সাধাৰণ নিৰ্বাচনক লৈ অন্তৱৰ্তীকালীন চৰকাৰত অস্থিৰতাঃ ইউনুছে জাৰ্মানীৰ পৰা বিচাৰিলে সকলোধৰণৰ সহায়...

সাধাৰণ নিৰ্বাচনৰ বাবে সাজু হৈছে বাংলাদেশ। ২০২৪ ৰ ৫ আগষ্টত শ্বেইখ হাছিনাৰ নিৰ্বাচিত গণতান্ত্ৰিক চৰকাৰৰ পতন হোৱাৰ পাছত অন্তৱৰ্তীকালীন চৰকাৰে পৰিচালনা কৰি আহিছে বাংলাদেশ।

author-image
Asomiya Pratidin
New Update
সাধাৰণ নিৰ্বাচনক লৈ অন্তৱৰ্তীকালীন চৰকাৰত অস্থিৰতাঃ ইউনুছে জাৰ্মানীৰ পৰা বিচাৰিলে সকলোধৰণৰ সহায়...

ডিজিটেল ডেস্কঃ সাধাৰণ নিৰ্বাচনৰ বাবে সাজু হৈছে চুবুৰীয়া বাংলাদেশ। ২০২৪ ৰ ৫ আগষ্টত শ্বেইখ হাছিনাৰ নিৰ্বাচিত গণতান্ত্ৰিক চৰকাৰৰ পতন হোৱাৰ পাছত অন্তৱৰ্তীকালীন চৰকাৰে পৰিচালনা কৰি আহিছে বাংলাদেশ।

Advertisment

এই সময়ছোৱাত বাংলাদেশত ব্যাপক সংস্কাৰৰ কাম হাতত লৈছে অন্তৱৰ্তীকালীন চৰকাৰখনে। নকলেও হয় যে, এই অন্তৱৰ্তীকালীন চৰকাৰে বাংলাদেশত সংস্কাৰৰ নামত কেৱল বংগবন্ধু শ্বেইখ মুজিবুৰ ৰহমানৰ স্মৃতি ধ্বংস আৰু আৱামী লীগক সম্পূৰ্ণৰূপে নিঃশেষ কৰাৰ কামতে অধিক গুৰুত্ব দিছে।

অন্তৱৰ্তীকালীন চৰকাৰৰ এনে কাম-কাজৰ মাজতে বি এন পিয়ে দাবী উত্থাপন কৰি আহিছে যিমান পাৰি সোনকালে বাংলাদেশত সাধাৰণ নিৰ্বাচন অনুষ্ঠিত কৰিব লাগে। খালেদা জিঞাৰ দলটো এক কথাত বাংলাদেশৰ ক্ষমতা নিজৰ হাতলৈ নিবলৈ উদগ্ৰীৱ হৈ আছে।

এনে পৰিস্থিতিৰ মাজতেই অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী মহম্মদ ইউনুছে চলিত বছৰতে বাংলাদেশৰ সাধাৰণ নিৰ্বাচন অনুষ্ঠিত কৰাৰ সন্দৰ্ভত মন্তব্য কৰিছে। বুধবাৰে ইউনুছে জাৰ্মান চৰকাৰী আয়ুক্ত জাৰা ব্ৰুনক সাক্ষাৎ কৰিছিল।

ব্ৰুনে ঢাকাৰ চৰকাৰী অতিথিশালা যমুনা ভৱনত ইউনুছক সাক্ষাৎ কৰিবলৈ আহিছিল। তাতেই তেওঁ বাংলাদেশৰ সাধাৰণ নিৰ্বাচন অনুষ্ঠিত কৰাৰ প্ৰসংগত প্ৰথমবাৰৰ বাবে স্পষ্টকৈ ঘোষণা কৰিছে।  

ব্ৰুনৰ সৈতে হোৱা আলোচনাত ইউনুছে কয়, ঢাকাই বাৰ্লিনৰ সৈতে বিভিন্ন স্তৰৰ সম্পৰ্ক গঢ়ি তুলিব বিচাৰে। তেওঁ কয় যে, জাৰ্মানীৰে আমাৰ ঘনিষ্ঠ সম্পৰ্ক আছে। কিন্তু আমি এটা বেলেগ স্তৰত এটা বিশেষ সম্পৰ্ক গঢ়ি তুলিব বিচাৰো।’ 

‘নতুন বাংলাদেশ’ গঠনৰ কথা উল্লেখ কৰি তেওঁ কয় যে, এই নতুন বাংলাদেশ গঠনত বাংলাদেশক লাগে জাৰ্মানীৰ পৰা সকলোধৰণৰ সহায়। তেওঁ কয়, "নতুন বাংলাদেশৰ বাবে আমাক সকলো ধৰণৰ সমৰ্থনৰ প্ৰয়োজন। ৰাষ্ট্ৰীয় সাধাৰণ নিৰ্বাচন সফল কৰাৰ বাবে আমি কঠোৰ পৰিশ্ৰম কৰিছো।

উল্লেখ্য, যোৱা কেইটামান মাহৰ পৰা বাংলাদেশত নিৰ্বাচনৰ আয়োজনক লৈ বিতৰ্কৰো সৃষ্টি হৈছে। এফালে পূৰ্বৰ ক্ষমতাত থকা আৱামী লীগক সম্পূৰ্ণ ৰূপে নিষিদ্ধ কৰাৰ প্ৰস্তুতি চলিছে আৰু বিৰোধী বি এন পিয়ে ক্ষমতা দখলৰ সপোন দেখিছে।

এই সপোন সাকাৰ কৰাৰ বাবেই বি এন পিয়ে শীঘ্ৰে সংসদীয় নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবীৰে অন্তৱৰ্তীকালীন চৰকাৰৰ ওপৰত হেঁচা প্ৰয়োগ কৰিছে। আনহাতে জামাতৰ নেতৃত্বই আকৌ নিৰ্বাচন অনুষ্ঠিত কৰাৰ বিষয়ত ইউনুছক দৌৰাদৌৰি কৰাৰ বিপৰীতে প্ৰয়োজনীয় সময় দিব বিচাৰিছে। 

মন কৰিবলগীয়া যে, যোৱা ৫ আগষ্টত শ্বেইখ হাছিনাই ঢাকা ত্যাগ কৰি পলায়ন কৰাৰ পাছতে খালেদা জিঞাৰ বি এন পিয়ে অন্তৱৰ্তীকালীন ইউনুছ চৰকাৰৰে ঘনিষ্ঠ সম্পৰ্ক ৰক্ষা কৰি আহিছিল। আৱামী লীগক সম্পূৰ্ণৰূপে নিষিদ্ধ কৰাৰ ষড়যন্ত্ৰৰ আঁৰতো আছে এই বি এন পি।

তাৰোপৰি শ্বেইখ মুজিবুৰ ৰহমানৰ স্মৃতি ধ্বংসতো চৰকাৰক সম্পূৰ্ণ সহযোগিতা কৰি আহিছে বি এন পিয়ে। কিন্তু নিৰ্বাচনৰ দিন ঘোষণা নকৰাক লৈ ক্ৰমান্বয়ে অন্তৱৰ্তীকালীন চৰকাৰত বি এন পিৰ হেঁচা বৃদ্ধি পাইছে।

জামাত আৰু মহম্মদ ইউনুছৰেও ক্ৰমান্বয়ে দূৰত্ব বাঢ়িছে খালেদাৰ দলটোৰ। তেওঁলোকে মুকলিকৈ অভিযোগ কৰিছে ইউনুছ আৰু অন্তৱৰ্তীকালীন চৰকাৰৰ অংশ বৈষম্য বিৰোধী ছাত্ৰ আন্দোলনৰ নেতৃত্বই ৰাজনীতি, অৰ্থনীতি, প্ৰশাসনৰ ব্যাপক সংস্কাৰ কাৰ্যসূচীৰ নামত নিৰ্বাচন পিছুৱাই নি নিজা উদ্দেশ্য পূৰণ কৰাৰ স্বাৰ্থত নিমজ্জিত হৈছে। 

নিৰ্বাচন বাংলাদেশ মহম্মদ ইউনুছ