কমনৱেলথ গেমছ- ভাৰত্তোলনত ভাৰতৰ দ্বিতীয়টো পদক…

কমনৱেলথ গেমছ- ভাৰত্তোলনত ভাৰতৰ দ্বিতীয়টো পদক…

author-image
asomiyapratidin
New Update
কমনৱেলথ গেমছ- ভাৰত্তোলনত ভাৰতৰ দ্বিতীয়টো পদক…

ডিজিটেল ডেস্কঃ বাৰ্মিংহামৰ পৰা পুনৰ আহিল আন এক ভাল খবৰ। ভাৰত্তোলনত ভাৰতে লাভ কৰিলে আন এক পদক। প্ৰতিযোগিতাখনৰ ৬১ কেজি শাখাত ভাৰতৰ গুৰুৰাজ পুজাৰীয়ে লাভ কৰিছে ব্ৰঞ্জৰ পদক। তেওঁ সৰ্বমুঠ ২৬৯ কেজি ডাঙি এই পদক লাভ কৰিছে।

Advertisment

ইয়াৰ পূৰ্বে ভাৰতে ভাৰত্তোলনতে লাভ কৰিছিল প্ৰথমটো ৰূপৰ পদক। সংকেত মহাদেৱ সৰগৰে লভাৰতক দিছিল প্ৰথমটো পদক। আনহাতে ভাৰতীয়ম মিক্সড বেডমিণ্টনৰ দলটোৱেওঁ প্ৰথমে শ্ৰীলংকাক ৪-০ ব্যৱধানত আৰু ইয়াৰ পিছত পাকিস্তানক ৫-০ ব্যৱধানত পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে।