এয়াৰ ইণ্ডিয়াই বাতিল কৰিলে গুৰুত্বপূৰ্ণ বিমনা সেৱা…

এয়াৰ ইণ্ডিয়াই বাতিল কৰিলে গুৰুত্বপূৰ্ণ বিমনা সেৱা…

author-image
asomiyapratidin
New Update
এয়াৰ ইণ্ডিয়াই বাতিল কৰিলে গুৰুত্বপূৰ্ণ বিমনা সেৱা…

ডিজিটেল ডেস্কঃ এয়াৰ ইণ্ডিয়াই বাতিল কৰিলে দিল্লী-মস্কো বিমান। এই বিমানখন সপ্তাহত দুবাৰকৈ দিল্লী-মস্কোক সংযোগ কৰিছে। এয়াৰ ইণ্ডিয়াৰ এক সূত্ৰ অনুসৰি ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত সংঘাতৰ বাবেই এই সিদ্ধান্ত লোৱা হৈছে। দুয়ো ৰাষ্ট্ৰৰ মাজত সংঘাতৰ ফলত বিমানখন চলাচল কৰাত ভাবুকিৰ সম্ভাৱনা যথেষ্ট বৃদ্ধি পাইছে। আনহাতে বিমানখনৰ এতিয়াও বীমা কভাৰেজ সুৰক্ষিত হোৱা নাই।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে বুধবাৰে জাৰি কৰা এক বিবৃতিত ভাৰতত থকা ৰাছিয়াৰ দূতাবাসে জনাইছিল যে এয়াৰ ইণ্ডিয়াই দিল্লীৰ পৰা মস্কোলৈ অহা আৰু উভতি অহা বিমানৰ টিকট বিক্ৰী বন্ধ কৰিছে। দূতাবাসে কৈছিল যে, এই সময়ত এয়াৰলাইনৰ বিমান ৰাছিয়ালৈ যাব নে নাই সেয়া স্পষ্ট নহয়। দূতাবাসে কৈছিল, যাত্ৰীসকলে তেওঁলোকৰ টিকটৰ বাবে সম্পূৰ্ণ ধন ঘূৰাই পাব।

এয়াৰ ইণ্ডিয়াৰ এনে পদক্ষেপে অৱশ্যে মস্কোলৈ যাব বিচৰা অথবা মস্কোকৰ পৰা ভাৰতলৈ আহিব বিচৰা লোকসকল বিশেষ অসুবিধাৰ সন্মুখীন হ'ব নালাগে। কিয়নো যাত্ৰীসকলৰ বাবে বিকল্প পথ এতিয়াও আছে। যাত্ৰীসকলে তাচখন্দ. ইস্তাম্বুল, ডুবাই, আবুধাবি, দোহা আৰু অন্যান্য বিকল্প পথ ব্যৱহাৰ কৰিব পাৰিব।