অকৃতজ্ঞ বাংলাদেশঃ সহ্য নকৰিলে সুচিত্ৰা সেনকো !

অকৃতজ্ঞ বাংলাদেশে এটাৰ পিছত এটাকৈ ভাৰত বিৰোধী সিদ্ধান্ত গ্ৰহণ কৰাৰ পিছত এতিয়া দেশখনৰ পৰা বহু স্মৃতিও ধ্বংস কৰাত নামি পৰিছে। এই ধ্বংসকাৰীৰ পৰা ৰক্ষা নাপালে সুচিত্ৰা সেনেও।

author-image
Asomiya Pratidin
New Update
অকৃতজ্ঞ বাংলাদেশঃ সহ্য নকৰিলে  সুচিত্ৰা সেনকো !

ডিজিটেল ডেস্কঃ অকৃতজ্ঞ বাংলাদেশে এটাৰ পিছত এটাকৈ ভাৰত বিৰোধী সিদ্ধান্ত গ্ৰহণ কৰাৰ পিছত এতিয়া দেশখনৰ পৰা বহু স্মৃতিও ধ্বংস কৰাত নামি পৰিছে। ২০২৪ ৰ আগষ্ট মাহত হোৱা ছাত্ৰ আন্দোলনৰ জৰিয়তে সলনি হোৱা দেশখনৰ ৰাজনীতি এতিয়াও সুস্থিৰ নহয়। 

Advertisment

অন্তৱৰ্তীকালীন চৰকাৰ গঠন হ’লেও এই চৰকাৰেও কেৱল ধ্বংসাত্মক কাৰ্যতহে অধিক মনোনিবেশ কৰিছে। দেশ সলনি কৰিবলৈ ওলোৱা ছাত্ৰ-ছাত্ৰীৰ মানসিকতাতো সেই ধ্বংসাত্মক বীজেই ৰোপণ কৰা হৈছে। যাৰ বাবে স্তম্ভিত হৈ পৰিছে সভ্য সমাজ। 

এই পৰ্যন্ত একাধিক ভাৰত বিৰোধী সিদ্ধান্ত গ্ৰহণ কৰা বাংলাদেশত এইবাৰ এখন মহাবিদ্যালয়ৰ এটা ছাত্ৰী নিবাসৰ নাম সলনি কৰা কাৰ্যই বিশেষ চৰ্চা লাভ কৰিছে। দেশখনৰ পাবনাৰ এডৱাৰ্ড গভৰ্ণমেণ্ট কলেজৰ এটা ছাত্ৰী নিবাসৰ নাম সুচিত্ৰা সেনৰ নামেৰে নামাংকিত কৰা হৈছিল। 

সুচিত্ৰা সেনক ভাৰতীয়ক নতুনকৈ চিনাকী কৰাই দিয়াৰ প্ৰয়োজন নাই। হিন্দী আৰু বাংলা ছবিৰ এসয়মৰ নায়িকা, সকলোৰে নয়নৰমণি। বাংলাদেশৰ পাবনাত জন্মগ্ৰহণ কৰা সুচিত্ৰা সেনক ভাৰতীয় ছবি উদ্যোগত মহানায়িকা হিচাপেই জনা যায়। 

এইগৰাকী সুচিত্ৰা সেনলৈকে সন্মান জনাই তেওঁৰ নামেৰে এডৱাৰ্ড গভৰ্ণমেণ্ট কলেজৰ এটা ছাত্ৰী নিবাস নামকৰণ কৰা হৈছিল। ২০২৪ ৰ আগষ্টৰ আন্দোলনৰ পিছত বাংলাদেশৰ বাবে ভাৰত অস্পৃশ্য হৈ পৰাত তেওঁলোকে এতিয়া ছাত্ৰী নিবাসৰ পৰা সুচিত্ৰা সেনৰ সেই নামো আঁতৰাই দিলে। 

সুচিত্ৰা সেন ছাত্ৰী নিবাসৰ নাম সলনি নতুনকৈ নামকৰণ কৰা হৈছে ‘জুলাই-৩৬ ছাত্ৰী নিবাস’ নামেৰে। কেৱল সেয়াই নহয়, শ্বেইখ হাছিনা, বংগবন্ধু মুজিবুৰ ৰহমানৰ স্মৃতি মচি পেলোৱাৰ বাবে ইউনুছ চৰকাৰে লোৱা পদক্ষেপৰ ফলতে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ পৰিয়ালৰ দুজন সদস্যৰ নামেৰে নামাকৰণ কৰা এটা হলৰ নামো সলনি কৰা হৈছে। 

মঙলবাৰে পবনাৰ চৰকাৰী এডৱাৰ্ড কলেজৰ অধ্যক্ষই তিনিটা হোষ্টেলৰ পৰিৱৰ্তিত নামফলক উন্মোচন কৰিছে। তাতেই জিলিকি উঠিছে এই নতুন নাম। মহাবিদ্যালয়খনৰ শ্বেইখ ৰাছেল হোষ্টেলৰ নাম সলনি কৰা হৈছে ‘বিজয়-২৪ ষ্টুডেণ্ট হোষ্টেল’ হিচাপে। বেগম ফাজিলা টুনেছা হোষ্টেলৰ নাম সলনি কৰা হৈছে ‘আয়েছা ছিদ্দিক’ হিচাপে। 

সেই দুই নামক লৈ আপত্তি নাই যদিও পবনাৰ কন্যা সুচিত্ৰা সেনৰ নাম সলনি কৰা প্ৰসংগত সন্তুষ্ট নহয় বাংলাদেশৰে শৈক্ষিক, সাংস্কৃতিক সমাজ। ভাৰতত বিশেষকৈ বংগত ইয়াৰ প্ৰতিক্ৰিয়া আৰম্ভ হৈছে। উল্লেখ্য যে, কিংবদন্তি অভিনেত্ৰী সুচিত্ৰা সেনৰ পূৰ্বপুৰুষৰ ঘৰ আছিল পাবনাত।

নায়িকাগৰাকীয়ে শৈশৱৰ বহুখিনি সময় তাতেই গোপালপুৰত অতিবাহিত কৰিছিল। অৱশ্যে বিয়াৰ পিছত ১৯৬০ চনত তেওঁ পিতৃৰ সৈতে কলকাতালৈ গুছি আহে। তেওঁলোকৰ সেই পুৰণি ঘৰ এতিয়াও আছে। যাক কিছু বছৰ আগতে পুনৰ নিৰ্মাণ কৰি সুচিত্ৰ সংগ্ৰহালয় হিচাপে স্থাপন কৰা হৈছিল।

এইদৰে তেওঁৰ স্মৃতি সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে যদিও সৃষ্টিৰ পৰিবৰ্তে কেৱল ধ্বংসাত্মক কাৰ্যতহে মনোনিবেশ কৰা দেশখনৰ ৰাজনৈতিক নেতা, ছাত্ৰ আন্দোলনৰ পৃষ্ঠপোষক, নেতা আদিৰ এই চিন্তাৰ দৌন্যতা বাংলাদেশৰে বহুতৰ বাবে হৈ পৰিছে অসহ্যকৰ। 

বাংলাদেশ