/asomiyapratidin/media/media_files/2025/05/14/rpZGp5MY7VcKadjKJUI8.jpg)
ডিজিটেল ডেস্কঃ কানাডাৰ নতুন বৈদেশিক মন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিছে অনিতা আনন্দে। দেশখনৰ নতুন প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্নীয়ে কেবিনেটৰ বৃহৎ সালসলনিত তেওঁক বৈদেশিক মন্ত্ৰী হিচাপে নিযুক্তি প্ৰদান কৰিছে। পূৰ্বে দেশখনৰ প্ৰতিৰক্ষা মন্ত্ৰী হিচাপে দায়িত্ব পালন কৰিছিল অনিতা আনন্দে।
কানাডাৰ লিবাৰেল পাৰ্টিৰ জ্যেষ্ঠ সদস্য ৫৮ বছৰীয়া ৰাজনীতিবিদগৰাকীয়ে হিন্দু শাস্ত্ৰ ভাগৱত হাতত লৈ বিদেশ মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। তেওঁ পূৰ্বেও প্ৰতিৰক্ষা মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ সময়ত এইদৰেই ভাগৱতত লৈ শপত বাক্য পাঠ কৰিছিল।
আমেৰিকাৰ সৈতে সম্পৰ্ক অৱনতি হোৱাৰ সময়তে অনিতা আনন্দক বৈদেশিক মন্ত্ৰীত্বৰ দায়িত্ব দিয়া বিষয়টো বিশেষ তাৎপৰ্য বহন কৰিছে। প্ৰধানমন্ত্ৰী কাৰ্নীয়ে অভিজ্ঞতা আৰু বৈচিত্ৰ্যৰ মাজত ভাৰসাম্য ৰক্ষা কৰি চৰকাৰত মন্ত্ৰীত্বৰ দায়িত্ব প্ৰদান কৰা মন্ত্ৰীসকলৰ আধা অংশই মহিলা।
নতুন দায়িত্ব লাভ কৰি অনিতা আনন্দে এক্স হেণ্ডেলত লিখিছে, "কানাডাৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী হিচাপে নিযুক্তি পোৱাত মই সন্মানিত হৈছো। তেওঁ প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্নী আৰু নিজৰ দলৰ সৈতে কাম কৰি এখন নিৰাপদ, ন্যায্য কানাডা গঢ়ি তোলাৰো পণ লৈছে।
উল্লেখ্য যে, অনিতা আনন্দে ইয়াৰ পূৰ্বে কানাডাৰ ৰাজহুৱা সেৱা আৰু ক্ৰয় মন্ত্ৰী, ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা, পৰিবহণ আৰু আভ্যন্তৰীণ বাণিজ্য মন্ত্ৰী আৰু ট্ৰেজাৰী ব’ৰ্ডৰ সভানেত্ৰীকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ পদবীত অধিষ্ঠিত হৈছিল।
১৯৬৭ চনৰ ২০ মে’ত নোভা স্কটিয়াৰ কেণ্টভিলত প্ৰবাসী ভাৰতীয় চিকিৎসক দম্পত্তি সৰোজ ডি ৰাম আৰু এছ ভি আনন্দৰ ঘৰত জন্মগ্ৰহণ কৰা অনিতা আনন্দে ১৯৬০ চনৰ আৰম্ভণিতে ভাৰতৰ পৰা কানাডালৈ যায়। তেওঁৰ মাক পঞ্জাৱৰ, আৰু দেউতাক তামিলনাডুৰ। তেওঁৰ দুগৰাকী ক্ৰমে ভগ্নী গীতা আৰু ছোনিয়া।
১৯৮৫ চনত ১৮ বছৰ বয়সত আনন্দ অন্টাৰিঅ’লৈ যায় আৰু তাৰ পৰাই ৰাজনীতি বিজ্ঞানত একাডেমিক ডিগ্ৰী লাভ কৰে আৰু পিছলৈ অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে। তাৰ পিছত তেওঁ ক্ৰমে ডালহাউজি বিশ্ববিদ্যালয় আৰু টৰন্টো বিশ্ববিদ্যালয়ৰ পৰা আইন বিষয়ত স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। তাৰ পিছত তেওঁ আইন, শিক্ষকতা আৰু জনসেৱাৰ ক্ষেত্ৰত এক শক্তিশালী কেৰিয়াৰ গঢ়ি তুলিছিল।
I am honoured to be named Canada’s Minister of Foreign Affairs. I look forward to working with Prime Minister Mark Carney and our team to build a safer, fairer world and deliver for Canadians. pic.twitter.com/NpPqyah9k3
— Anita Anand (@AnitaAnandMP) May 13, 2025
১৯৯৫ চনত কানাডাৰ উকীল, ব্যৱসায়িক কাৰ্যবাহী জন ন’ল্টনৰে বিবাহপাশত আৱদ্ধ হয় আৰু চাৰিটা সন্তানৰ মাতৃও হয়। ২০১৯ চনত কানাডাৰ ফেডাৰেল কেবিনেটত কাৰ্যনিৰ্বাহ কৰা প্ৰথমগৰাকী হিন্দু হিচাপে পৰিগণিত হয় অনিতা।