কাবুলৰ গুৰুদ্বাৰত দুটাকৈ বিস্ফোৰণ, গুলী চলানা…

কাবুলৰ গুৰুদ্বাৰত দুটাকৈ বিস্ফোৰণ, গুলী চলানা…

author-image
asomiyapratidin
New Update
কাবুলৰ গুৰুদ্বাৰত দুটাকৈ বিস্ফোৰণ, গুলী চলানা…

ডিজিটেল ডেস্কঃ আফগানিস্তানৰ ৰাজধানী চহৰ কাবুলত থকা এটা গুৰুদ্বাৰত পুৱাই সংঘটিত হয় ভয়ংকৰ বিস্ফোেৰণ। কাবুলৰ কাৰতে-পাৰৱান গুৰুদ্বাৰত শনিবাৰে পুৱাই এটা সন্ত্ৰসাবাদী গোটে দুটাকৈ বিস্ফোৰণ সংঘটিত কৰাৰ উপৰিও গুলী চালনা কৰে। ফলত গুৰুদ্বৰটো ধ্বংস হোৱাৰ লগতে গুৰুদ্বাৰ ৰক্ষী নিহত হৈছে।

Advertisment

বৰ্তমানলৈকে এই ঘটনাত কিমান লোক নিহত হৈছে সেই খবৰ জানিব পৰা হোৱা নাই যদিও বহু লোক নিহত হোৱাৰ অনুমান কৰা হৈছে। বিস্ফোৰণত ধ্বংস হোৱা গুৰুদ্বাৰটোত এতিয়াও বহু শিখ ধৰ্মীয় লোক আবদ্ধ হৈ আছে বুলি জানিব পৰা গৈছে। এই বিস্ফোৰণ আৰু গুলী চালনা কোনটো সন্ত্ৰাসবাদী গোটে আৰু কিয় সংঘটিত কৰিলে সেই বিষয়েও সবিশেষ তথ্য প্ৰকাশ পোৱা নাই।