আকৌ ভাৰতৰ মাটিত চীনৰ নিৰ্মান কাৰ্য…

আকৌ ভাৰতৰ মাটিত চীনৰ নিৰ্মান কাৰ্য…

author-image
asomiyapratidin
New Update
আকৌ ভাৰতৰ মাটিত চীনৰ নিৰ্মান কাৰ্য…

ডিজিটেল ডেস্কঃ আকৌ ভাৰতৰ ভূমিত নিৰ্মাণ কাৰ্য চলাই আছে চুবুৰীয়া দেশ চীনে। উপগ্ৰহই তোলা ছবিত ধৰা পৰিছে এই তথ্য। চীনে নিৰ্মান কৰা দ্বিতীয়টো এনক্লেভত আছে ৬০টাকৈ ঘৰ। চীন-ভাৰত সীমান্তৰ অৰুণাচলৰ এখন গাঁৱত নিৰ্মান কৰা এই এনক্লেভৰ সন্দৰ্ভত উপগ্ৰহৰ জৰিয়তে তোলা তথ্যৰ আধাৰত পেন্টাগনে এই তথ্য সদৰি কৰিছে।

Advertisment

এই খবৰ পোহৰলৈ অহাৰ পাছতেই ভাৰতে ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছে। উল্লেখযোগ্য যে, চীনে সীমান্তৱৰ্তী অঞ্চলত ভাৰতৰ ভূমিত এনে ধৰণে অবৈধভাৱে নিৰ্মান কাৰ্য চলোৱাৰ খবৰ প্ৰায়ে প্ৰকাশ হৈ আহিছে। চীনে নিৰ্মান কৰা দ্বিতীয়টো এনক্লেভ ভাৰত-চীন সীমান্তৰ পৰা ভাৰতৰ মাটিত ৬ কিলোমিটাৰ ভিতৰত নিৰ্মান কৰা হৈছে।

এলএচিৰ ভাৰতৰ ভূমিত প্ৰৱেশ কৰি চীনে সেয়া তেঁওলোকৰ মাটি বুলি দাবী কৰি এই নিৰ্মান কাৰ্য চলোৱা বুলি সংবাদ মাধ্যমে বাতৰি পৰিৱেশন কৰিছে। ভাৰতীয় সেনাই অৱশ্যে তেনে নিৰ্মান কাৰ্যৰ কথা অস্বীকাৰ কৰিছে। অৰুণাচলৰ মুখ্যমন্ত্ৰীকে ধৰি প্ৰশাসনৰ আন লোকেও এতিয়ালৈকে এই সন্দৰ্ভত কোনো প্ৰতিক্ৰিয়া ব্যক্ত কৰা নাই।

উল্লেখযোগ্য যে, অৰুণাচলৰ এগৰাকী সাংসদে লোকসভাত সদৰি কৰিছিল যে চীনে ভাৰতৰ কিমান মাটি দখল কৰিছে তাৰ কোনো খবৰ দেশৰ সংবাদ মাধ্যমে প্ৰকাশ কৰা নাই। যি স্থানত পেন্টাগনে চীনে এই নিৰ্মান কাৰ্য চলোৱা বুলি দেখুওৱা হৈছে সেই স্থান অনলাইনত উপলব্ধ মানচিত্ৰত ভাৰতৰ বুলিয়েই উল্লেখ আছে।