ইউৰো কাপৰ খিতাপ জয় ইংলেণ্ডৰঃ সমগ্ৰ ষ্টেডিয়ামত বাজি উঠিল “চুইট কেৰোলিন”…

ইউৰো কাপৰ খিতাপ জয় ইংলেণ্ডৰঃ সমগ্ৰ ষ্টেডিয়ামত বাজি উঠিল “চুইট কেৰোলিন”…

author-image
asomiyapratidin
New Update
ইউৰো কাপৰ খিতাপ জয় ইংলেণ্ডৰঃ সমগ্ৰ ষ্টেডিয়ামত বাজি উঠিল “চুইট কেৰোলিন”…

ডিজিটেল ডেস্কঃ ইউৰো কাপ (মহিলা)ৰ শ্বাসৰুদ্ধকৰ ফাইনেলত ইংলেণ্ডে পৰাস্ত কৰিলে জাৰ্মানীক| ইউৰো কাপৰ চূড়ান্ত খেলখনত ২-১ ৰ ব্যৱধানত ইংলেণ্ডে জাৰ্মানীক পৰাস্ত কৰি এই খিতাপ দখল কৰিলে।

Advertisment

মেচখনত ইংলেণ্ডৰ হৈ ৬২ মিনিটত প্ৰথমটো গ'ল কৰে এলা টুনে। তাৰ পাচতেই ৭৯ মিনিটত ইংলেণ্ডৰ ডিফেন্স শিবিৰত প্ৰত্যাক্ৰমণ কৰে জাৰ্মানীৰ লিনা মাগুলে | লিনা মাগুলৰ গ'লৰ সহায়ত জাৰ্মানীয়ে সমতা স্থাপন কৰে।

৯০ মিনিটলৈ মেচখন ড্ৰ' হৈ ৰোৱাত অতিৰিক্ত সময় সংযোজন কৰা হয়। খেলখনত অতিৰিক্ত সময়ত গ'ল কৰাৰ সূৱৰ্ণ সুযোগ লাভ কৰে যদিও সেই সুযোগ হেৰোৱাই জাৰ্মানীয়ে।এটা কৰ্ণাৰৰ সুযোগ লাভ কৰিছিল যদিও জাৰ্মানীয়ে সেই কৰ্ণাৰক গ'ললৈ ৰুপা‍ন্তৰ কৰাত ব্যৰ্থ হয়।

ইয়াৰ পাছতে ইংলেণ্ডৰ অতিৰিক্ত খেলুৱৈ ক্লোই কেলীয়ে সোফালৰ পৰা জাৰ্মানীৰ গ'ল পোষ্টলৈ লক্ষ্য কৰি এক শ্বট লয়।এই শ্বট প্ৰতিহত কৰাত ব্যৰ্থ হয় জাৰ্মানীৰ গ'লৰক্ষক। ফলত ইংলেণ্ডে অগ্ৰগতি লাভ কৰে।

ইয়াৰ পিছতে ৰেফাৰীয়ে খেল শেষ হোৱাৰ হুইছেল বজায়।ইংলেণ্ডৰ বিজয়ৰ লগে লগে সমগ্ৰ ষ্টেডিয়াম মুখৰিত হয় বিশ্ববিখ্যাত ইংৰাজী গান চুইট কেৰোলিনৰে | উল্লেখ্য যে, যোৱা বছৰ ৱেম্বলী ষ্টেডিয়ামতে ইংলেণ্ডৰ পুৰুষৰ দলটো পৰাস্ত হৈছিল ইউৰো কাপৰ ফাইনেলত ইটালীৰ হাতত |