বয়স মাত্ৰ এটা সংখ্যা ! ৯৪ বছৰ বয়সত স্বৰ্ণসহ দুটাকৈ পদক লাভ এইগৰাকী ভাৰতীয় এথলিটৰ…

বয়স মাত্ৰ এটা সংখ্যা ! ৯৪ বছৰ বয়সত স্বৰ্ণসহ দুটাকৈ পদক লাভ এইগৰাকী ভাৰতীয় এথলিটৰ…

author-image
asomiyapratidin
New Update
বয়স মাত্ৰ এটা সংখ্যা ! ৯৪ বছৰ বয়সত স্বৰ্ণসহ দুটাকৈ পদক লাভ এইগৰাকী ভাৰতীয় এথলিটৰ…

ডিজিটেল ডেস্কঃ বয়সৰ ওচৰত নহয়, বয়সেহে তেওঁৰ ওচৰত হাৰ মানিছে। ৯৪ বছৰ বয়সটো তেওঁ হৈ আছে দুৰন্ত। যি সময়ত তেওঁৰ বয়সৰ মহিলাই হওঁক বা পুৰুষেই হওক বৃদ্ধাৱস্থাৰ বাবে নিজৰ ঘৰতেই আবদ্ধ হৈ থাকি নাতিৰ সৈতে সময় পাৰ কৰে, বিচনাত পৰি মৃত্যুৰ ক্ষণ গণে তেনে সময়তে এইগৰাকী দুৰন্ত মহিলাই দেশৰ বাবে কঢ়িয়াই আছে এটাৰ পিছত আন এটা পদক।

Advertisment

বিশ্ব এথলিট জগতখনত লিপিবদ্ধ কৰিছে সোণালী আখৰেৰে নিজৰ নাম। এইগৰাকী মহিলা এথলিটে পুনৰ বাৰ প্ৰমাণ কৰিলে বয়স মাত্ৰ এটা সংখ্যা। ইচ্ছা কৰিলে বয়সেও মানুহৰ ওচৰত হাৰ মানিবলৈ বাধ্য হয়। ভগৱানী দেৱী ডাগৰ- ক্ৰীড়া জগতৰ এটা চিনাকী নাম। এইগৰাকী ৯৪ বছৰীয়া মহিলাই বিশ্ব মাষ্টাৰ্ছ এথলেটিকছ চেম্পিয়নশ্বিপত স্বৰ্ণ পদকৰ লগতে ব্ৰঞ্জৰ পদক জয় কৰিবলৈ সক্ষম হৈছে।

যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ে ইয়াৰ অফিচিয়েল টুইটাৰ একাউণ্টত ভগৱানী দেৱীৰ এখন ফটো পোষ্ট কৰিছে। মন্ত্ৰালয়ৰ অফিচিয়েল টুইটাৰ হেণ্ডেলৰ পৰা টুইট কৰি কৈছে- "ভাৰতৰ ৯৪ বছৰীয়া ভগৱানী দেৱীয়ে আকৌ এবাৰ প্ৰমাণ কৰিছে বয়স মাত্ৰ এটা সংখ্যাহে। তেওঁ ২৪.৭৪ ছেকেণ্ডমসময়ৰ সৈতে ১০০ মিটাৰ স্প্ৰিণ্ট ইভেণ্টত টেম্পেৰৰ #WorldMastersAthleticsChampionships ত সোণৰ পদক জয় কৰিছে। তেওঁ শ্বটপুটত ব্ৰঞ্জৰ পদকো লাভ কৰিছিল।