/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/FIFA-WORLD-CUP.jpg)
ডিজিটেল ডেস্কঃ চলিত বছৰৰ শেষত ফুটবল জ্বৰত আক্ৰান্ত হ'ব বিশ্ববাসী। পূৰ্বে ঘোষণা কৰা সূচী অনুসৰি ২১ নৱেম্বৰৰ পৰা এই প্ৰতিযোগিতাখন অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও শেহতীয়াকৈ ফিফাই প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠানৰ সূচীৰ কিছু সালসলনি কৰিছে।
সেই অনুসৰি ২১ নৱেম্বৰৰ পৰিৱৰ্তে ২০ নৱেম্বৰতেই অনুষ্ঠিত হ'ব ফিফাৰ কাটাৰ বিশ্বকাপ। পূৰ্বৰ সূচী অনুসৰি ২১ নৱেম্বৰত ছেনেগাল আৰপ নেডাৰলেণ্ডৰ মাজত অনুষ্ঠিত হোৱাৰ কথা আছিল প্ৰতিযোগিতাৰ উদ্বোধনী মেচ। কিন্তু আয়োজক কাটাৰক উদ্বোধনী মেচত অংশগ্ৰহণৰ সুবিধা প্ৰদানৰ কথা বিবেচনা কৰিয়েই উদ্বোধনী মেচখন ২০ নৱেম্বৰলৈ আগুৱাই আনি কাটাৰ আৰু ইকুৱেডৰ মাজত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
অৱশ্যে ফিফাই প্ৰতিযোগিতাৰ বাবে উদ্বোধনী মেচৰ সূচী সলনি কৰিলেও অন্যান্য মেচসমূহৰ সূচী একেই থাকিব। অন্যান্য মেচসমূহত নহয় কোনো সালসলনি। পূৰ্ব নিৰ্ধাৰিত সময় অনুসৰিয়েই অনুষ্ঠিত হ'ব মেচসমূহ। উল্লেখ্য যে ফিফাৰ ২২ সংখ্যক বিশ্বকাপ প্ৰতিযোগিতাখনত অংশগ্ৰহণৰ বাবে ২১০ দেশে প্ৰচেষ্টা চলাইছিল যদিও ইয়াৰে মাত্ৰ ৩২ খন দেশেহে অংশগ্ৰহণৰ সুযোগ লাভ কৰিব। ইতিমধ্যে ২৯ টা দলে ইয়াৰ বাবে যোগ্যতা অৰ্জন কৰিছে। ২০ নৱেম্বৰৰ পৰা ১৮ ডিচেম্বৰলৈ মুঠ ৬৮ খন মেচ অনুষ্ঠিত হ'ব।