/asomiyapratidin/media/media_files/2025/03/06/o5XLJ5mS1Aw3JyRPVBqr.jpg)
এই কাৰ্যসূচী সামৰি নিজৰ বাহনৰ ফালে আগবঢ়াৰ সময়তে সেই স্থানত সমবেত হৈ থকা একাংশ খালিস্তানী প্ৰতিবাদকাৰীয়ে তেওঁক উদ্দেশ্য বিভিন্ন শ্লোগান দিয়ে আৰু তেওঁৰ দিশে আগবাঢ়ি আহিবলৈয়ো চেষ্টা কৰে। ইয়াৰ ভিডিঅ’ ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।
প্ৰকৃততে কি হৈছিল এছ জয়শংকৰৰ লগত?
উল্লেখ্য যে, ব্ৰিটেইন আৰু আয়াৰলেণ্ড ভ্ৰমণত থকা বৈদেশিক পৰিক্ৰমা মন্ত্ৰী জয়শংকৰে লণ্ডনৰ চাথাম হাউছ থিংক টেংকত ‘‘ভাৰতৰ উত্থান আৰু বিশ্বত ভূমিকা’’ সম্পৰ্কীয় এক অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল। এই অনুষ্ঠানতে তেওঁ কাশ্মীৰৰ প্ৰসংগৰ পৰা আৰম্ভ কৰি পাৰস্পৰিক শুল্ক আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ নীতিৰ ওপৰত মুকলিকৈ মন্তব্য কৰে।
এই অনুষ্ঠান সামৰি ওলাই অহাৰ সময়তে তেওঁ খালিস্তানী প্ৰতিবাদকাৰীৰ সন্মুখীন হয়। তেওঁলোকে খালিস্তানী পতাকা হাতত লৈ বিভিন্ন শ্লোগান দিয়াৰ লগতে তেওঁৰ বাহনখনো আগভেটি ধৰে।
এগৰাকী প্ৰতিবাদকাৰীয়ে প্ৰতিবাদী দলটোৰ পৰা আগুৱাই আহি জয়শংকৰৰ বাহনৰ সন্মুখত থিয় হৈ ভাৰতীয় জাতীয় পতাকাও ফালি পেলায়। অৱশ্যে সেই স্থানত উপস্থিত থকা নিৰাপত্তাৰক্ষীয়ে তেওঁক ধৰি আঁতৰাই নিয়ে।
#WATCH | London, UK | Pro-Khalistan supporters staged a protest outside the venue where EAM Dr S Jaishankar participated in a discussion held by Chatham House pic.twitter.com/ISVMZa3DdT
— ANI (@ANI) March 6, 2025
অনুষ্ঠানত কি কৈছিল ড০ এছ জয়শংকৰে ?
লণ্ডনৰ চাথাম হাউছ থিংক টেংকত আয়োজন কৰা এক কাৰ্যসূচীত জয়শংকৰে কয় যে পাকিস্তানে ভাৰতৰ পৰা যি অংশ (POK) চুৰি কৰি লৈছে, সেই অংশ ঘূৰাই লোৱাৰ অপেক্ষাত আছে। সেই অংশ ভাৰতত পুনৰ যোগ হ’লে জম্মু-কাশ্মীৰত সম্পূৰ্ণ ৰূপে শান্তি প্ৰতিষ্ঠা হ’ব।
এই উপত্যকাৰ শান্তিৰ সূত্ৰ ব্যাখ্যা কৰি তেওঁ কয় , জম্মু-কাশ্মীৰৰ শান্তি পুনৰুদ্ধাৰৰ সমগ্ৰ প্ৰক্ৰিয়াটো তিনিটা পৰ্যায়ত গ্ৰহণ কৰা হৈছিল। প্ৰথম অঞ্চলটোৰ পৰা সংবিধানৰ ৩৭০ অনুচ্ছেদ আঁতৰাই দিয়া হৈছিল। এয়া আছিল প্ৰথম পদক্ষেপ।
বৈদেশিক মন্ত্ৰীগৰাকীয়ে কয় যে, মই ভাবো আমি অপেক্ষা কৰি থকা দিনটো হ’ল পাকিস্তানে অবৈধভাৱে চুৰি কৰা কাশ্মীৰৰ সেই অংশটো ঘূৰি অহা। যেতিয়াই সেই অংশ ঘূৰি আহিব তেতিয়াই কাশ্মীৰ সমস্যা সমাধান হ’ব বুলি আশ্বাস দিছো।