/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/07/borish-jhonson-7.jpg)
ডিজিটেল ডেস্কঃ ৰাজনীতি ইমান সহজ নহয়, যিমান সহজ ৰাজনীতিৰ কথা-বতৰা, ঘটনা-পৰিঘটনা চৰ্চা কৰা। ৰাজনীতিয়ে কেতিয়া, কোন দিশে গতি কৰে অথবা কেতিয়া কাৰ পতন, কাৰ উত্থান ঘটে সেয়া আগতিয়াকৈ কোৱাটো ইমান সম্ভৱ নহয়। সৌ সিদিনা মহাৰাষ্ট্ৰৰ বিসম্বাদী ৰাজনীতিয়ে দেশত আলোড়নৰ সৃষ্টি কৰিছিল। বিসম্বাদী ৰাজনীতি ভাৰতত নতুন কথা নহয় যদিও মহাৰাষ্ট্ৰৰ এই ঘটনাই বহু কথাই শিকাই থৈ গ'ল।
মহাৰাষ্ট্ৰৰ বিসম্বাদী ৰাজনীতি এতিয়া অতীত হ'ল। এইবাৰ বিসম্বাদৰ ৰাজনীতি আৰম্ভ হ'ল সূৰ্য নুডুবা দেশত। এইবাৰ ভাৰত নহয়, সুদূৰ বৃটেইনৰ ৰাজনীতিত লাগিছে হাহাকাৰ। পৰিস্থিতি এনে পৰ্যায় পাইছেগৈ যে কনজাৰ্ভেটিভ পাৰ্টীৰ মুৰব্বী তথা বৃটেইনৰ প্ৰধানমন্ত্ৰী বৰিছ জনছনৰ ক্ষমতা যাওঁ যাওঁ অৱস্থা।
কনজাৰ্ভেটিভ পাৰ্টীৰ মুৰব্বীৰ পদৰ পৰা পদত্যাগ কৰিবলৈ বাধ্য হোৱা জনছনে প্ৰধানমন্ত্ৰীৰ পদো এৰিবলগীয়া এক পৰিস্থিতিৰ সূচনা হৈছে। কোন মুহূৰ্তত ক্ষমতাহীন হয় জনছন সেয়া এতিয়া সময়ে ক'ব। কিন্তু এই কথা নিশ্চিত হৈছে যে দীৰ্ঘ সময়ৰ বাবে প্ৰধানমন্ত্ৰী হৈ নাথাকিব বৰিছ জনছন।
বৃটেইনৰ ৰাজনীতিত ধুমুহা তুলি মন্ত্ৰীসভাৰ পৰা ৫০ জনতকৈ অধিক সদস্যই পদত্যাগ কৰিছে। একেদৰে মাত্ৰ ২ ঘণ্টাৰ ভিতৰত পদত্যাগ কৰিছে ৮ জনকৈ মন্ত্ৰী আৰু ২ জন ৰাজ্যিক সচিৱে। এই মন্ত্ৰী তথা সদস্যসকলে বৰিছ জনছনৰ বিৰুদ্ধে বিদ্ৰোহ আৰম্ভ কৰিছে।
এই বিদ্ৰোহ ইমানেই শক্তিশালী হৈছে যে তেওঁলোকৰ বিদ্ৰোহৰ সন্মুখত তিস্তি থাকিব নোৱাৰি বৰিছ জনছনে কনজাৰ্ভেটিভ পাৰ্টীৰ মূৰব্বীৰ পদ ত্যাগ কৰিবলৈ বাধ্য হৈছে। ইয়াৰ লগে লগে প্ৰধানমন্ত্ৰীৰ পদো তেওঁৰ হাতৰ পৰা আঁতৰি গৈছে।
এতিয়া দলটোৰ নতুন নেতা নিৰ্বাচিত হ'লেই বৰিছ জনছনে ত্যাগ কৰিব লাগিব প্ৰধানমন্ত্ৰীৰ পদ। অৱশ্যে নতুন নেতা নিৰ্বাচিত নোহোৱালৈকে বৰিছ জনছনৰ হাততেই থাকিব প্ৰধানমন্ত্ৰীৰ পদ। বিবিচিৰ বাতৰি অনুসৰি দলটোৰ নতুন নেতা নিৰ্বাচিত হ'ব চলিত বছৰৰ অক্টোবৰ মাহত। সেয়েহে অক্টোবৰলৈকে বৰিছ জনছনেই প্ৰধানমন্ত্ৰী হৈ থাকিব।
উল্লেখ্য যে, ২০১৯ চনত সংখ্যাগৰিষ্ঠাতাৰে ক্ষমতালৈ অহা কনজাৰ্ভেটিভ পাৰ্টীৰ মুৰব্বী বৰিছ জনছনে বৃটেইনৰ প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিছিল। কিন্তু শেহতীয়াকৈ কেইবাটাও বিতৰ্কত সোমাই পৰা বৰিছ জনছনৰ বিৰুদ্ধে তেওঁৰেই সতীৰ্থ মন্ত্ৰী আৰু সদস্য তথা সাংসদ বিদ্ৰোহী হৈ উঠিছিল। পৰিস্থিতি এনে পৰ্যায় পাইছেগৈ যে বৰিছ জনছনৰ সমৰ্থনত থিয় হৈছে মাত্ৰ দুই, এজন সদস্যহে। আনকি কালি অৰ্থাত বুধবাৰে বৃটেইনৰ বিত্তমন্ত্ৰী হিচাপে দায়িত্ব লোৱা নদীম জহাৱীয়েও বৰিছ জনছনক পদত্যাগ কৰিবলৈ আহ্বান জনাইছে।
তেওঁ টুাইটাৰত কৈছে যে- আপোনাৰ নিজৰ বাবে, কনজাৰ্ভেটিভ পাৰ্টীৰ বাবে, আমাৰ দেশৰ বাবে আপুনি সঠিক পদক্ষেপ ল'ব লাগিব আৰু পদত্যাগ কৰিব লাগিব। মাত্ৰ ২ দিন পূৰ্বে বৃটেইনৰ শিক্ষামন্ত্ৰী হিচাপে নিযুক্তি লাভ কৰা মিচেল ডনেলানে বৃহস্পতিবাৰে চৰকাৰ পতনৰ পিছতে কয় যে,- প্ৰধানমন্ত্ৰী বৰিছ জনছনে তেওঁক অতি কঠিন অৱস্থাত ৰাখিছে।
ইয়াৰ পূৰ্বে বুধবাৰে ডাউনিং ষ্ট্ৰীটত ব্ৰিটেইনৰ জ্যেষ্ঠ কেবিনেট সদস্যসকলে হুলস্থুলৰ সৃষ্টি কৰিছিল। এই সময়ত কেবিনেটৰ পৰা কেইবা ডজন মন্ত্রীয়ে পদত্যাগ কৰাৰ পাছত একাংশই প্রধানমন্ত্রী বৰিছ জনছনক প্রধানমন্ত্রী পদত্যাগ কৰিবলৈ দাবী জনোৱা বুলি জানিব পৰা গৈছে৷
কনজাৰ্ভেটিভ পাৰ্টীত বিদ্ৰোহৰ কাৰণ
বৃটেইনৰ সাংসদ ক্ৰীছ পিঞ্চাৰক উপ-মুখ্য হুইপৰ দায়িত্ব দিয়াৰ পৰাই আৰম্ভ হৈছিল বিদ্ৰোহ। ক্ৰীছ পিঞ্চাৰক উপ-মুখ্য হুইপ দায়িত্ব অৰ্পন কৰাত অসন্তুষ্ট হৈছিল কনজাৰ্ভেটিভ পাৰ্টীৰ সদস্যসকল। যাৰ বাবে আনুষ্ঠানিকভাৱে ক্ষমা খুজিবলৈও বাধ্য হৈছিল বৰিছ জনছন। কিন্তু বৰিছ জনছনৰ ক্ষমাতেই সন্তুষ্ট নহ'ল সাংসদসকল।
সাংসদসকলে ক্ৰীছ পিঞ্চাৰৰ বিৰোধিতা কৰাৰ আঁৰত আছিল এক বিতৰ্কিত কাণ্ড। গৰাচলতে যোৱা ৩০ জুনত ব্ৰিটিছ কাকত দ্য ছানত এক প্ৰতিবেদন প্ৰকাশ পাইছিল। য'ত কোৱা হৈছিল লণ্ডনৰ এটা ব্যক্তিগত ক্লাবত শাসকীয় কনজাৰ্ভেটিভ পাৰ্টীৰ সাংসদ ক্ৰীছ পিঞ্চাৰে দুগৰাকী মহিলাক আপত্তিজনক ভাৱে স্পৰ্শ কৰিছিল। দ্য ছানত প্ৰকাশিত এই বাতৰিৰ পিছতে তেওঁ পদত্যাগ কৰিবলৈ বাধ্য হৈছিল।
ক্ৰীছ পিঞ্চৰ বিৰুদ্ধে উত্থাপিত যৌন নিৰ্যাতনৰ এয়াই একমাত্ৰ গোচৰ নহয়। ইয়াৰ পূৰ্বেও তেওঁৰ বিৰুদ্ধে আছে অতি কমেও এনে ধৰণৰ ৬ টা গোচৰ। যাৰ বাবে সাংসদসকলে তেওঁৰ পদত্যাগ দাবী কৰিছিল। আৰু তেওঁ পদত্যাগ কৰাৰ লগতে ক্ষমা বিচাৰিবলৈ বাধ্য হৈছিল।
৩০ জুনত এই ঘটনা সংঘটিত হোৱাৰ পিছতে ১ জুলাইত বৰিছ জনছনে ক্ৰীছ পিঞ্চক দলটোৰ উপ-মুখ্য হুইপ হিচাপে নিযুক্তি দিয়ে জনছনে। অৱ্যশ্য বৰিছ জনছনে এই কথাও কৈছে যে তেওঁ ক্ৰীপ পিঞ্চক নিযুক্তি দিয়াৰ পূৰ্বে তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ বিৰুদ্ধে অৱগত নাছিল।
কিন্তু যোৱা ৪ জুলাইত প্ৰধানমন্ত্ৰী বৰিছ জনছনৰ মুখপাত্ৰই বৰিছ জনছনৰ মিথ্যাচাৰ সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰি দিয়ে। মুখপাত্ৰগৰাকীয়ে কয় যে- ক্ৰীছ পিঞ্চৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ বিৰুদ্ধে বৰিছ জনছনে জানিছিল। কিন্তু মুখপাত্ৰগৰাকীয়ে এই কথাও কয় যে- এই অভিযোগসমূহ প্ৰমাণিত নোহোৱাৰ বাবে পিঞ্চাৰৰ নিযুক্তি বন্ধ কৰাটো উপযুক্ত বুলি বিবেচিত হোৱা নাই।
একেদিনাই বিয়লি বিবিচিয়ে প্ৰকাশ কৰা অনুসৰি ২০১৯-২০ চনত পিঞ্চাৰৰ বিৰুদ্ধে আনুষ্ঠানিক অভিযোগৰ বিষয়ে বৰিছ জনছনক অৱগত কৰা হৈছিল। সেই সময়ত বৰিছ জনছন আছিল বৃটেইনৰ বৈদেশিক মন্ত্ৰী।
যৌন নিৰ্যাতনৰ অভিযোগত অভিযুক্ত এগৰাকী ব্যক্তিক দলৰ গুৰুত্বপূৰ্ণ দায়িত্ব দিয়াৰ বাবেই কনজাৰ্ভেটিভ পাৰ্টীৰ সদস্যসকলৰ লগতে সাংসদ সকলে বৰিছ জনছনৰ বিৰুদ্ধে বিদ্ৰোহ আৰম্ভ কৰিছিল আৰু সেই বিদ্ৰোহৰ বাবেই এতিয়া বৃটিছ চৰকাৰৰ পতন ঘটিছে। অৱশ্যে দলীয় নেতা নিৰ্বাচিত নোহোৱালৈকে বৰিছ জনছনে চলাই নিব পাৰিব প্ৰধানমন্ত্ৰী হিচাপে দেশখন।