/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/11/baiden.jpg)
ডিজিটেল ডেস্কঃ আমেৰিকাৰ ৰাষ্ট্ৰপতি পদৰ ডেমক্ৰেটিক পাৰ্টিৰ প্ৰাৰ্থী জো ৱাইডেনে কয় যে যদি তেওঁ নিৰ্বাচিত হয় তেতিয়া তেওঁ নিজৰ কাৰ্যকালৰ প্ৰথম বছৰতে পৃথিৱীত বৃদ্ধি হোৱা অধিপত্যবাদৰ সতে মোকাবিলা কৰিবৰ বাবে লোকতন্ত্ৰ এক প্ৰাথমিক সন্মিলন অনুষ্ঠিত কৰিব। তেওঁ লগতে নিৰ্বাচন সুৰক্ষা তথা মানৱধিকাৰৰ বিষয়ত গুৰুত্ব প্ৰদান কৰিব বুলিও মন্তব্য কৰিছে।
ৱাইডেনে ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ ওপৰত পৃথিৱীৰ প্ৰত্যেক নিৰংকুশ শাসকক সতে মিতিৰালি কৰাৰ অভিযোগ উত্থাপন কৰি তেওঁ কয় যে ইয়াৰ ফলত আমেৰিকাৰ নিৰ্ভৰযোগ্যতা হ্ৰাস পাইছে।পূৰ্ব উপ ৰাষ্ট্ৰপতিয়ে দেওবাৰে এক ভিডিঅ কনফাৰেন্স যোগে কয় যে, এটা বস্তুয়ে তেওঁলোকক বহুত বেয়াকৈ আঘাট কৰিছে, সেইটো হৈছে ৰাষ্ট্ৰপতিয়ে পৃথিৱীৰ সকলো ঠগ আৰু নিৰংকুশ শাসকক লগত বন্ধুত্ব কৰিছে আৰু ইয়াৰ ফলত দেশৰ যথেষ্ট ক্ষতি হৈছে।