/asomiyapratidin/media/media_files/2025/05/11/zjuAPESoFjzS8Y0zH6WX.jpg)
ডিজিটেল ডেস্কঃ শনিবাৰে ভাৰত-পাকিস্তানে আমেৰিকাৰ মধ্যস্থতাত যুদ্ধ বিৰতি ঘোষণা কৰাৰ কিছু মুহূৰ্তৰ পাছতে পাকিস্তানে ভংগ কৰিছিল যুদ্ধ বিৰতি। ইয়াকে লৈ পৰিস্থিতি পুনৰ উত্তপ্ত হৈ পৰাৰ পাছত আজি পুৱাই আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে আন এক বাৰ্তা প্ৰেৰণ কৰিছে।
এই বাৰ্তাৰ জৰিয়তে আমেৰিকান ৰাষ্ট্ৰপতিগৰাকীয়ে এক প্ৰকাৰে ভাৰত আৰু পাকিস্তানলৈ পুৰস্কাৰেই ঘোষণা কৰিলে। শুল্ক নীতিৰে বিভিন্ন দেশৰ সৈতে বাণিজ্যিক যুদ্ধত লিপ্ত ট্ৰাম্পে ভাৰত-পাকিস্তানৰ যুদ্ধ বিৰতিক প্ৰশংসা কৰি দুয়োখন দেশৰ সৈতে বাণিজ্য বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিছে। সমান্তৰালকৈ কাশ্মীৰ সমস্যাৰ ওপৰতো কাম কৰাৰ কথা প্ৰকাশ কৰিছে।
ট্ৰাম্পে দেওবাৰে সামাজিক মাধ্যমৰ জৰিয়তে ভাৰত আৰু পাকিস্তানৰ মাজৰ যুদ্ধবিৰতিৰ “বুজাবুজি”ক প্ৰশংসা কৰি কয় যে, এনে আগ্ৰাসনৰ ফলত লাখ লাখ লোকৰ মৃত্যু হোৱাৰ সম্ভাৱনা আছিল। তেওঁ লগতে ভাৰত আৰু পাকিস্তানৰ সৈতে বাণিজ্য বৃদ্ধি কৰাৰ লগতে কাশ্মীৰ সমস্যাৰ সমাধানৰ বাবেও দুয়োখন দেশৰ সৈতে কাম কৰিব বুলিও মন্তব্য কৰিছে।
উল্লেখ্য যে, ড’নাল্ড ট্ৰাম্পে শনিবাৰে সন্ধিয়া ছ’চিয়েল মিডিয়া পোষ্টযোগে ঘোষণা কৰিছিল আমেৰিকাৰ মধ্যস্থতাত হোৱা আলোচনাৰ অন্তত ভাৰত আৰু পাকিস্তান পৰস্পৰে পৰস্পৰৰ বিৰুদ্ধে সামৰিক কাৰ্যকলাপ শেষ কৰিবলৈ যুদ্ধ বিৰতিত সন্মত হৈছে। তাৰ পাছতেই ভাৰত আৰু পাকিস্তানৰ ফালৰ পৰাও যুদ্ধ বিৰতিৰ কথা আনুষ্ঠানিক ভাৱে ঘোষণা কৰে।
ট্ৰাম্পে আজিৰ বাৰ্তাত কয়, 'ভাৰত আৰু পাকিস্তানৰ অদম্যভাৱে শক্তিশালী নেতৃত্বক লৈ মই অতি গৌৰৱান্বিত। তেওঁলোকৰ বৰ্তমানৰ আগ্ৰাসন বন্ধ কৰাৰ সময় আহি পৰাৰ কথা সম্পূৰ্ণ ৰূপে বুজিব পৰাকৈ শক্তি, প্ৰজ্ঞা আৰু ধৈৰ্য্য আছে। এনে আগ্ৰাসনে লাখ লাখ লোকৰ মৃত্যু মাতি আনিলেহয় বুলি কৈ ট্ৰাম্পে এই যুদ্ধ বিৰতিৰ সিদ্ধান্তক ঐতিহাসিক আৰু বীৰত্বপূৰ্ণ বুলিও উল্লেখ কৰিছে।
তেওঁ ভাৰত আৰু পাকিস্তানৰ সৈতে বাণিজ্য বৃদ্ধি কৰাৰ কথা উল্লেখ কৰি হাজাৰ বছৰীয়া কাশ্মীৰ সমস্যাৰ সন্দৰ্ভতো কাম কৰিব বুলি প্ৰকাশ কৰিছে। উল্লেখ্য যে, ভাৰত আৰু পাকিস্তানে শনিবাৰে স্থল, আকাশ আৰু সাগৰ এই তিনিওটা মাধ্যমেৰে সকলো গুলীচালনা আৰু সামৰিক কাৰ্যকলাপ বন্ধ কৰাৰ বাবে “বুজাবুজি”ত উপনীত হয়, তাৎক্ষণিকভাৱে যুদ্ধ বিৰতি কাৰ্যকৰী কৰে।
কিন্তু তাৰ কিছু মুহূৰ্তৰ পাছতে পাকিস্তানে যুদ্ধ বিৰতি ভংগ কৰি ভাৰতক আক্ৰমণৰ লক্ষ্য কৰি লয়। ভাৰতৰ বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে সংবাদ মেলৰ জৰিয়তে এই আক্ৰমণৰ কথা বিশ্ববাসীক অৱগত কৰে। তেওঁ স্পষ্টকৈ কয়, ভাৰত আৰু পাকিস্তানৰ সামৰিক অভিযান সন্দৰ্ভত সঞ্চালক প্ৰধানৰ মাজত সন্ধিয়া হোৱা বুজাবুজিক পাকিস্তানে বাৰে বাৰে উলংঘা কৰিছে। তেওঁ এই কথাও কয় যে ভাৰতীয় সশস্ত্ৰ বাহিনীয়ে পাকিস্তানৰ এনে কাৰ্যক বিৰুদ্ধে উপযুক্ত সঁহাৰি দিছে।
US President Donald Trump posts, "I am very proud of the strong and unwaveringly powerful leadership of India and Pakistan... I am proud that the USA was able to help you arrive at this historic and heroic decision. While not even discussed, I am going to increase trade… pic.twitter.com/SSHkoYcChD
— ANI (@ANI) May 11, 2025