/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/05/0d47183e-00ed-45e6-a057-88761d1c2647.jpg)
ডিজিটেল ডেস্কঃ উত্তৰ-পশ্চিম ছিৰিয়াত জেহাদীৰ শিবিৰত ছিৰিয়া চৰকাৰে আক্ৰমণ চলায়। এই আক্ৰমণ ৯টা শিশুসহ প্ৰায় ২১জন নাগৰিকৰ মৃত্যু হয়। এপ্ৰিল মাহৰ পৰা জেহাদীৰ শিবিৰত চৰকাৰে চোকা নজৰ ৰখাৰ লগতে বোমা নিক্ষেপ কৰি আহিছে। এজন উচ্চপদস্থ বিষয়াই জনায় এই কথা।
যোৱা দুদিনৰ পৰা জেহাদীজৰ্জৰ এইএলেকাটোত চৰকাৰে অধিক বোমা-বাৰুদেৰে আক্ৰমণ চলাইছে। ব্ৰিটেইনৰ ছিৰিয়ন অবঝৱেটৰী ফৰহিউমেন ৰাইটছৰ অনুসৰি দেওবাৰ আৰু সোমবাৰে এই এলেকাত চলোৱা বোমা বিস্ফোৰণত প্ৰায়৩১জন নাগৰিকৰ মৃত্যু হয়।