/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/07/ben-stocks-18.jpg)
ডিজিটেল ডেস্কঃ ক্ৰিকেট অনুৰাগীক আচৰিত কৰি অৱসৰ ঘোষণা কৰিলে বেন ষ্টোকছে। ইংলেণ্ডৰ ৩১ বৰ্ষীয় অলৰাউণ্ডাৰগৰাকীয়ে সোমবাৰে হঠাৎ এদিনীয়া ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ কথা ঘোষণা কৰিলে। তেওঁ মঙ্গলবাৰে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অন্তিমখন এদিনীয়াত অংশগ্ৰহণ কৰিব।
ছচিয়েল মিডিয়া হেণ্ডেল ইনষ্টাগ্ৰামত বেন ষ্টোকছে লিখিছে মই মঙ্গলবাৰে ডাৰহামত ইংলেণ্ডৰ হৈ এদিনীয়া ক্ৰিকেটত মোৰ অন্তিমখন মেচ খেলিম। মই এই ফৰ্মেটৰ পৰা অৱসৰ লোৱাৰ সিদ্ধান্ত লৈছো। এইটো মোৰ বাবে এটা অবিশ্বাস্যভাৱে কঠিন সিদ্ধান্ত। মই ইংলেণ্ডৰ হৈ মোৰ সতীৰ্থসকলৰ সৈতে খেলাৰ প্ৰতিটো মিনিট উপভোগ কৰিছো। এইয়া আছিল মোৰ বাবে এটা আশ্চৰ্যকৰ যাত্ৰা।
উল্লেখ্য যে বেন ষ্টোকছে ২০১১ চনত আয়াৰলেণ্ডৰ বিপক্ষে এদিনীয়া ক্ৰিকেটত আত্মপ্ৰকাশ কৰিছিল। তেওঁ ইংলেণ্ডৰ হৈ ১০৪ খন এদিনীয়াত ৩৯.৪৫ গড়ে ২,৯১৯ ৰান সংগ্ৰহ কৰিছে।