কিয় বেসুৰা গান গাব? হিৰ’ আলমক আটক কৰিলে আৰক্ষীয়ে…

কিয় বেসুৰা গান গাব? হিৰ’ আলমক আটক কৰিলে আৰক্ষীয়ে…

author-image
asomiyapratidin
New Update
কিয় বেসুৰা গান গাব? হিৰ’ আলমক আটক কৰিলে আৰক্ষীয়ে…

ডিজিটেল ডেস্কঃ কিয় বেসুৰা গান গাব ! হিৰ' আলমক আট কৰিলে আৰক্ষীয়ে। বেসুৰা গান গাই মানুহক মানসিক অশান্তি দিয়াৰ বাবেই বাংলাদেশ আৰক্ষীয়ে আটক কৰিছে হিৰ' আলমক। হিৰ' আলমৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ পিছতে আৰক্ষীয়ে তেওঁক আটক কৰিছিল।

Advertisment

এই ঘটনা এটা সপ্তাহৰ পূৰ্বৰ। হিৰ' আলমে জনোৱা অনুসৰি আৰক্ষীয়ে তেওঁক পুৱা ৬ বজাত আটক কৰে আৰু থানালৈ লৈ যায়। প্ৰায় ৮ ঘণ্টা ধৰি তেওঁক থানাত বহোৱাই ৰাখে আৰক্ষীয়ে। ইয়াৰ মাজতে তেওঁক কিয় ৰবীন্দ্ৰ সংগীত আৰু নজৰুলৰ গীত বেসুৰাকৈ গাই সেই বিষয়ে প্ৰশ্ন কৰিছিল।

ইফালে এই ঘটনা সন্দৰ্ভত আৰক্ষী বিষয়া হৰুণ উৰ ৰছিদে জনাইছে যে, হিৰ' আলমে অনুমতি অবিহনে আনৰ গান গোৱা আৰু অনুমতি অবিহনে আৰক্ষীৰ পোচাক পৰিধান কৰা সন্দৰ্ভত এক গোচৰ ৰুজু হৈছিল। আলমে পৰম্পৰাগত গীতৰ শৈলী সম্পূৰ্ণৰূপে সলনি কৰিছিল।

আৰক্ষীয়ে আটক কৰাৰ পিছতে তেওঁ পুনৰবাৰ সেই ভুল নকৰে বুলি লিখিত প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। অৱশ্যে হিৰ' আলমক আৰক্ষীয়ে আটক কৰা বিষয়টোক সহজ ভাৱে লোৱা নাই নেটিজেনসকলে। তেওঁলোকে আৰক্ষীক সমালোচনা কৰিছে। আলমেগান গোৱাটো তেওঁৰ ব্যক্তিগত অধিকাৰ বুলিও মন্তব্য কৰিছে।