/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/05/86dda897-f17a-4db2-9335-da591cb2fb54.jpg)
ডিজিটেল ডেস্কঃ সমগ্ৰ বিশ্বতেই এতিয়া কোৰোনা ভাইৰাছত লাখ লাখ আক্ৰান্ত হৈছে আৰু হাজাৰ হাজাৰ লোকে হেৰুৱাইছে প্ৰাণ। ভাৰততো প্ৰতিদিনাই এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে। কোভিড-১৯ৰ বিৰুদ্ধে বৰ্তমান সময়ত দেশত লকডাউনেই একমাত্ৰ পথ হিচাপে গ্ৰহণ কৰা হৈছে। আৰু চৰকাৰৰ লগতে সমগ্ৰ দেশবাসীয়েই যুঁজ দিছে এই ভাইৰাছৰ বিৰুদ্ধে।
ভাৰতত কোৰোনা বিৰোধী যুঁজত জয়ী হ'বলৈ সক্ৰিয় ভূমিকা পালন কৰিছে চৰকাৰে। তদুপৰি, বলিউডেও ইতিমধ্যে বিশেষ অৱদান আগবঢ়াইছে এই সন্দৰ্ভত। পূৰ্বে কেইবাজনো বলিউডৰ তাৰকা, ক্ৰিকেটাৰে কোৰোনা ভাইৰাছৰ বিৰুদ্ধে বৃহৎ পৰিমানৰ ধন দান দিছে। আৰু এইবাৰ এক অনলাইন অনুষ্ঠানৰ আয়োজন কৰি কোৰোনা ভাইৰাছৰ বিৰুদ্ধে যুঁজিবলৈ পুঁজি সংগ্ৰহৰ বাবে বলিউডৰ বহু প্ৰতিষ্ঠিত শিল্পী আগবাঢ়ি আহিছে। এই পদক্ষেপত সহযাত্ৰী হৈছে বলিউড, ক্ৰিকেট, হলিউডকে ধৰি বিভিন্ন ক্ষেত্ৰৰ ১০০গৰাকী তাৰকাই।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/05/cbb81e28-6dbd-4ab8-90bb-a6966a42cf0e-1024x1024.jpg)
অহা ৩ মে'ৰ আৱেলি ৭.৩০ বজাত ফেচবুকত আই ফৰ ইণ্ডিয়া (I for India)অনুষ্ঠানটি আয়োজন কৰা হ'ব। এই অনুষ্ঠানত ১০০ গৰাকী তাৰকাই একেলগে এটা সংগীত পৰিবেশন কৰিব আৰু সকলোকে মনোৰঞ্জন দিব। লগতে কোৰোনা ভাইৰাছৰ বিৰুদ্ধে যুঁজ দিবলৈ সংগ্ৰহ কৰিব পুঁজি। উল্লেখ্য যে, এই অনুষ্ঠানটি চাব পাৰিব www.facebook.com/Facebookindiappত ।
ইফালে এই অনুষ্ঠানটিত অংশগ্ৰহণ কৰিব ক্ৰমে- এ আৰ ৰহমান, আমিৰ খান, অভিষেক বচ্চন, আদিত্য ৰয় কাপুৰ, ঐশ্চৰ্য্য ৰায় বচ্চন, অজয় দেৱগন, অক্ষয় কুমাৰ, আলিয়া ভট, অমন আলী বাংঘোছ, আয়ান আলী, উস্তাদ আমজাদ আলী খান, অনিল কাপুৰ, অংকুৰ তিৱাৰী, অনুষ্কা শংকৰ, অনুষ্কা শৰ্মা, অৰ্জিৎ সিং, অৰ্জুন কাপুৰ, আয়ুষ্মান খুৰানা, বি প্ৰাক, বাদশ্বাহ, ভূমি পাদনাকৰ, ব্ৰায়েন এদমছ, দিয়া মিৰ্জা, দিলজিৎ ডোছাঞ্জ, ডিভাইন, দুলকুৱেৰ ছলমান, ফাৰাহ খান, ফাৰহান আখতাৰ, গুলজাৰ, হৰিহৰণ, হৰ্ষদীপ কৌৰ, হৃত্বিক ৰোচন, জেক ব্লেক, জাৱেদ আখতাৰ, জেয় ছন, জ' জোনাছ, কপিল শৰ্মা, কৰণ যোহৰ, কৰিণা কাপুৰ খান, কাৰ্তিক আৰিয়ান, কেটি বছৱৰ্থ, কেটৰিনা কাইফ, কেভিন জনাছ, কিৰণ ৰাও, কুশা কপিলা, লিলী সিং, লিজা মিশ্ৰা, মাধুৰী, দীক্ষিত, মামে খান, মিক জাগৰ, মিণ্ডী কলিং, নলন্দাৱে' ফাউণ্ডেশ্যন, নিক জ'নাছ, পাপন, পৰিণতি চোপ্ৰা, প্ৰিতম, প্ৰিয়ংকা চোপ্ৰা, ৰাজা কুমাৰী, ৰামা দগ্গুৱতী, ৰাণী মুখাৰ্জী, ৰণবীৰ সিং, ৰেখা ভৰদ্বাজ, ৰোহিত শৰ্মা, ৰাছেল পিটাৰছ, ছেইফ আলী খান, ছানিয়া মিৰ্জা, শ্বাবানা আজমি, শ্বাহৰুখ খান, শ্বাহিন ভট, শংকৰ এহছান লয়, শ্বামক দাৱৰ, শ্ৰেয়া ঘোষাল, শ্ৰুতি হাছান, সিদ্ধাৰ্থ মলহোত্ৰা, ছনু এণ্ড নিৱান নিগম, ছোফিয়া টাৰ্ণাৰ, সুনিধি চৌহান, দ্য শ্বিলং চেম্পাৰ চইৰ, টাইগাৰ শ্ৰফ, টুইংকল খান্না, বৰুণ ধৱন, বিকী কৌশল, বিদ্যা বালন, বিৰাট কোহলী, বিশাল ভৰদ্বাজ, উইল স্মিথ, উস্তাদ জাকিৰ হুছেইন, জয়া আখতাৰ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/05/dcee6b0a-e977-46a3-a6f8-d11c4bcd648a.jpg)
উল্লেখযোগ্য যে, এই অনুষ্ঠানৰ দ্বাৰা সংগ্ৰহ কৰা পুঁজি 'গীভ ইণ্ডিয়া'ৰ ইণ্ডিয়া কোভিড ৰেছপনছ ফাণ্ড (India COVID Response Fund)ত জমা কৰা হ'ব। আই ফৰ ইণ্ডিয়া কনছাৰ্টৰ বিশেষকৈ তিনিটা উদ্দেশ্য সন্মুখত ৰাখি অনুষ্ঠিত কৰা হ'ব। লকডাউনৰ সময়ত ঘৰতে আৱদ্ধ হৈ থকা লোকসকলক মনোৰঞ্জন প্ৰদান কৰা, অত্যাৱশ্যকীয় সেৱাৰে জড়িত লোকসকলক উৎসাহ প্ৰদান আৰু কোৰোনা ভাইৰাছ বিৰোধী এই যুঁজৰ বাবে ধন সংগ্ৰহ কৰা।