এছিয়া কাপৰ বাবে ভাৰতীয় দল ঘোষণাঃ বিৰাট, ৰাহুলৰ প্ৰত্যাৱৰ্তন…

এছিয়া কাপৰ বাবে ভাৰতীয় দল ঘোষণাঃ বিৰাট, ৰাহুলৰ প্ৰত্যাৱৰ্তন…

author-image
asomiyapratidin
New Update
এছিয়া কাপৰ বাবে ভাৰতীয় দল ঘোষণাঃ বিৰাট, ৰাহুলৰ প্ৰত্যাৱৰ্তন…

ডিজিটেল ডেস্কঃ অহা ২৭ আগষ্টৰ পৰা ১১ ছেপ্তেম্বৰলৈ অনুষ্ঠিত হ'ব এছিয়া কাপ। এই আন্তঃৰাষ্ট্ৰীয় টি-২০ প্ৰতিযোগিতাখনৰ বাবে ১৫ জনীয়া ভাৰতীয় দলটো ঘোষণা কৰিছে বি চি চি আইয়ে। সেই অনুসৰি ভাৰতীয় দললৈ প্ৰত্যাৱৰ্তন কৰিছে প্ৰাক্তন অধিনায়ক বিৰাট কোহলি আৰু আঘাতৰ বাবে দলৰ পৰা বাহিৰত থকা অ'পেনাৰ বেটচমেন তথা উপ-অধিনায়ক কে এল ৰাহুল।

Advertisment

এছিয়া কাপত বিৰাট কোহলিৰ প্ৰদৰ্শনৰ ওপৰত সকলোৰে দৃষ্টি নিৱদ্ধ থাকিব।কিয়নো বহুদিন ধৰি কোহলিৰ বেটৰ পৰা ৰাণ অহা নাই। শতকৰ আশাত থকা কোহলিৰ অনুৰাগীসকলে এই প্ৰতিযোগিতাত তেওঁৰ পৰা উন্নত প্ৰদৰ্শনৰ আশা কৰিছে।

উল্লেখ্য যে, বিৰাটে তেওঁৰ প্ৰদৰ্শন উন্নত কৰিবৰ বাবেই  বি চি চি আইৰ ওচৰত কিছু দিনৰ ছুটি বিচাৰি আৱেদন কৰিছিল। সেই অনুসৰি বিৰাটক কিছু দিনৰ বাবে দলৰ পৰা বাহিৰত ৰাখিছিল বি চি আইয়ে।     

এছিয়া কাপত বেটিংৰ দিশৰ পৰা ভাৰত শক্তিশালী হ'লেও য়ংৰ্কাৰ কিং বুমৰাহ পিঠিৰ আঘাতে ভাৰতীয় দলটোক বিপদত পেলাব পাৰে। সম্প্ৰতি দলৰ পৰা বাহিৰত আছে বুমৰাহ। যদিহে সময়ত তেওঁ সুস্থ হৈ নুঠে তেন্তে খেল পথাৰত বুমৰাহৰ অনুপস্থিতি ভাৰতীয় দলটোৱে বাৰুকৈ অনুভৱ কৰিব।

টি-২০ বিশ্বকাপৰ পূৰ্বে অনুষ্ঠিত হ'বলগীয়া এই গুৰুত্বপূৰ্ণ প্ৰতিযোগিতাখন ভাৰতীয় দলটোৰ বাবে অতি গুৰুত্বপূৰ্ণ। দলত স্থান লাভ কৰা খেলুৱৈসকলৰ প্ৰদৰ্শনৰ ভিত্তিতেই পৰৱৰ্তী বিশ্বকাপৰ বাবে ভাৰতীয় দলটো গঠন কৰা হ'ব পাৰে বুলিও চৰ্চা চলিছে।


— BCCI (@BCCI) August 8, 2022