"বাংলাদেশেৰ দুষ্প্ৰাপ্য ছবিসমগ্ৰ" আৰু গিৰিধৰ দেৰ গগণচুম্বী সাফল্য

"বাংলাদেশেৰ দুষ্প্ৰাপ্য ছবিসমগ্ৰ" আৰু গিৰিধৰ দেৰ গগণচুম্বী সাফল্য

ডিজিটেল সংবাদ, ঢাকাঃ ধৰ্মীয় বিশ্বাস আৰু আচাৰ আচৰণ যেতিয়া বাহ্যিক আৰু সামাজিক জীৱনত প্ৰৱেশ কৰে তেতিয়া কৰবাত নহয় কৰবাত সংস্কৃতি, সামাজিক পৰম্পৰা আৰু জাতীয় ঐতিহ্য সংকটত পৰে৷ বিশেষকৈ ধৰ্মীয় আচৰণ প্ৰদৰ্শণকামীতা আৰু বাহ্যিক জীৱন ধাৰণৰ অৱলম্বন হলে জাতিয়ে নিজস্ব স্বকীয়তা হেৰুৱাই লগতে হেৰুৱাবলৈ আৰম্ভ কৰে নিজৰ গৌৰৱময় ইতিহাস ৷

ধৰ্মীয় আগ্ৰাসন, সহিষ্ণুতা আৰু অসহিষ্ণুতা আদি শব্দই দক্ষিণ এচিয়াৰ প্ৰায়বোৰ দেশকেই জৰ্জৰিত কৰি ৰাখিছে ৷ ধৰ্মীয় প্ৰদৰ্শণকামীতাৰ ফলত বৃহৎ বা ক্ষুদ্ৰ জাতি সত্বা সকলোৰে সাংস্কৃতিক ঐতিহ্য আৰু জীৱনশৈলী ক্ৰমান্বয়ে সংকটৰ গৰাহলৈ গতি কৰিছে৷ 

২০১১ চনৰ কথা৷ স্কুলীয়া শিক্ষা সদ্য সমাপ্ত এজন মেধাৱী কিশোৰে বাংলাদেশৰ ইতিহাস, ঐতিহ্য আৰু সংস্কৃতি সংৰক্ষণ আৰু জনপ্ৰিয়কৰণৰ বাবে চচিয়েল মিডিয়াত আৰম্ভ কৰে "বাংলাদেশেৰ দুষ্প্ৰাপ্য ছবিসমগ্ৰ" নামৰ এখন পেজৰ৷ 

যিহেতু জাতীয় পৰিচয় আৰু সাংস্কৃতিক ঐতিহ্য অবিহনে এটা জাতি কেতিয়াও চহকী আৰু সমৃদ্ধ হ'ব নোৱাৰে তেনেকৈয়ে নিজস্ব জাতীয় আৰু সাংস্কৃতিক ঐতিহ্যক বিশ্বায়নৰ এই যুগত সামাজিক যোগাযোগ মাধ্যমৰ মাজেৰে জনপ্ৰিয় কৰি সমগ্ৰ বিশ্ববাসীৰ দৃষ্টি আকৰ্ষণ কৰিছে বাংলাদেশৰ এক তৰুণ ছাত্ৰ গিৰিধৰ দেয়ে৷ বাংলাদেশৰ ফৰিদপুৰ জিলাৰ নগৰকান্দা উপজিলাৰ চন্দনহাট নামৰ গাঁৱত ১৯৯৫ চনত জন্মগ্ৰহন কৰা গিৰিধৰ দে বৰ্তমান বানিজ্য বিভাগৰ স্নাতকোত্তৰ ছাত্ৰ ৷

মূলত ধৰ্মনিৰপেক্ষ বাংলাদেশ, মুক্তিযুদ্ধৰ চেতনাৰে সমৃদ্ধ এই ছাত্ৰজনে সামাজিক যোগাযোগ মাধ্যম ফেচবুকত জন্মদিছিল "বাংলাদেশেৰ দুষ্প্ৰাপ্য ছবি সমগ্ৰ" নামৰ পেজ এখন৷ যাৰ মূল উদ্দেশ্য আছিল কালৰ বুকুত হেৰাই যোৱা বাংলাদেশৰ সামাজিক ঐতিহ্য, বাঙালী সংস্কৃতি আৰু মুক্তিযুদ্ধৰ চিন্তা চেতনা সমৃদ্ধ এক ডিজিটেল লাইব্ৰেৰী বা সংগ্ৰহালয় স্থাপনৰ যোগেৰে মানুহৰ মাজত জাতীয় স্বকীয়তা পুন:উন্বেষণ ঘটোৱা ৷

"সামাজিক যোগাযোগ মাধ্যমৰ সঠিক ব্যৱহাৰৰ যোগেৰে জাতিৰ বুৰঞ্জী আৰু এই দেশৰ মুক্তিযুদ্ধৰ চেতনা প্ৰজন্মৰ পিছত প্ৰজন্মলৈ বোৱাই দিয়াতকৈ ভাল চিন্তা আৰু একোৱেই হ'ব নোৱাৰে, এই ফেচবুক পেইজৰ জন্মদাতা আৰু এই সুন্দৰ চেতনাধাৰাক মই সন্মান আৰু শুভেচ্ছা দুয়োটায়ে দিলোঁ ৷" বাংলাদেশৰ প্ৰাক্তন শিক্ষামন্ত্ৰী আৰু বীৰ মুক্তিযোদ্ধা ছহিদুল ইছলামে মিলিয়নত সদস্য পাৰ হোৱা সামাজিক যোগাযোগ মাধ্যমত জাতিয়তাবাদৰ বৈপ্লৱিক চেতনা প্ৰবাহিত কৰা এই গ্ৰুপটোৰ সফলতাত উদ্বুদ্ধ হৈ এনেদৰে লিখিছিল ৷

শৈশৱৰে পৰা ইতিহাসৰ অনুৰাগী গিৰিধৰ দেৰ এই অনুৰাগ জন্মিছিল পিতৃ সুধীৰ কুমাৰ দেৰ পৰা ৷ গিৰিধৰে সৰুৰে পৰা নিজ পিতৃক দেখিছিল কিদৰে বাতৰি কাকতবোৰ সংৰক্ষণ কৰিছিল আৰু পৰৱৰ্তী সময়ত সেই বাতৰি কাকতবোৰেই বাংলাদেশৰ সামাজিক ৰাজনৈতিক ঘটনা পৰিঘটনাৰ পট-পৰিৱৰ্তণৰ দুষ্প্ৰাপ্য দলিলত পৰিণত হৈছিল৷

উচ্চ বিত্ত পৰিয়ালৰ বাবেই গিৰিধৰ দেৰ ঘৰত যথেষ্ট পৰিমানে পুৰণি কাঁহ পিতলৰ বস্তু বিশেষৰ পৰা বিভিন্ন সামগ্ৰী এক পুৰুষৰ পৰা অন্য পুৰুষলৈ বাগৰি সংগ্ৰহিত আছিল ৷ ইয়াৰে বহুতো প্ৰাচীন বস্তু ২০০/৩০০ বছৰ পৰ্য্যন্ত পুৰণি আছিল৷  "বাংলাদেশৰ দুষ্প্ৰাপ্য ছবি সংগ্ৰহ" নামৰ ডিজিটেল পেজ আৰু গ্ৰুপটোৰ আৰম্ভনি কালৰ বুকুত হেৰাই যোৱা এইবোৰ সামগ্ৰীৰ ফটোৰেই আৰম্ভ হৈছিল ৷

পৃথিৱীৰ কোনো জাতিয়েই নিজৰ ইতিহাসক পাহৰিব নোৱাৰে ৷ কোনো জাতিয়ে যদি নিজৰ ইতিহাসক পাহৰিবলৈ আৰম্ভ কৰে তেন্তে শিপাচ্ছিন্নৰ দৰে স্থিতি হেৰাই পেলায় ৷ গিৰিধৰ দেৰ সেই পৌৰাণিক বাঙালী সংস্কৃতিৰ আচবাব সজুলিৰ ছবিয়ে নিমিষতে সমগ্ৰ বিশ্বতে সিচৰিত সুশিক্ষিত আৰু সংস্কৃতিবান বাঙালী সকলক আবেগিক কৰি তোলে ৷ এই আবেগৰ জোৰ ইমানেই আছিল যে প্ৰতিদিনেই হাজাৰ হাজাৰ ছবি জমা হৈছিল গিৰিধৰে জন্ম দিয়া সামাজিক যোগাযোগ মাধ্যমৰ জনপ্ৰিয় গ্ৰুপ আৰু পেইজ "বাংলাদেশেৰ দুষ্প্ৰাপ্য ছবি সংগ্ৰহ"ত ৷ 

প্ৰতিদিনে আভিজাত্যশীল বাঙালী সকলে বৃটিশৰ যুগতে তেওঁলোকৰ আজো ককাক আইতাকৰ মেট্ৰিক পৰীক্ষা পাচ কৰাৰ মাৰ্কশ্বিট, কাৰোবাৰ ঘৰৰ কইনা কঢ়িওৱা ডোলা, ধূমপানৰ বাবে ব্যৱহাৰ কৰা সোণ ৰূপৰ গুৰগুৰীৰ ফটোকে আদি কৰি বিভিন্ন ফটো প্ৰকাশ কৰিবলৈ দিবলৈ ললে ৷ পৃথিৱীৰ প্ৰতিজন মানুহৰেই নিজৰ বংশ পৰিয়ালৰ গৌৰৱময় ইতিহাস তথা বংশ মৰ্য্যাদা প্ৰদৰ্শণ কৰাৰ এক সৰল মানসিকতা থাকে ৷ গিৰিধৰ দেৰ "বাংলাদেশৰ দুষ্প্ৰাপ্য ছবি সংগ্ৰহ" পেজ আৰু সফলতাৰ মূল সূত্ৰটোৱেই আছিল মানুহৰ এই সৰল মানসিকতা৷

গিৰিধৰ দেৰ এই সাফল্যৰ পথ কিন্তু সৰল নাছিল ৷ ২০০১ চনত তেওঁলোকৰ অঞ্চলত সংঘটিত হোৱা উগ্ৰ সাম্প্ৰদায়িক সংঘৰ্ষত সাৰি নগল গিৰিধৰ দেৰ দূৰ্ভগীয়া পৰিয়ালটোও ৷ সাম্প্ৰদায়িক সংঘৰ্ষকাৰী সকলৰ দ্বাৰা অগ্নিসংযোগত জ্বলি গৈছিল গিৰিধৰ দেৰ ঘৰৰ লগতে তেওঁৰ পিতৃ সুধীৰ কুমাৰ দেৰ সংগ্ৰহৰ বহুতো আপুৰুগীয়া সম্পদ ৷ এই সংঘৰ্ষত নিজৰ প্ৰাণ ৰক্ষাৰ বাবে সম্পূৰ্ণ পৰিয়ালটোৱে অন্য সুৰক্ষিত স্থানত আশ্ৰয় লোৱাৰ বাবে নিজৰ চকুৰ আগত জ্বলি যোৱা ঘৰটো পৰ্যন্ত বচাব পৰা নাছিল৷

সাম্প্ৰদায়িক সংঘৰ্ষ খাম কটাৰ পিছত অৱশিষ্ট পৌৰাণিক সম্পদ আৰু প্ৰয়োজনীয় সামগ্ৰী লৈ উপায়ন্তৰ গিৰিধৰ দেৰ সমগ্ৰ পৰিয়ালেই অন্য স্থানলৈ আতৰি গৈ ঘৰ বাৰী সাজি বসতি কৰিবলৈ লয় ৷ এই দূৰ্য্যোগৰ মাজতো গিৰিধৰৰ পিতৃ সুধীৰ কুমাৰ দেয়ে নিজৰ পৌৰাণিক সামগ্ৰী সংগ্ৰহ আৰু সংৰক্ষণৰ অভ্যাসটো অব্যাহত ৰাখে ৷ ২০১০ চনত পিতৃৰ বিয়োগৰ পিছত গিৰিধৰ দেয়ে আৰম্ভ কৰে পিতৃৰ সংগ্ৰহবোৰৰ সংৰক্ষণৰ ডিজিটেল অধ্যায় ৷

পিতৃৰ সংগ্ৰহক ডিজিটেল ৰূপত সংৰক্ষণ আৰু বাংলাদেশৰ গৌৰৱময় ইতিহাস আৰু উত্থাণ পতনক মানুহৰ মাজত মেলি দিবলৈ নিজা প্ৰচেষ্টাত জন্ম দিয়ে "বাংলাদেশেৰ দুস্প্ৰাপ্য ছবি সংগ্ৰহ" নামৰ ৱেব চাইট আৰু পৰবৰ্তী সময়ত সামাজিক যোগাযোগ মাধ্যম ফেইচবুকত একে নামৰ গ্ৰুপ আৰু পেজ ৷

বাংলাদেশেৰ দুষ্প্ৰাপ্য ছবিসমগ্ৰ নামৰ চচিয়েল মিডিয়াৰ সাধাৰণ এক পেইজ বৰ্তমান এক সংগঠণৰ ৰূপ লৈছে৷ কেবল অনলাইন বা চচিয়েল মিডিয়াতে সীমাবদ্ধ নাৰাখি গিৰিধৰ দেৰ এই সংগঠণ বৰ্তমান বাস্তৱ আৰু সামাজিক জীৱনটো সুসংগঠিত সংগ্ৰাহলয়ৰ ৰূপত আগবাঢ়িবলৈ ধৰিছে৷

বিভিন্ন ঠাই, অঞ্চল বা ব্যক্তি বিশেষৰ পৰা সংগ্ৰহ কৰা বিভিন্ন পৌৰাণিক সমল, ফটো বা ভিডিঅ ইত্যাদি বৈজ্ঞানিক ভাবে আৰু ইতিহাস বিকৃত নকৰাকৈ সংৰক্ষণ কৰাৰ পদক্ষেপ লৈছে গিৰিধৰ দেয়ে৷

এই মূহুৰ্তলৈকে সমগ্ৰ বাংলাদেশৰ পৰা সংগ্ৰহিত হৈছে প্ৰায় আশী হাজাৰ ঐতিহাসিক দলিল, নথি পত্ৰ, ফটো, ভিডিঅ তথা ঐতিহাসিক আচবাব৷ গিৰিধৰ দেই আশা কৰা মতে ২০২৩ চনৰ শেষলৈ এই ঐতিহাসিক সমল হয়তো একলাখৰ ঘৰ পাৰ কৰিব৷

বাংলাদেশৰ বা সমগ্ৰ বাঙালী জাতিৰ আবহমান ইতিহাস, গৌৰৱময় ঐতিহ্য, লোক কৃষ্টিৰ অধ্যয়ণ সংগ্ৰহ, প্ৰসাৰ আৰু জনমানসত জনপ্ৰিয় কৰি তোলাৰ বাবে ২০২১ চনত বাংলাদেশৰ সন্মানীয় "জয় বাংলা যুৱ বঁটা", "হিৰো ২০২২" সন্মান, "অগ্ৰযাত্ৰা কৰ্মদীপ্ত বঁটা" ৰে সন্মানিত হৈছে ৷

এইবছৰৰে মে মাহত গিৰিধৰ দেয়ে বাংলাদেশৰ পৰিধি পাৰ কৰি লাভ কৰিছে এক আন্তৰাষ্ট্ৰীয় খ্যাতি৷ "নেপাল বাংলাদেশ বন্ধুত্ব সমাজ" আৰু "চাউথ এচিয়া বিজনেছ পাৰ্টনাৰশ্বিপ"ৰ সৌজন্যত নেপাল বাংলাদেশ বন্ধুত্ব বঁটাৰে সন্মানিত কৰা হৈছে গিৰিধৰ দেক৷

"বাংলাদেশেৰ দুষ্প্ৰাপ্য ছবিসমগ্ৰ" আৰু গিৰিধৰ দেৰ গগণচুম্বী সাফল্য
আৰক্ষীৰ ব্যৰ্থতাৰ বাবেই জামিন লাভ ইন্দ্ৰানী তহবিলদাৰ আত্মহনন গোচৰত অভিযুক্ত দ্বিবন ডেকাৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in