Advertisment

ইলন মাস্কে সাক্ষাৎ কৰিলে মোডীকঃ মোডীয়ে দিলে কিতাপ, ইলন মাস্কেও দিলে বিশেষ উপহাৰ

আমেৰিকা ভ্ৰমণৰ সময়ত স্পেছ এক্সৰ মুৰব্বী ইলন মাস্ককে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সাক্ষাৎ কৰে। এই সাক্ষাতৰ সময়ত ইলন মাস্কে প্ৰধানমন্ত্ৰী মোডীলৈ আগবঢ়াই এক বিশেষ উপহাৰ।

author-image
Asomiya Pratidin
New Update
ইলন মাস্কে সাক্ষাৎ কৰিলে মোডীকঃ মোডীয়ে দিলে কিতাপ, ইলন মাস্কেও দিলে বিশেষ উপহাৰ

ডিজিটেল ডেস্কঃ আমেৰিকা ভ্ৰমণৰ সময়ত স্পেছ এক্সৰ মুৰব্বী ইলন মাস্ককে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সাক্ষাৎ কৰে। এই সাক্ষাতৰ সময়ত ইলন মাস্কে প্ৰধানমন্ত্ৰী মোডীলৈ আগবঢ়াই এক বিশেষ উপহাৰ। এই উপহাৰক লৈ এতিয়া সৃষ্টি হৈছে নানান জল্পনা-কল্পনা। 

Advertisment

খবৰ অনুসৰি ভাৰতীয় প্ৰধানমন্ত্ৰীগৰাকীয়ে ইলন মাস্কৰ পৰা উপহাৰ হিচাপে লাভ কৰিছে বিশ্বৰ আটাইতকৈ ডাঙৰ আৰু শক্তিশালী ৰকেটৰ এটুকুৰা। উপহাৰ দিয়াৰ সময়ৰ এখন ছবিত দেখা গৈছে  স্পেছ ৰেলিকত খোদিত কৰা আছেষ্টাৰশ্বিপ ফ্লাইট টেষ্ট ৫.১৩ অক্টোবৰ, ২০২৪।

খবৰ অনুসৰি এই উপহাৰটো হৈছে হিট শ্বিল্ড টাইলছ। ই ষ্টাৰশ্বিপ ৰকেটৰ অংশ আছিল। এই ষ্টাৰশ্বিপ ৰকেট ইলন মাস্কৰ মালিকানাধীন স্পেছএক্সৰ পঞ্চমটো উৰণ পৰীক্ষাৰ অংশ আছিল।

মাস্কৰ মালিকানাধীন ছচিয়েল মিডিয়া প্লেটফৰ্ম এক্সত কেইবাজনো ব্যৱহাৰকাৰীয়ে নৰেন্দ্ৰ মোডীলৈ ইলন মাস্কে আগবঢ়োৱা উপহাৰক স্পেছ ৰেলিকবুলি অভিহিত কৰিছে। তাৰোপৰি এই উপহাৰক লৈ নানান চৰ্চা চলিছে। উল্লেখ্য যে, স্পেছএক্সৰ পঞ্চমটো উৰণ পৰীক্ষা স্পেচএক্সৰ বাবে আছিল অতি গুৰুত্বপূৰ্ণ।

 

ইফালে এই সাক্ষাতৰ সময়ত প্ৰধানমন্ত্ৰী মোডীয়েও ইলন মাস্কৰ পৰিয়ালক উপহাৰ আগবঢ়াইছে। মোডীয়ে ইলন মাস্কৰ পৰিয়ালক উপহাৰ হিচাপে আগবঢ়াইছে কিতাপৰ টোপোলা। এই কিতাপৰ টোপোলাত আছে ৰবীন্দ্ৰনাথ ঠাকুৰৰ 'দ্য ক্ৰেচেণ্ট মুন', 'দ্য গ্ৰেট আৰ কে নাৰায়ণ কলেকচন' আৰু পণ্ডিত বিষ্ণু শৰ্মাৰ 'পঞ্চতন্ত্ৰৰ সাধু'।

 

নৰেন্দ্ৰ মোডী elon mask