প্ৰকৃতিয়ে তাণ্ডব চলাইছে ব্ৰাজিলত : বৰষুণ আৰু ভূমিস্খলনৰ ফলত নিহত শতাধিক, ধ্বংস ৫০ত কৈ অধিক ঘৰ…

প্ৰকৃতিয়ে তাণ্ডব চলাইছে ব্ৰাজিলত : বৰষুণ আৰু ভূমিস্খলনৰ ফলত নিহত শতাধিক, ধ্বংস ৫০ত কৈ অধিক ঘৰ…

author-image
asomiyapratidin
New Update
প্ৰকৃতিয়ে তাণ্ডব চলাইছে ব্ৰাজিলত : বৰষুণ আৰু ভূমিস্খলনৰ ফলত নিহত শতাধিক, ধ্বংস ৫০ত কৈ অধিক ঘৰ…

ডিজিটেল ডেস্কঃ প্ৰকৃতিৰ ৰোষত পৰিছে পৰিছে ব্ৰাজিল। দেশখনৰ পেট্ৰোপলিচ চহৰত অহা ধাৰাসাৰ বৰষুণ আৰু ভূমিস্খলনৰ ফলত প্ৰায় শতাধিক লোক নিহত হোৱাৰ লগতে সন্ধানহীন হৈ আছে বহুজন। আনহাতে আহত হৈছে শতাধিক।

পেট্ৰোপলিচ চহৰত প্ৰকৃতিয়ে চলোৱা এই ধ্বংস লিলাত ৫৪ টা ঘৰ সম্পূৰ্ণৰূপে ধ্বংস হোৱাৰ উপৰিও কোটি কোটি টকাৰ সম্পত্তি ধ্বংস হৈছে। প্ৰকাশিত খবৰ মতে চহৰখনত এতিয়ালৈকে ২১ জন লোকক উদ্ধাৰ কৰা হৈছে আৰু ৩৫ জন লোক এতিয়াও সন্ধানহীম হৈ আছে।

মঙ্গলবাৰৰ পৰা ব্ৰাজিলৰ পেট্ৰোাপলিচ চহৰত ধাৰাষাৰ বৰষুণ অহাৰ লগতে হৈ আছে ভূমিস্খলন। দেশখনৰ ৰাষ্ট্ৰপতি জাইৰ বোলচোনাৰোৱে তেওঁৰ মন্ত্ৰীসকলক পীড়িতলোকসকলক সহায়ৰ বাবে দায়িত্বগ্ৰহণ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে।

brazil storm