উৎকোচ কাণ্ডত অভিযুক্ত আদানীলৈ সকাহঃ আমেৰিকাৰ পৰা প্ৰত্যাহাৰ কঠোৰ FCP আইন

নৰেন্দ্ৰ মোডীৰ আমেৰিকা ভ্ৰমণৰ পূৰ্বে গৌতম আদানীক ভাল খবৰ দিলে ড’নাল্ড ট্ৰাম্পে। দেশখনৰ শক্তিশালী আইন ‘’ফ’ৰেন কৰাপ্ট, প্ৰেক্টিছ এক্ট’’ প্ৰত্যাহাৰ কৰিলে ট্ৰাম্পে।

author-image
Asomiya Pratidin
New Update
উৎকোচ কাণ্ডত অভিযুক্ত আদানীলৈ সকাহঃ আমেৰিকাৰ পৰা প্ৰত্যাহাৰ কঠোৰ  FCP আইন

ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আমেৰিকা ভ্ৰমণৰ পূৰ্বে তেওঁৰ ঘনিষ্ঠ উদ্যোগী গৌতম আদানীৰ বাবে ভাল খবৰ দিলে মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। দেশখনৰ এক শক্তিশালী আইন ‘’ফ’ৰেন কৰাপ্ট, প্ৰেক্টিছ এক্ট’’ চমুকৈ FCPA প্ৰত্যাহাৰ কৰিলে ট্ৰাম্পে। এই আইনখন প্ৰত্যাহাৰৰ ফলত আটাইতকৈ বেছি সকাহ লাভ কৰিলে গৌতম আদানীয়ে।

Advertisment

উল্লেখ্য যে, উৎকোচ বন্ধ কৰিবলৈ আমেৰিকাত এই কঠোৰ আইনখন ইমানদিনে কাৰ্যকৰী হৈ আহিছিল। এই আইনখন প্ৰত্যাহাৰ  কৰাৰ ফলত বিদেশত বাণিজ্যৰ বাবে উৎকোচ দিয়া ঘটনাক এতিয়াৰে পৰা অপৰাধ হিচাপে গণ্য কৰা নহ’ব। লক্ষ্যণীয়ভাৱে এই আইনৰ আধাৰতে অভিযুক্ত আছিল গৌতম আদানী।

আমেৰিকা যুক্ত ৰাষ্ট্ৰত প্ৰথমবাৰৰ বাবে ১৯৭৭ চনত কাৰ্যকৰী কৰা হৈছিল এফ চি পি এ। এই আইনৰ আধাৰত আমেৰিকাত পঞ্জীয়নকৃত কোনো সংস্থা বা আনো কোনো উদ্দেশ্যত বিদেশী বিষয়াক উৎকোচ দিব নোৱাৰিব। কোনো কাম আদায়ৰ বাবে বা স্বাৰ্থ পূৰণৰ বাবে ধন বা দামী উপহাৰ দিব নোৱাৰিব। 


যদিহে এই আইন কোনোবাই ভংগ কৰে আৰু সেয়া প্ৰমাণিত হয় তেন্তে আইন ভংগকাৰীক আৰ্থিক জৰিমণা বিহাৰ লগতে আমেৰিকাত তেওঁলোকৰ বিচাৰ প্ৰক্ৰিয়া চলোৱা হ’ব আৰু শাস্তি প্ৰদান কৰাৰ নিয়ম নিৰ্ধাৰণ কৰা হৈছিল আইনখনত। এই আইনখনৰ প্ৰথমৰে পৰা বিৰোধিতা কৰি আহিছিল ড’নাল্ড ট্ৰাম্পে। 

ধন কুবেৰ ট্ৰাম্পে প্ৰথমবাৰৰ বাবে ক্ষমতালৈ আহিয়েই এই আইনখন প্ৰত্যাহাৰৰ চেষ্টা চলাইছিল। কিন্তু সেইবাৰ তেওঁ আমেৰিকাৰ পৰা এই আইনখন প্ৰত্যাহাৰ কৰিব নোৱাৰিলে।এইবাৰ দ্বিতীয়বাৰৰ বাবে ক্ষমতালৈ অহাৰ পাছতে তেওঁ এই কঠোৰ আইনখন প্ৰত্যাহাৰ কৰিলে।

লক্ষ্যণীয় বিষয় যে, আইনখন এনে এক সময়ত প্ৰত্যাহাৰ কৰিলে যে, যি সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী আমেৰিকা ভ্ৰমণৰ বাবে দেশ এৰিছে। এই আইনখন প্ৰত্যাহাৰৰ সন্দৰ্ভত ট্ৰাম্প প্ৰশাসনে দাবী কৰিছে যে এই আইনত এনে বহু প্ৰতিবন্ধকতা আছে যিবোৰে দেশৰ স্বাৰ্থতে সমস্যাৰ সৃষ্টি কৰি আহিছে। আনে সহজে বিদেশত কৰিব পৰা কামটো এই আইনৰ বাবেই তেওঁলোকৰ বাবে কৰাটো সম্ভৱ নহয়। এই আইন আমেৰিকা যুক্তৰাষ্ট্ৰৰ কোম্পানীবোৰৰ বাবে ক্ষতিকাৰক।

আইনখনৰ সন্দৰ্ভত ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে কয়, " শুনিবলৈ ভাল লাগিলেও এই আইনখন আমেৰিকাৰ বাবে এক বিপৰ্যয়। এই আইনৰ বাবেই কোনেও আমেৰিকাৰ সৈতে ব্যৱসায় কৰিব নিবিচাৰে। যদি আমেৰিকা যুক্তৰাষ্ট্ৰৰ কোনোবাই বিদেশতো ব্যৱসায় কৰিব বিচাৰে, তেতিয়াও এই আইনৰ আধাৰতে তদন্তও আৰম্ভ কৰিব পাৰি।

এই আইনখন প্ৰত্যাহাৰৰ বাবে এতিয়া গৌতম আদানীয়ে এক বৃহৎ সকাহ লাভ কৰিছে।কিয়নো, এই আইনৰ অধীনতে  আদানীৰ বিৰুদ্ধে আমেৰিকা যুক্তৰাষ্ট্ৰত তদন্ত আৰম্ভ কৰা হৈছিল। তেওঁৰ বিৰুদ্ধে জাৰি কৰা হৈছিল গ্ৰেপ্তাৰী পৰোৱানা।

উল্লেখ্য যে, যোৱা নৱেম্বৰ মাহত গৌতম আদানীৰ মালিকানাধীন আদানী গ্ৰুপৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ উত্থাপন হৈছিল।গৌতম আদানীৰ ভতিজা সাগৰ আৰু তেওঁলোকৰ সহযোগীসকলে আদানী কোম্পানীক ভাৰতৰ বিভিন্ন ৰাজ্যৰ বজাৰতকৈ অধিক মূল্যত সৌৰ শক্তি বিক্ৰী কৰিবলৈ ২,২৩৭ কোটি টকা উৎকোচ দিছিল।

তেওঁলোকে ২০ বছৰৰ বাবে এই প্ৰকল্পটোৰ পৰা প্ৰায় ১৬,৯০০ কোটি টকা লাভ কৰাৰ পৰিকল্পনা কৰিছিল। অভিযোগ অনুসৰি আদানী গ্ৰীনে প্ৰকল্পটোৰ বাবে বণ্ডৰ জৰিয়তে বিনিয়োগকাৰীসকলৰ পৰা প্ৰায় ৬,৩৩৮ কোটি টকা সংগ্ৰহ কৰিছিল। এইটোও দাবী কৰা হৈছিল যে, আমেৰিকান বিনিয়োগকাৰীসকলৰ পৰা এই প্ৰকল্পৰ বাবে ১৭ কোটি ৫০ লাখ ডলাৰ তোলা হৈছিল।

আইন অনুসৰি আদানী গ্ৰুপে যদি আমেৰিকা যুক্তৰাষ্ট্ৰৰ শ্বেয়াৰ বজাৰৰ পৰা ধন সংগ্ৰহ কৰে তেন্তে দেশখনৰ সকলো আইন মানি চলিব লাগিব। যিহেতু আদানী গ্ৰুপৰ বিৰুদ্ধে উ সেইকাৰণে আমেৰিকা যুক্তৰাষ্ট্ৰৰ শ্বেয়াৰ বজাৰ নিয়ন্ত্ৰক চিকিউৰিটিজ এণ্ড এক্সচেঞ্জ কমিছন আৰু ন্যায় বিভাগে আদানি গোটৰ বিৰুদ্ধে উৎকোচৰ অভিযোগ উত্থাপন হয় সেয়ে তেওঁলোকৰ বিৰুদ্ধে আমেৰিকা যুক্তৰাষ্ট্ৰৰ আদালতত মুঠ তিনিটা গোচৰ ৰুজু কৰা হয়।

মন কৰিবলগীয়া বিষয় যে, ড’নাল্ড ট্ৰাম্পে ক্ষমতালৈ অহাৰ পাছ   তে বিভিন্ন দেশৰ সামগ্ৰীৰ ওপৰত অতিৰিক্ত কৰ আৰোপ কৰিছে। ভাৰতৰ সামগ্ৰীৰ ওপৰতো অতিৰিক্ত কৰ আৰোপ কৰাৰ হুংকাৰ দিছিল ট্ৰাম্পে। ইয়াৰ বিপৰীতে ভাৰতে আকৌ আমেৰিকাৰ ২০ বিধ সামগ্ৰীৰ ওপৰত থকা কৰ হ্ৰাস কৰিছে। সেয়ে মোডী চৰকাৰৰ এনে সিদ্ধান্তৰ উপহাৰ দিলে ট্ৰাম্পেও। দেশখনৰ পৰা প্ৰত্যাহাৰ কৰিলে FCPA। ফলত ৰক্ষা পালে নৰেন্দ্ৰ মোডীৰ ঘনিষ্ঠ উদ্যোগপতি গৌতম আদানীও।

 

নৰেন্দ্ৰ মোডী আমেৰিকা যুক্তৰাষ্ট্ৰ গৌতম আদানী ড'নাল্ড ট্ৰাম্প