/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/SASHI-THAROR.jpg)
ডিজিটেল ডেস্কঃ কংগ্ৰেছ সাংসদ শশী থাৰুৰলৈ ফ্ৰান্স চৰকাৰে আগঢ়াইছে দেশখনৰ সৰ্বোচ্চ অসমাৰকিক সন্মান। শশী থাৰুৰৰ বহু মূল্যৱান ভাষণ আৰু লেখনিৰ বাবে তেওঁলৈ আগবঢ়াইছে 'চেভালিয়েৰ দে লা লিজিয়ন ডি' অনাৰ'। নতুন দিল্লীস্থিত ফ্ৰান্সৰ ৰাষ্ট্ৰদূতে শশী থাৰুৰলৈ পত্ৰ প্ৰেৰণ কৰি এই বিষয়ে অৱগত কৰিছে।
কংগ্ৰেছ দলৰ সাংসদ শশী থাৰুৰক কংগ্ৰেছ দলে বিশেষ উল্লেখযোগ্য দায়িত্ব প্ৰদান নকৰিলেও শশী থাৰুৰৰ জনপ্ৰিয়তা দেশৰ লগতে বিদেশতো আছে। তেওঁৰ সাৱলীল ভাষণ, লেখনিয়ে সন্মোহিত কৰি আহিছে বহুজনক। থাৰুৰলৈ আগবঢ়োৱা এই সন্মান ফ্ৰান্সৰ মন্ত্ৰীৰ ভাৰত ভ্ৰমণৰ সময়ত তেওঁক প্ৰদান কৰিব।
উল্লেখ্য যে যোৱা বছৰ থাৰুৰে ফৰাচী ভাষাত ভাষণ দি দূতাবাস, কনচুলেট, এলায়েন্স ফ্ৰাঞ্চাইজ আৰু সামৰিক এটাচিৰ বিষয়াসকলক আচৰিত কৰিছিল। আমোদজনক ভাৱে, থাৰুৰে ২০১০ চনত স্পেইন চৰকাৰৰ পৰাও একে ধৰণৰ সন্মান লাভ কৰিছিল। স্পেইনৰ ৰজাই তেওঁক 'এনকোমিণ্ডা দে লা ৰিয়েল অৰ্ডাৰ এস্পানোলা ডি কাৰ্লোছ তৃতীয়' প্ৰদান কৰিছিল।