বিশ্বত বৃদ্ধি পাইছে শিশুৰ যৌন উৎপীড়নৰ ঘটনাঃ ফেচবুকত আপলোড হৈছে সৰ্বাধিক অশ্লীল ছবি…

বিশ্বত বৃদ্ধি পাইছে শিশুৰ যৌন উৎপীড়নৰ ঘটনাঃ ফেচবুকত আপলোড হৈছে সৰ্বাধিক অশ্লীল ছবি…

author-image
asomiyapratidin
New Update
বিশ্বত বৃদ্ধি পাইছে শিশুৰ যৌন উৎপীড়নৰ ঘটনাঃ ফেচবুকত আপলোড হৈছে সৰ্বাধিক অশ্লীল ছবি…

ডিজিটেল ডেস্কঃ সমগ্ৰ বিশ্বতে শিশুৰ ওপৰত যৌন উৎপীড়নৰ ঘটনা দ্ৰুতগতিত বৃদ্ধি পাইছে। নেচনেল চেণ্টাৰ ফৰ মিচিং এণ্ড এক্সপ্লোৰেড চিল্ড্ৰেন (এন চি এম ই চি)য়ে এই সন্দৰ্ভত এক প্ৰতিবেদন প্ৰকাশ কৰিছে। সেই প্ৰতিবেদন অনুসৰি ২০২০ চনৰ তুলনাত ২০২১ চনত বিশ্বজুৰি শিশু উৎপীড়নৰ ঘটনা ৩৪% বৃদ্ধি হৈছে। অৱশ্যে ইয়াৰ মাজতো ভাল খবৰ এয়াই যে শিশুৰ যৌন উৎপীড়নৰ বিষয়ে সাধাৰণ লোক পূৰ্বৰ তুলনাত অধিক সচেতন হৈছে আৰু এনে ঘটনা চিনাক্ত কৰি অভিযোগ দাখিল কৰিছে।

Advertisment

আমেৰিকা যুক্তৰাষ্ট্ৰৰ এটা বেচৰকাৰী সংগঠনৰ প্ৰতিবেদন অনুসৰি, ২০২১ চনত ইণ্টাৰনেটত ৩০ নিযুত শিশু উৎপীড়ন সম্পৰ্কীয় আলোকচিত্ৰ ভাইৰেল হৈছিল। এই সন্দৰ্ভত নেচনেল চেণ্টাৰ ফৰ মিচিং এণ্ড এক্সপ্লোৰেড চিল্ড্ৰেন দ্বাৰা প্ৰতিবেদন দাখিল কৰাৰ পিছত সেই আলোকচিত্ৰসমূহ সামাজিক মাধ্যমৰ পৰা আঁতৰাই দিয়া হৈছিল। ফেচবুকে সৰ্বাধিক ২০ নিযুত শিশু উৎপীড়নৰ বিষয়ে প্ৰতিবেদন দিছিল।

প্ৰথমবাৰৰ বাবে, ফেচবুকে ইয়াৰ অন্যান্য প্লেটফৰ্ম যেনে ইনষ্টাগ্ৰামত শিশু উৎপীড়ন সম্পৰ্কীয় ৩.৩ নিযুত ছবি আৰু মেটাৰ জৰিয়তে হোৱাটছএপত ১.৩ নিযুত ছবি প্ৰকাশ কৰিছিল।

ইণ্টাৰপোলৰ প্ৰতিবেদন অনুসৰি, ভাৰতত ২.৪ নিযুত শিশু উৎপীড়নৰ ঘটনা প্ৰতিবেদিত হৈছে। ইয়াৰ ভিতৰত, ভুক্তভোগীসকলৰ ৮০% ছোৱালী, যি১৪ বছৰৰ তলৰ। জানিব পৰা মতে চিবিআইয়ে এতিয়া এনে ধৰণৰ অপৰাধ প্ৰতিৰোধ কৰিবলৈ এটা বিশেষ অভিযান চলাই আছে।