অমিত পংঘালৰ স্বৰ্ণ অৰ্জন…

অমিত পংঘালৰ স্বৰ্ণ অৰ্জন…

author-image
asomiyapratidin
New Update
অমিত পংঘালৰ স্বৰ্ণ অৰ্জন…

ডিজিটেল ডেস্কঃ কমনৱেলথ গেমছত স্বৰ্ণ পদক জয় কৰিলে ভাৰতীয় তাৰকা বক্সাৰ অমিত পংঘালে। পুৰুষৰ ৫২ কেজি শাখাত অমিতেইংলেণ্ডৰ কিৰণ মেকডনাল্ডক পৰাস্ত কৰি এই পদক অৰ্জন কৰিছে। ইয়াৰ লগে লগে কমনৱেলথ গেমছ-২০২২ত ভাৰতৰ স্বৰ্ণ পদকৰ সংখ্যা ১৫ টালৈ বৃদ্ধি পাইছে।

চলিত প্ৰতিযোগিতাখনত ৪৩ টা পদক লাভ কৰা ভাৰতে ১৫ টা স্বৰ্ণ, ১১ টা ৰূপ আৰু ১৭ টা ব্ৰঞ্জৰ পদক লাভ কৰিছে। ইয়াৰ জৰিয়তে ভাৰত এই মুহূৰ্তত পদক তালিকাৰ পঞ্চম স্থানত আছে। দিনটোৰ আৰম্ভণিতে ভাৰতীয় মহিলা বক্সাৰ নীতু ঘাংঘাছে ৪৮ কেজি শাখাত অৰ্জন কৰিছিলি সোণৰ পদক।