এয়াৰ ইণ্ডিয়া বিমানত অভদ্ৰ যাত্ৰী, মহিলাসহ যাত্ৰীৰ আসনতেই কৰি দিলে প্ৰস্ৰাৱ

এয়াৰ ইণ্ডিয়া বিমানত অভদ্ৰ যাত্ৰী, মহিলাসহ যাত্ৰীৰ আসনতেই কৰি দিলে প্ৰস্ৰাৱ

author-image
asomiyapratidin
New Update
এয়াৰ ইণ্ডিয়া বিমানত অভদ্ৰ যাত্ৰী, মহিলাসহ যাত্ৰীৰ আসনতেই কৰি দিলে প্ৰস্ৰাৱ

ডিজিটেল ডেস্কঃ এয়াৰ ইণ্ডিয়া বিমানৰ ভিতৰত সাংঘাতিক কাণ্ড। শুকুৰবাৰে সংঘটিত হ'ল এই ঘটনা। নিউ ইয়ৰ্কৰ পৰা দিল্লী অভিমুখে আহিছিল এয়াৰ ইণ্ডিয়াৰ এই বিমানখন। এজন সুৰাসত্ত যাত্ৰীৰ কাষৰ আসনখনত আছিল এগৰাকী মহিলা যাত্ৰী। এই মহিলা যাত্ৰীগৰাকীৰ আসনত হঠাৎ প্ৰস্ৰাৱ কৰি সুৰাসত্ত যাত্ৰীগৰাকীয়ে।

Advertisment

এই কথা মহিলাযাত্ৰীগৰাকীৰ জীয়াৰীয়েই টুইটাৰযোগে সদৰি কৰিলে। টুইটাৰত লিখিলে- 'মোৰ মা এ আই ১০২ নম্বৰৰ এয়াৰ ইণ্ডিয়া বিমানখনত দিল্লী অভিমুখে আহি আছিল। তেতিয়াই এজন সুৰাসত্ত যাত্ৰীয়ে তেওঁ মাৰ আসনখনৰ কাষলৈ গৈ তাতেই প্ৰস্ৰাৱ কৰি দিলে।'

এই টুইট পোৱাৰ পাছতেই ঘটনাটোক লৈ তৎপৰ হৈ পৰে অসামৰিক বিমান পৰিবহণ মন্ত্ৰী জয়ন্ত সিনহা। এই সমগ্ৰ ঘটনাৰ তাৎক্ষণিক তদন্তৰে প্ৰতিবেদন দাখিলৰ নিৰ্দেশ দিছে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। এই সুৰাসত্ত যাত্ৰীগৰাকীয়ে কঠোৰ শাস্তি পাব বুলি নিশ্চিয়তা প্ৰদান কৰিছে এয়াৰ ইণ্ডিয়াৰ কৰ্তৃপক্ষই।

ইফালে, ঘটনা সন্দৰ্ভত অভিযোগ দাখিল কৰিবলৈ গৈও যথেষ্ট অসুবিধাৰ সন্মুখীন হোৱাৰ কথা জনাইছে ভুক্তভোগী মহিলাগৰাকীয়ে। ইয়াৰ ইণ্ডিয়াৰ কৰ্তৃপক্ষই অভিযোগ ল'বলৈ অস্বীকাৰ কৰি ফীডবেকতহে সেই কথা লিখিবলৈ পৰামৰ্শ দিছিল। ক্ষোভিত মহিলাগৰাকীৰ কন্যাই তাৰ পাছতেই টুইটাৰযোগে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ দৃষ্টি আকৰ্ষণ কৰিছিল এই ঘটনাটো।