ডিজিটেল ডেস্কঃ মঙ্গলবাৰেও জামিন লাভ নকৰিলে বাংলাদেশৰ হিন্দু ধৰ্মীয় নেতা চিন্ময়কৃষ্ণ দাসে। ফলত তেওঁৰ মুকলি আকাশৰ তললৈ অহাৰ বাট পুনৰ এটা মাহলৈ বন্ধ হ'ল।
চট্টগাম আদালতে মঙ্গলবাৰে চিন্ময় কৃষ্ণ দাসৰ জামিন আবেদনৰ শুনানি গ্ৰহণ কৰাৰ কথা আছিল। কিন্তু আদালতত চিন্ময় কৃষ্ণ দাসৰ হৈ যুঁজিবলৈ এজনো অধিবক্তা উপস্থিত নাথাকিল।
এনে পৰিস্থিতিত তেওঁৰ জামিন আবেদনৰ শুনানি পুনৰ এমাহ পিছুৱাই ২ জানুৱাৰী নিৰ্ধাৰণ কৰিছে বুলি জানিব পৰা গৈছে। উল্লেখ্য যে, চিন্ময় কৃষ্ণ দাসৰ জামিন আবেদনৰ শুনানি গ্ৰহণ কৰাৰ পূৰ্বেই সোমবাৰে কলকাতাৰ ইছকন শাখাৰ মুখপাত্ৰ ৰাধাৰমণ দাসে অভিযোগ কৰিছিল যে, চিন্ময় কৃষ্ণ দাসৰ আইনজীৱিৰ ওপৰত আক্ৰমণ হৈছে আৰু তেওঁক হাস্পতালত ভৰ্তি কৰোৱা হৈছে।
এই অভিযোগৰ পাছতে আজি আদালতত চিন্ময় কৃষ্ণ দাসৰ হৈ যুক্তি প্ৰদৰ্শন কৰিবলৈ অধিবক্তাৰ অনুপস্থিতিয়ে বিশেষ চৰ্চা লাভ কৰিছে। যোৱা ২৫ নৱেম্বৰত চট্টগামৰ এজন বি এন পি নেতাৰ অভিযোগৰ ভিত্তিত চিন্ময় কৃষ্ণ দাসক ৰাষ্ট্ৰদ্ৰোহৰ গোচৰত ঢাকাৰ বিমান বন্দৰৰ কাষৰ পৰা গ্ৰেপ্তাৰ কৰিছিল।
পাছত ২৬ নৱেম্বৰত চট্টগাম আদালতত তেওঁক হাজিৰ কৰোৱা হয় আৰু আদালতে সেইদিনা তেওঁৰ জামিন আবেদন নাকচ কৰে। তাৰ পাছতেই আদালতত চৌহদত তেওঁৰ অনুৰাগীসকলে প্ৰতিবাদ সাব্যস্ত কৰে।
এই প্ৰতিবাদৰ মাজতে আৰক্ষীয়ে তেওঁলোকৰ ওপৰত লাঠিচালনা কৰাৰ উপৰিও কন্দুৱা গেছ নিক্ষেপ কৰে। দুয়ো পক্ষৰ সংঘাতত আদালত চৌহদ ৰণক্ষেত্ৰলৈ পৰিণত হয়।
এই সংঘাতৰ সময়তে আকৌ এগৰাকী অধিক্তাৰ মৃত্যু হয়। সেই ঘটনাৰ এটা সপ্তাহৰ পাছত আজি তেওঁৰ পুনৰ জামিন আবেদনৰ শুনানি আছিল যদিও অধিবক্তাৰ অনুপস্থিতিৰ বাবে পুনৰ এমাহ পিছুৱাই দিয়া হয়।
আজি আদালতত চৌহদত সৃষ্টি হ'ব পৰা সাম্ভাব্য পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি পুৱাৰে পৰা কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছিল। চট্টগামৰ অধিবক্তাসকলে পুৱাই আদালতৰ চৌহদত এক প্ৰতিবাদী সমদলো বাহিৰ কৰে।
এনে পৰিস্থিতিত চিন্ময় কৃষ্ণ দাসক আদালত চৌহদত হাজিৰ কৰোৱাৰ পৰা বিৰত থাকে প্ৰশাসন। মন কৰিবলগীয়া যে, পূৰ্বৰ শুনানিত আদালতত চিন্ময় কৃষ্ণ দাসৰ হৈ প্ৰায় ৫৩ গৰাকী অধিবক্তা উপস্থিত আছিল।
তেওঁলোকক এতিয়া বিভিন্ন গুৰুতৰ অভিযোগত অভিযুক্ত কৰা হৈছে বুলিও খবৰ প্ৰকাশ পাইছে। তাৰোপৰি কেইবাজনো সাংবাদিক আৰু সংখ্যালঘু সম্প্ৰদায়ৰ বিশিষ্ট ব্যক্তিৰো নাম এনে গোচৰৰ সৈতে জড়িত কৰা হৈছে।
চিন্ময়কৃষ্ণ দাসৰ অধিবক্তা ৰমেন ৰায়ৰ ঘৰতো দুৰ্বৃত্তই আক্ৰমণ কৰাৰ অভিযোগ উঠিছে। স্মৰ্তব্য যে, বাংলাদেশত শ্বেইখ হাছিনাৰ চৰকাৰৰ পতনৰ পাছৰে পৰা হিন্দু ধৰ্মীয় লোকসকলৰ ওপৰত একাধিক অত্যাচাৰৰ অভিযোগ উত্থাপন হৈ আহিছে।
এনে পৰিস্থিতিত সংখ্যালঘুৰ নিৰাপত্তাৰ দাবীৰে বাংলাদেশৰ একাধিক হিন্দু ধৰ্মীয় সংগঠনে একত্ৰিত ভাৱে গঠন কৰিছে সনাতনী জাগৰণ মঞ্চ। এই মঞ্চৰ অন্যতম মুখপাত্ৰ চিন্ময়কৃষ্ণ দাস।
তেওঁৰ আহ্বানতে যোৱা সময়ছোৱাত বাংলাদেশৰ বিভিন্ন স্থানত হিন্দু ধৰ্মীয় লোকসকলক লৈ বিভিন্ন সভা অনুষ্ঠিত কৰি আহিছে। এই সভাসমূহত দেশখনৰ প্ৰচুৰ সংখ্যালঘু হিন্দুসকলে ভিৰ কৰাও পৰিলক্ষিত হৈছে।
এইগৰাকী হিন্দু ধৰ্মীয় নেতা ইছকনৰ প্ৰাক্তন সদস্যও। ইছকনৰ সৈতে চিন্ময়কৃষ্ণ দাসৰ এতিয়া কোনো আনুষ্ঠানিক সম্পৰ্ক নাথাকিলেও তেওঁক গ্ৰেপ্তাৰ পাছতে বিভিন্ন প্ৰশ্ন আৰু অপবাদৰ সন্মুখীন হৈছে ইছকনো।
দেশখনৰ ছাত্ৰ আন্দোলনৰ নেতৃত্বই ইছকনক সন্ত্ৰাসবাদী আখ্যা দি দেশখনৰ পৰা নিষিদ্ধ কৰাৰো দাবী উত্থাপন কৰিছে। আজি আদালতত চিন্ময়কৃষ্ণ দাসৰ হৈ কিয় এজনো অধিবক্তা উপস্থিত নাছিল সেই লৈ ন্যায়াধীশেও প্ৰশ্ন উত্থাপন কৰে।
এই সন্দৰ্ভত চট্টগামৰ জিলা অধিবক্তা সমিতিৰ সভাপতি নাজিমুদ্দিন চৌধুৰীয়ে আদালতক জনাই যে, চিন্ময় কৃষ্ণ দাসৰ হৈ কিয় কোনো অধিবক্তাই যুক্তি প্ৰদৰ্শন কৰিবলৈ অহা নাই সেই বিষয়ে তেওঁলোক অজ্ঞ। কোনো আইনজ্ঞক ভাবুকি দিয়াৰো তথ্য তেওঁলোকে লাভ কৰা নাই।