Advertisment

বৈষম্যৰ বিৰোধিতাৰে জন্ম হোৱা দলত বৈষম্যৰ বলি বাংলাদেশৰ সংখ্যালঘু ! নাই এজনো হিন্দু প্ৰতিনিধি

আকৌ এক ছাত্ৰ আন্দোলনৰ পটভূমিতে গঠন হ’ল এটা ৰাজনৈতিক দল। অৱশ্যে এই ৰাজনৈতিক দল অসম অথবা ভাৰতত নহয়, অন্তৱৰ্তীকালীন চৰকাৰে শাসন চলাই থকা চুবুৰীয়া বাংলাদেশতহে গঠন হৈছে।

author-image
Asomiya Pratidin
New Update
বৈষম্যৰ বিৰোধিতাৰে জন্ম হোৱা দলত বৈষম্যৰ বলি বাংলাদেশৰ সংখ্যালঘু !

ডিজিটেল ডেস্কঃ আকৌ এক ছাত্ৰ আন্দোলনৰ পটভূমিতে গঠন হ’ল এটা ৰাজনৈতিক দল। অৱশ্যে এই ৰাজনৈতিক দল অসম অথবা ভাৰতত নহয়, চুবুৰীয়া বাংলাদেশতহে গঠন হৈছে। ২০২৪ ত বাংলাদেশত আৰম্ভ হোৱা বৈষম্য বিৰোধী ছাত্ৰ আন্দোলনৰ পাছতেই দেশখনত ক্ষমতাৰ পৰা আঁতৰিছিল শ্বেইখ হাছিনা।

Advertisment

বৰ্তমান দেশত অন্তৱৰ্তীকালীন চৰকাৰ চলি আছে যদিও চলিত বছৰৰ শেষৰফালেই সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কথা। এনে প্ৰেক্ষাপটতে বাংলাদেশত গঠন কৰা হৈছে এটা নতুন ৰাজনৈতিক দল- জাতীয় নাগৰিক পাৰ্টি। বৈষম্য বিৰোধী ছাত্ৰ আন্দোলন আৰু জাতীয় নাগৰিক কমিটীৰ যৌথ উদ্যোগত আত্মপ্ৰকাশ কৰিছে এই ৰাজনৈতিক দলটোৱে।

শুকুৰবাৰে আত্মপ্ৰকাশ কৰা এই দলটোৱে আত্মপ্ৰকাশৰ লগে লগে ধৰ্ম নিৰপেক্ষতাৰ পণ লৈ গীতা, বাইবেল, কোৰাণ, ত্ৰিপিটক পাঠ কৰে। ঢাকাৰ মানিক মিঞা এভিনিউৰ সমাবেশত নতুন দলটোৱে আনুষ্ঠানিকভাৱে যাত্ৰা আৰম্ভ কৰিছে। এই দলটোত শীৰ্ষ পদ আছে ১০ টা। পূৰ্বৰ ঘোষণা অনুসৰিয়েই এই দলটোৰ প্ৰধান মুখ ছাত্ৰ আন্দোলনৰ নেতা নাহিদ ইছলাম।

তেওঁৰ উপৰিও দলটোত আছে দুজন জ্যেষ্ঠ আহ্বায়ক ক্ৰমে ছামান্তা ছাৰমিন আৰু আৰিফুল ইছলাম আদিব।দলটোৰ মুখ্য সদস্য সচিব আখতাৰ হুছেইন। তেওঁৰ সৈতে আছে দুজন জ্যেষ্ঠ সদস্য সচিব ক্ৰমে তাছনিম জাৰা আৰু নাহিদা ছৰোৱাৰ নিবা।

দলটোৰ মুখ্য সমন্বয়ক নাছিৰুদ্দিন পাটোৱাৰী। মুখ্য সংগঠক (দক্ষিণপ্ৰান্ত)ৰ দায়িত্বত আছে হাছনাত আব্দুল্লা আৰু উত্তৰাঞ্চলৰ মুখ্য সংগঠকৰ দায়িত্বত আছে ছাৰজিছ আলম। যুগ্ম সমন্বয়ক হিচাপে আছে আব্দুল হান্নান মাছউদ।  

দলটোৰ আত্মপ্ৰকাশৰ সময়ত শুকুৰবাৰে বিয়লি ৪:২০ বজাত কোৰাণ পাঠ কৰে বৈষম্যবিৰোধী ছাত্ৰ আন্দোলনৰ  নেতা তাৰেকুল ইছলামে। তাৰ পাছতেই গীতা পাঠ তৰে জাতীয় নাগৰিক কমিটীৰ নেতা অৰ্পিতা শ্যামা দেৱে। ত্ৰিপিটক পাঠ কৰে আবিৰ আৰু বাইবেলে পাঠ কৰে অলীক মৃয়ে।

তেওঁলোক জাতীয় নাগৰিক কমিটীৰ নেতা। ইয়াৰ অন্তত সকলোৱে ৰাষ্ট্ৰীয় সংগীত পৰিবেশন কৰে। জুলাই গণ-অভ্যুত্থানৰ ছহ্দিক স্মৰণ কৰি এক মিনিট সময় মৌন প্ৰাৰ্থনাও কৰে তেওঁলোকে। 

বৈষম্যৰ বিৰোধিতা কৰা এই দলটোৰ অৱশ্যে শীৰ্ষ পদৰ এটাতো নাই এজনো সংখ্যালঘু লোক। ইয়াকে লৈ এতিয়া প্ৰতিক্ৰিয়াৰো সৃষ্টি হৈছে। উল্লেখ্য যে,  বাংলাদেশৰ চৰকাৰী তথ্য অনুসৰিয়েই  দেখনৰৰ দহ শতাংশ লোক সংখ্যালঘু। ইয়াৰে আকৌ ৭.৫ শতাংশই হিন্দু।

সেয়ে বহুতে আশা কৰিছিল ছাত্ৰ আন্দোলৰ পটভূমিত গঠন কৰা এই নতুন দলটোৱে সংখ্যালঘুসকলৰ ওপৰত হোৱা বৈষম্যৰ বিৰুদ্ধেও শক্তিশালী ভাৱে থিয় দিব। কিন্তু শীৰ্ষ ১০ পদবীৰ এটাতো এজনো সংখ্যালঘু লোকক স্থান নিদিয়াত তেওঁলোকৰ ভূমিকাক লৈয়ো প্ৰশ্ন উঠিছে। 

ইপিনে কিছুদিন আগতে  মহম্মদ ইউনূসৰ নেতৃত্বাধীন অন্তর্বর্তী চৰকাৰৰ এট্টৰ্নি জেনেৰেল মহম্মদ আছাদুজ্জামানে কৈছিল যে, দেশখনৰ নব্বৈ শতাংশ নাগৰিকেই মুছলমান। সেয়ে সংবিধানখনত ধৰ্ম নিৰপেক্ষ শব্দটোৰ কোনো প্ৰয়োজন নাই। এই কথাক মান্যতা প্ৰদান কৰিয়েই সংবিধানৰ নতুন খচৰাও তৈয়াৰ কৰিছে সংবিধান সংস্কাৰ আয়োগে।

কেৱল সেয়াই নহয়,  বাংলাদেশেৰ স্কুলৰ পাঠ্যপুথিতো বহু পৰিবৰ্তন আনিছে চৰকাৰে। নতুন পাঠ্যক্ৰমত ইতিহাসক নতুনকৈ লিখা হৈছে। পাঠ্যপুথিৰ পৰা আঁতৰাই দিয়া হৈছে আৱামী লীগ, বংগ বন্ধু মুজিবুৰ ৰহমান আৰু শ্বেইখ হাছিনাৰ প্ৰসংগ।

পূৰ্বে বাংলাদেশৰ পাঠ্যপুথিত স্বাধীনতা সংগ্ৰামৰ বিষয়ে উল্লেখ কৰি মুজিবুৰ ৰহমান আৰু ইন্দিৰা গান্ধীৰ ১৯৭২ চনৰ দুখন ফটো সন্নিবিষ্ট কৰা আছিল। এতিয়া সেই ফটো আঁতৰাই দিয়া হৈছে। সেই ফটোখন আছিল কলকাতাত ১৯৭২ চনৰ ৬ ফেব্ৰুৱাৰীত দুয়োজনে যুটীয়াভাৱে দিয়া এক ভাষণৰ ঐতিহাসিক মূহূৰ্তৰ ফটো। আনখন ফটো আছিল ১৯৭২ চনৰ ১৭ মাৰ্চ তাৰিখে ঢাকাত ইন্দিৰা গান্ধীক মুজিবুৰ ৰহমানে স্বাগতম জনোৱাৰ। 

 

বাংলাদেশ মহম্মদ ইউনুছ