পুত্ৰৰ মৃত্যুত অসহায় হৈ পৰিছে দুৰ্দান্ত ৰ’নাল্ডো !

পুত্ৰৰ মৃত্যুত অসহায় হৈ পৰিছে দুৰ্দান্ত ৰ’নাল্ডো !

author-image
asomiyapratidin
New Update
পুত্ৰৰ মৃত্যুত অসহায় হৈ পৰিছে দুৰ্দান্ত ৰ’নাল্ডো !

ডিজিটেল ডেস্কঃ পুত্ৰ শোকত দগ্ধ ক্ৰিষ্টিয়ানো ৰ'নাল্ডো। এটি কন্যা আৰু পুত্ৰ যমজ সন্তানৰ পিতৃত্বৰ গৌৰৱ অৰ্জন কৰিছিল ৰ'নাল্ডোৱে। কিন্তু এই যমজ সন্তানৰ পুত্ৰ সন্তানটিৰ মৃত্যু হৈছে। এই কথা ৰ'নাল্ডোৱে নিজেই প্ৰকাশ কৰিছে। খেলপথাৰত দুৰ্দান্ত ৰূপ ধাৰণ কৰা ৰ'নাল্ডো এতিয়া শোকত ভাঙি পৰিছে। প্ৰেয়সী জৰ্জিনা ৰ'ডৰিগেজৰ ঔৰষত জন্মলোৱা যমজ সন্তানৰ ভিতৰত পুত্ৰক হেৰুৱাই ভাঙি পৰা ৰ'নাল্ডোৱে সামাজিক মাধ্যম যোগে প্ৰকাশ কৰিছে সেই শোকগাঠা।

Advertisment

অৱশ্যে কন্যা সন্তাটি সুস্থ হৈ থকাৰ বাবে তেওঁক শক্তি দিছে বুলিও উল্লেখ কৰিছে। তেওঁ মৃত্যু হোৱা পুত্ৰ সন্তানটিক দেৱদূত আখ্যা দিছে। আনহাতে এই কঠিন সময়ত তেওঁলোকৰ লগত চিকিৎসক আৰু নাৰ্ছসকলে থিয় দিয়াৰ বাবে ৰ'নাল্ডোৱে তেওঁলোকক ধন্যবাদ জনাইছে। এই দুখৰ সময়ছোৱাত ৰ'নাল্ডোৱে তেওঁৰ পৰিয়ালৰ সৈতে অকলে থাকিব বিচাৰিছে। এই ক্ষেত্ৰত সকলোৰে সহযোগিতা আশা কৰিছে।

ক্লিক কৰি পঢ়কঃ APSC কেলংকাৰীৰ গোচৰৰ 'চাৰ্জ ফ্ৰেম' : দোষী প্ৰমাণ হ'লে হ'ব ১০ বছৰ জে'ল…