কাগজ এখন কিনাৰো ধন নাই ! শ্ৰীলংকাত আৰ্থিক জৰুৰী অৱস্থা ঘোষণা….

কাগজ এখন কিনাৰো ধন নাই ! শ্ৰীলংকাত আৰ্থিক জৰুৰী অৱস্থা ঘোষণা….

author-image
asomiyapratidin
New Update
২৬ জন কেবিনেট মন্ত্ৰীৰ পদত্যাগ: প্ৰতিবাদী সমদলত যোগদান কৰা কৰা ৬০০ ৰো অধিক লোকক গ্ৰেপ্তাৰ…

ডিজিটেল ডেস্কঃ অৰ্থনৈতিক সংকটৰ মাজেৰে দিন পাৰ কৰা শ্ৰীলংকাত ঘোষণা কৰা হৈছে অৰ্তনৈতিক জৰুৰী অৱস্থা। পৰ্বতসম ধাৰাৰ বুজা কঢ়িয়াব নোৱাৰা শ্ৰীলংকাত সৃষ্টি হোৱা অৰ্থনৈতিক জুৰুলা অৱস্থাৰ মাজতে জনসাধাৰণে আকাশলঙ্ঘী মূল্যবৃদ্ধিৰ সন্মুখীন হ'বলগীয়া হৈছে।

Advertisment

এনে পৰিস্থিতিত সাধাৰণ জনতাই দেশখনৰ ৰাষ্ট্ৰপতি আৰু চৰকাৰৰ বিৰুদ্ধে নিৰন্তৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। এনে প্ৰতিবাদৰ মাজতে ৰাষ্ট্ৰপতি গোটাবায়া ৰাজপাক্ষে শ্ৰীলংকাত ঘোষণা কৰিছে অৰ্থনৈতিক জৰুৰীকালীন অৱস্থা। দক্ষিণ কলম্বো, উত্তৰ কলম্বো, চেণ্ট্ৰেল কলম্বো নুগেগৌড়াত কাৰ্ফিউ জাৰী কৰি হৈছে।

ক্লিক কৰি পঢ়কঃ আদালতৰ প্ৰয়োজন নাই নেকি ? কেন্দ্ৰীয় মন্ত্ৰণালয়ে পালন নকৰে ন্যায়ালয়ৰ নিৰ্দেশনা…

১ এপ্ৰিল শনিবাৰৰ পৰা ৰাষ্ট্ৰখনত বাহাল কৰা হৈথে জৰুৰী অৱস্থা। দেশখনত অৱনতি হোৱা অৰ্থনৈতিক পৰিস্থিতিৰ বাবে ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে জনসাধাৰণৰ মাজত ক্ষোভৰ সৃষ্টি হৈছে। যোৱা বৃহস্পতিবাৰে দেশখনৰ জনতাই তেওঁৰ বাসগৃহৰ সন্মুখত এক হিংসাত্মক প্ৰতিবাদ সাব্যস্ত কৰিছিল।

দেশখনৰ প্ৰান্তে প্ৰান্তে ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত আছে। সাধাৰণ ৰাইজ আৰু আৰক্ষীৰ মাজত সংঘৰ্ষৰ সৃষ্টি হৈছে। উত্তেজিত জনতাক নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে লাঠি চালনা কৰাৰ লগতে কন্দুৱে গেছ নিক্ষেপ কৰিছে।

পৰিস্থিতি এনেকুৱা হৈ পৰিছে যে বিদ্যুৎ, পেট্ৰ'ল-ডিজেল আৰু পৰিবহন সেৱাত ব্যাপক প্ৰভাৱ পৰিছে আৰুসাধাৰণ জনতাই ইয়াৰ অভাৱৰ সন্মুখীন হৈছে। শিক্ষাৰ্থীসকলৰ বাবে কাগজ নোহোৱা হৈছে দেশখনত। যাৰ পৰিপ্ৰেক্ষিতত শ্ৰীলংকাত পৰীক্ষা পিছুৱাই দিবলগীয়া হৈছে।