জয়েৰে যাত্ৰা আৰম্ভ লাভলীনাৰঃ ৫-০ ব্যৱধানত ধাৰাশায়ী নিউজিলেণ্ডৰ প্ৰতিদ্বন্দী

জয়েৰে যাত্ৰা আৰম্ভ লাভলীনাৰঃ ৫-০ ব্যৱধানত ধাৰাশায়ী নিউজিলেণ্ডৰ প্ৰতিদ্বন্দী

author-image
asomiyapratidin
New Update
বিশ্ব চেম্পিয়শ্বিপ খেলিবলৈ যোৱাৰ আগতে মোৰ সৈতে খেলক লাভলীনাইঃ দেশৰ কোন বক্সাৰে চেলেঞ্জ কৰিলে অলিম্পিক পদক বিজয়ী বক্সাৰগৰাকীক…

ডিজিটেল ডেস্কঃ কমনৱেলথ গেমছ ২০২২ ৰ দ্বিতীয় দিনটোত অলিম্পিক পদক বিজয়ী বক্সাৰ অসম কন্যা লাভলীনা বৰগোহাঁয়ে নিজৰ প্ৰথমখন মেচত নিউজিলেণ্ডৰ প্ৰতিদ্বন্দিগৰাকীক পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। প্ৰতিযোগিতাৰ প্ৰথমখনে মেচত লাভলীনাই এৰিয়ান নিকলছনৰ বিৰুদ্ধে প্ৰতিদ্বন্দিতা আগবঢ়াইছিল।

টকিঅ' অলিম্পিকৰ ব্ৰঞ্জৰ পদক বিজয়ী লাভলীনাই ৭০ কিলোগ্ৰাম শাখাত এই সফলতা লাভ কৰিছে। ইয়াৰ লগে লগে লাভলীনাই প্ৰতিযোগিতাৰ কোৱাৰ্টা ফাইনেলত প্ৰৱেশ কৰিছে। ৰাউণ্ড অফ-১৬ত সফলতাৰে যাত্ৰা আৰম্ভ কৰা লাভলীনাই এৰিয়ান নিকলছনক ৫ঃ০ ব্যৱধানত পৰাস্ত কৰিছে। তেওঁ পৰৱৰ্তী মেচ ৩ আগষ্টত ৱেলছৰ প্ৰতিদ্বন্দিৰ বিৰুদ্ধে খেলিব।