উইং কামাণ্ডাৰ অভিনন্দনক ঘূৰাই পঠিয়াবৰ বাবে পাকিস্তান উচ্চায়ুক্তলৈ আবেদন…

উইং কামাণ্ডাৰ অভিনন্দনক ঘূৰাই পঠিয়াবৰ বাবে পাকিস্তান উচ্চায়ুক্তলৈ আবেদন…

author-image
asomiyapratidin
New Update
দ্য ৰিয়েল হিৰ’ অভিনন্দন বৰ্থমান…

ডিজিটেল ডেস্কঃ ২৭ ফেব্ৰুৱাৰী অৰ্থাৎ বুধবাৰৰ পুৱা পাকিস্তানৰ বায়ু সেনা বাহিনীক বাধা দিবলৈ গৈ ভাৰতৰ বায়ু সেনাৰ এখন যুঁজাৰু বিমান ভূপতিত হৈছিল। ভাৰতৰ মাটিত বোমা নিক্ষেপ কৰিবলৈ অহা পাক বায়ু সেনা বাহিনীৰ এফ-১৬ বিমানখনক বাধা দিওঁতে ঘটিছিল এই অঘটন। তাৰপাছত এই ভাৰতীয় বায়ু সেনাৰ বিমানখনৰ বৈমানিক অভিনন্দন বৰ্থমান পেৰাচ্যুটেৰে বিমানখনৰ পৰা বাহিৰ ওলাই পৰিছিলগৈ পাক ভূমিত। তাৰপাছত পাক সেনাই কৰায়ত্ত কৰিছিল অভিনন্দনক। কৰায়ত্ত কৰিয়েই পাকিস্তান সেনাই বায়ু সেনাৰ বিষয়াগৰাকীক প্ৰহাৰ কৰাৰ এক ভিডিঅ' ভাইৰেল হৈ পৰিছিল।

ইফালে, পাকিস্তানস্থিত ভাৰতীয় উচ্চায়ুক্তই বুধবাৰে পাক বিদেশ মন্ত্ৰণালয়ক অভিনন্দন বৰ্থমানক সুকলমে নিজ দেশলৈ উভতাই পঠিয়াবলৈ এক আবেদন জনায়। লগতে নতুন দিল্লীস্থিত পাকিস্তান উচ্চায়ুক্তকো দিয়া হৈছিল এই আবেদন।

উল্লেখ্য যে, জেনেভাৰ চুক্তি অনুসৰি- শত্ৰু ৰাষ্ট্ৰৰ সেনাক কৰায়ত্ত কৰিলে অত্যাচাৰ কৰিব নোৱাৰে এই চুক্তিত স্বাক্ষৰ কৰা দেশসমূহে।  পাকিস্তান আৰু ভাৰতো এই চুক্তিত স্বাক্ষৰ কৰা দেশসমূহৰ ভিতৰত আছে।