/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/10/pakistan-earthquake-3-copy.jpg)
ডিজিটেল ডেস্কঃ মঙ্গলবাৰে পুৱাই ইণ্ডোনেছিয়াৰ পূব প্ৰদেশৰ উত্তৰ মালুকু অঞ্চলক এক ভূমিকম্পই অনুভূত হয়। ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাবল্য আছিল ৬.০। স্থানীয় সময় অনুসৰি পুৱা ৮-৪৪ বজাত অনুভূত হৈছিল এই কম্পন। এই ভূমিকম্পত কোনো লোক হতাহত হোৱাৰ খবৰ পোৱা নাই। উল্লেখ্য যে বিগত ফেব্ৰুৱাৰী মাহত ইণ্ডোনেছিয়াৰ পশ্চিম সুমাত্ৰা প্ৰদেশত ৬.১ প্ৰাবল্যৰ এক ভূমিকম্পত দহজন লোক নিহত হৈছিল আৰু প্ৰায় ১৩,০০০ লোক স্থানচ্যুত হৈছিল।
ক্লিক কৰি পঢ়কঃ আৰু কিমান বাঢ়িব মূল্য ! ১৫ দিনত ৯ টকাৰো অধিক বৃদ্ধি ইন্ধনৰ মূল্য…