীটোত এতিয়া এনে ছফটৱেৰ প্ৰগ্ৰেম আছে যিয়ে তথ্য সজাই পৰাই তোলা, কৰ্মচাৰীৰ প্ৰশ্নৰ উত্তৰ দিয়া বা আভ্যন্তৰীণ কাগজ-পত্ৰ প্ৰক্ৰিয়াকৰণৰ দৰে কাম কৰিব পাৰে। যিবোৰ পূৰ্বে কৰ্মচাৰীয়ে কৰি আহিছিল। 

এই এ আই এজেণ্টবোৰ পুনৰাবৃত্তিমূলক কামবোৰ চম্ভালিব পৰাকৈ ডিজাইন কৰা হৈছে যিবোৰৰ বাবে মানুহৰ বিশেষ প্ৰয়োজন নহ’ব। আই বি এমৰ চি ই অ’ অৰবিন্দ কৃষ্ণই শেহতীয়াকৈ এক সাক্ষাৎকাৰত এই পৰিৱৰ্তনৰ ইংগিত দিছিল। 

তেওঁ বুজাই দিছিল কিছুমান উদ্যোগ প্ৰক্ৰিয়া সুশৃংখলিত কৰিবলৈ আৰু দলসমূহক অধিক কাৰ্যক্ষম কৰি তুলিবলৈ এ আই আৰু অটোমেচন ব্যৱহাৰ কৰা হৈছে। সেই সময়ত তেওঁ কৈছিল যে আই বি এমৰ মুঠ কৰ্মচাৰীৰ সংখ্যা বৃদ্ধি পাইছে। অটোমেচনৰ পৰা সঞ্চয় কৰা ধন কোম্পানীটোৱে ব্যৱসায়ৰ অন্যান্য অংশ যেনে ছফটৱেৰ ডেভেলপমেণ্ট, মাৰ্কেটিং, আৰু বিক্ৰীত বিনিয়োগ কৰা হৈছিল।

অৱশ্যে আই বি এম-এ দাবী কৰিছে যে এ আইৰ বাবে সকলো দিশতেই চাকৰি সংকুচিত হোৱা নাই। যিবোৰ কামত সৃষ্টিশীলতা, কৌশলগত চিন্তাধাৰা বা শক্তিশালী মানুহৰ দক্ষতাৰ প্ৰয়োজন হয়, যেনে বিপণন বা ছফটৱেৰ ডেভেলপমেণ্টৰ কাম, সেইবোৰত এতিয়াও চাহিদা আছে। 

কিন্তু যিবোৰ ভূমিকাত ৰুটিন, পুনৰাবৃত্তিমূলক কাম জড়িত থাকে, বিশেষকৈ বেক-অফিচৰ কামত, সেইবোৰৰ কৰ্মচাৰী হ্ৰাস কৰা হৈছে। এইসমূহ কাম এ আই এজেণ্টে পৰিচালনা কৰিব। ইফালে আই বি এমৰ মুখ্য মানৱ সম্পদ বিষয়া নিকল লাম’ৰেক্সে কয় যে এ আই ব্যৱহাৰৰ অৰ্থ এইটো নহয় যে সকলো চাকৰি নোহোৱা হৈ যাব।

স্মৰ্তব্য, কেৱল আই বি এমেই নহয়, বিশ্বৰ বহু কোম্পানীয়ে তেওঁলোকৰ কামবোৰ স্বয়ংক্ৰিয় কৰাৰ লগতে খৰচ কমোৱাৰ বাবে এ আই প্ৰযুক্তিৰ ব্যৱহাৰ সন্দৰ্ভত পৰীক্ষা-নিৰীক্ষা কৰি আছে। 

এ আই প্ৰযুক্তি