সম্পূৰ্ণ ধ্বংস হোৱাৰ দিশে আমাজন!

সম্পূৰ্ণ ধ্বংস হোৱাৰ দিশে আমাজন!

ডিজিটেল ডেস্কঃ আমাজন বৰ্ষাৰণ্যত অগ্নিকাণ্ড সংঘটিত হোৱাৰ পাছত সমগ্ৰ বিশ্বৰ জলবায়ু আৰু পৰিৱেশ নিৰাপত্তাৰ বিষয়টো পুনৰ চৰ্চালৈ আহিছে। এই অগ্নিকাণ্ডৰ বাবে ব্ৰাজিলৰ ৰাষ্ট্ৰপতিগৰাকীয়ে দোষাৰূপ কৰিছে বিশেষ এটা এন জি অ'ক। ইফালে, ৰাষ্ট্ৰপতিগৰাকীৰ ওপৰতো পৰিৱেশ সুৰক্ষাৰ প্ৰতি কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন হৈছে।

হাৰ্ট অৱ দ্য আৰ্থ অৰ্থাৎ পৃথিৱীৰ হাওঁফাওঁ হিচাপেও জনাজাত এই বৰ্ষাৰণ্যত অগ্নিকাণ্ড সংঘটিত হোৱাৰ পাছৰে পৰা সমগ্ৰ বিশ্ব চিন্তিত হৈ পৰিছে। ইফালে, ৰাষ্ট্ৰপতি বালছোনাৰোক এই সন্দৰ্ভত বিশেষ গুৰত্ব আলোচনা নকৰাৰ বাবে তেওঁ সমালোচনাৰ সন্মুখীন হ'ব লগা হৈছে।

লক্ষণীয় যে, এই সন্দৰ্ভত জি-৭ সন্মিলনত সহায়ৰ বাবে এক প্ৰস্তাৱ ব্ৰাজিল চৰকাৰলৈ আগবঢ়োৱা হয়। কিন্তু এই প্ৰস্তাৱ গ্ৰহণ নকৰি ব্ৰাজিল চৰকাৰে কয়- 'জি-৭ অন্তৰ্ভুক্ত দেশসমূহে আমাজন বৰ্ষাৰণ্যত সংঘটিত অগ্নিকাণ্ডক লৈ সহায় কৰাৰ যি প্ৰস্তাৱ আগবঢ়াইছিল সেয়া আমি গ্ৰহণ নকৰো। ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ'নে জি-৭ সন্মিলনত সোমবাৰে কৈছিল যে, ২২ মিলিয়ন ডলাৰ মুকলি কৰা হ'ব। কিন্তু আমাৰ দেশৰ এই পৰিস্থিতিৰ সৈতে আমি নিজেই মোকাবিলা কৰিম।'

ব্ৰাজিলৰ ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে কয়- 'আমেজন ওপৰত অধিকাৰ আছে কেৱল ব্ৰাজিলৰ। ইউৰোপীয় ৰাষ্ট্ৰসমূহে ইয়াক লৈ চিন্তিত হ'ব নালাগে।, কাৰণ তেওঁলোকে ইতিমধ্যে নিজ নিজ দেশৰ পৰিৱেশ আৰু ধ্বংস কৰিছে।'

বিশ্বক ২০ শতাংশ অগ্নিজেন যোগান ধৰা এই বৃহৎ বৰ্ষাৰণ্যখন সম্পূৰ্ণ ধ্বংস হোৱাৰ দিশে আগবাঢ়ি থকা সময়তে ব্ৰাজিলৰ ৰাষ্ট্ৰপতিগৰাকীয়ে উপহাস কৰি কৈছে- 'বিশ্বৰ কোনো এখন দেশেই আমাজনক লৈ আমাক নীতিশিক্ষা দিয়াৰ নৈতিক অধিকাৰ নাই। কিয়নো আমি বিশ্বৰ আন দেশসমূহতকৈ অধিক বৰ্ষাৰণ্য সংৰক্ষণ কৰিছো।'

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in