কোৰোনা ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা আমেৰিকাত সৰ্বাধিক…

কোৰোনা ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা আমেৰিকাত সৰ্বাধিক…

author-image
asomiyapratidin
New Update
কোৰোনা ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা আমেৰিকাত সৰ্বাধিক…

প্ৰতীকি ফটো

ডিজিটেল ডেস্কঃ কোৰোনা ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা আমেৰিকাত সৰ্বাধিক হৈছে। দেশখনত ৫,০৬,০০৮জন লোক এই ভাইৰাছত আক্ৰান্ত হৈছে আৰু ইয়াৰে ১৯,৬৬৬জন লোকৰ ইতিমধ্যে মৃত্যু হৈছে। যোৱা ২৪ ঘণ্টাত ৯১১জন লোকৰ মৃত্যু হৈছে আমেৰিকাত।

Advertisment

ইয়াৰ বিপৰীতে ইটালীত ১,৫২,২৭১জন লোক কোৰোনা ভাইৰাছত আক্ৰান্ত হৈছে আৰু তাৰে ১৯,৪৬৮জন লোকৰ মৃত্যু হৈছে। বৰ্তমান আমেৰিকাত আক্ৰান্ত হোৱা লোকৰ ভিতৰত ২৮,২১০জন লোক সুস্থ হৈছে আৰু আন ১০,৯৪৭জন গুৰুতৰভাৱে অসুস্থ হৈ আছে।

স্পেইনতো আমেৰিকাৰ পাছতেই ১,৬১,৮৫২জন লোক আক্ৰান্ত হৈছে আৰু ইয়াৰে ১৬,৩৫৩জন লোকৰ মৃত্যু হৈছে। ফ্ৰান্সতো এই সংখ্যা ১০হাজাৰৰো অধিক অতিক্ৰম কৰিছে। ৰাষ্ট্ৰখনত মুঠ ১,২৪,৮৫৯জন লোক কোৰোনা ভাইৰাছত আক্ৰান্ত হৈছে আৰু ইয়াৰে ১৩,১৯৭জন লোক এই ভাইৰাছত আক্ৰান্ত হৈ মৃত্যুমুখত পৰিছে।

ইংলেণ্ডত এই ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা হৈছেগৈ ৯,৮৭৫জন। ভাৰতত এতিয়ালৈকে কোৰোনা ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ৮ সহস্ৰাধিক হৈছে আৰু ২৫০ৰো অধিক লোকৰ মৃত্যু হৈছে।