/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/a5e7eb6e-f6f2-4314-8abe-8c835bfa1bc8/AP_FOR_WEB__hasina_.jpg)
হিংসাত্মক পৰিস্থিতিৰ মাজেৰে পঞ্চমবাৰৰ বাবে প্ৰধানমন্ত্ৰী হ’ল শ্বেইখ হাছিনা...
ডিজিটেল ডেস্কঃ ধাৰাবাহিকভাৱে পঞ্চমবাৰৰ বাবে বাংলাদেশৰ প্ৰধানমন্ত্ৰী হ’ল শ্বেইখ হাছিনা। ব্যাপক হিংসাত্মক ঘটনাৰাজিৰ লগতে বিৰোধীৰ ভোট বৰ্জনৰ আহ্বানৰ মাজতে অনুষ্ঠিত হোৱা নিৰ্বাচনত একক সংখ্যাগৰিষ্ঠতাৰে আৱামী লীগে পুনৰ চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছে।
উল্লেখ্য যে, বাংলাদেশ সংসদৰ সাধাৰণ নিৰ্বাচনত আৱামী লীগে মুঠ ৩০০ খন আসনৰ ভিতৰত ২২৩ খন আসন লাভ কৰিছে। আনহাতে প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাই অভিলেখ সংখ্যক ১ লাখ ৩৫ হাজাৰৰো অধিক ভোটৰ ব্যৱধানত বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছে।
২০০৯ চনৰ পৰা বাংলাদেশৰ প্ৰধানমন্ত্ৰী হিচাপে ধাৰাবাহিকভাৱে কাৰ্যনিৰ্বাহ কৰি অহা শ্বেইখ হাছিনা চুবুৰীয়া ৰাষ্ট্ৰখনৰ প্ৰথমগৰাকী ৰাষ্ট্ৰপতি শ্বেইখ মুজিবুৰ ৰহমানৰ কন্যা। ১৯৯১ চনত হুছেই মহম্মদ ইৰশাদৰ স্বৈৰাচাৰী শাসনৰ সমাপ্তিৰ পিছতে ‘বংগ বন্ধু’ শ্বেইখ মুজিবুৰ ৰহমানৰ কন্যা শ্বেইখ হাছিনাই আৱামী লীগৰ পৰা প্ৰতিদ্বন্দিতা কৰি খালেদা জিয়াৰ হাতত পৰাজিত হৈছিল।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/9356ff2b-c51c-4d03-a216-883ae8bfd750/3.jpg)
ইয়াৰ পিছতে হাছিনাই থালেদা জিয়াৰ বাংলাদেশ জাতীয়তাবাদী পাৰ্টী চমুকৈ বি এন পিৰ বিৰুদ্ধে নিৰ্বাচনী অসতাতৰ অভিযোগ উত্থাপন কৰিছিল। ইয়াৰ পাছতে পদত্যাগ কৰিবলৈ বাধ্য হৈছিল খালেদা জিয়া। ১৯৯৬ ৰ জুনত অনুষ্ঠিত হোৱা সাধাৰণ নিৰ্বাচনত বি এন পিক ক্ষমতাৰ পৰা আঁতৰাই আৱামী লীগে চৰকাৰ গঠন কৰিবলৈ সক্ষম হয়। ইয়াৰ পিছতে শ্বেইখ হাছিনাই প্ৰথমবাৰৰ বাবে বাংলাদেশৰ প্ৰধানমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰে।
অৱশ্যে ২০০১ চনত অনুষ্ঠিত হোৱা নিৰ্বাচনত তেওঁৰ দল পৰাজিত হোৱাত পুনৰ বিৰোধীৰ ভূমিকা পালন কৰিবলগীয়া হয়। ২০০১ ৰ পৰা ২০০৮ লৈ বাংলাদেশৰ সংসদত শ্বেইখন হাছিনাই পালন কৰিছিল বিৰোধী দলপতিৰ দায়িত্ব।
২০০৯ ৰ নিৰ্বাচনত আৱামী লীগ ক্ষমতালৈ অহাৰ পিছৰে পৰা পুনৰ থমকি ৰ’বলগীয়া হোৱা নাই শ্বেইখ হাছিনা আৰু তেওঁৰ দল। ডেৰটা দশকৰো অধিক সময় তেওঁ বাংলাদেশৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।
অৱশ্যে এইবাৰৰ বাংলাদেশৰ নিৰ্বাচন আৰু শ্বেইখ হাছিনাই যি পৰিস্থিতিৰ মাজেৰে পুনৰ ক্ষমতা দখল কৰিলে সেই পৰিৱেশ আৰু পৰিস্থিতি বাংলাদেশৰ ৰাজনীতিৰ এক ক’লা অধ্যায় হিচাপে যে লিপিবদ্ধ হৈ ৰ’ব সেয়া প্ৰায় নিশ্চিত।
দেওবাৰে অনুষ্ঠিত হোৱা বাংলাদেশৰ সাধাৰণ নিৰ্বাচন বিৰোধীয়ে বৰ্জনৰ আহ্বান দিয়াৰ লগতে ভোটগ্ৰহণৰ পূৰ্বে আৰু ভোটগ্ৰহণৰ সময়ত হোৱা হিংসাত্মক পৰিস্থিতিৰ মাজত মাত্ৰ ৪০ শতাংশ ভোটাৰেহে ভোটাধিকাৰ সাব্যস্ত কৰিলে। দেশখনৰ ৬০ শতাংশ ভোটাৰেই এই নিৰ্বাচন বৰ্জন কৰিলে। বাংলাদেশৰ নিৰ্বাচন আয়োগে ঘোষণা কৰা ভোটদানৰ এই হাৰক লৈও অৱশ্যে বিভিন্ন সন্দেহৰ সৃষ্টি হৈছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/f714ab78-4d58-46fc-93dd-d698be2a5aa4/1.jpg)
তাৰোপৰি শ্বেইখ হাছিনাই বিৰোধী নেতা, প্ৰতিবাদকাৰীক কাৰাগাৰত বন্দী কৰি ৰখাৰো অভিযোগ উত্থাপিত হৈছে। এনে পৰিস্থিতিত গঠন হোৱা শ্বেইখ হাছিনাৰ চৰকাৰ এতিয়া বিশ্ব ৰাজনীতিৰ এক চৰ্চাৰ বিষয় হৈ পৰিছে।
Bangladesh stands with Democracy.
We Congratulate the People of Bangladesh!
----#Bangladesh stands with #AwamiLeague, first ever party to secure a straight fourth term.
Being the largest, oldest and most popular political party in the country, Bangladesh Awami League… pic.twitter.com/89YhkCavKs— Awami League (@albd1971) January 8, 2024
Also Read: কৰ্তব্যৰ পাছত ঘৰলৈ উভতাৰ সময়ত ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ গ'ল দুজনৰ