১ কেজি চাউলৰ দাম ৫০০ টকা, ৪০০ গ্ৰাম গাখীৰৰ দাম ৭৯০ টকা ! দেউলীয়া হোৱাৰ দিশে চুবুৰীয়া শ্ৰীলংকা…

১ কেজি চাউলৰ দাম ৫০০ টকা, ৪০০ গ্ৰাম গাখীৰৰ দাম ৭৯০ টকা ! দেউলীয়া হোৱাৰ দিশে চুবুৰীয়া শ্ৰীলংকা…

author-image
asomiyapratidin
New Update
১ কেজি চাউলৰ দাম ৫০০ টকা, ৪০০ গ্ৰাম গাখীৰৰ দাম ৭৯০ টকা ! দেউলীয়া হোৱাৰ দিশে চুবুৰীয়া শ্ৰীলংকা…

ডিজিটেল ডেস্কঃ মাত্ৰ ৪০০ গ্ৰাম গাখীৰৰ মূল্য ৭৯০ টকা। ১ কেজি চাউলৰ মূল্য ৫০০ টকা। এইয়াই এতিয়া ভাৰতৰ চুবুৰীয়া দেশ শ্ৰীলংকাৰ অৱস্থা। প্ৰচণ্ড বিত্তীয় সংকটত ভূগা শ্ৰীলংকাত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যই আকাশ স্পৰ্শ কৰাৰ লগতে এই সামগ্ৰীসমূহ ক্ৰয় কৰাটো বিলাসীতাৰ বাহিৰে এতিয়া একো নহয়।

Advertisment

এনে পৰিস্থিতিত শ্ৰীলংকাৰ জনতাই ভোক আৰু মুদ্ৰাস্ফীতিৰ মাজেৰে দেশ এৰি আন দেশলৈ গতি কৰাৰ বাহিৰে বেলেগ পথ একো বিচাৰি পোৱা নাই। ইতিমধ্যে দেশখনৰ পৰা ভাৰতলৈ আগমণ ঘটিছে সাধাৰণ নাগৰিকৰ।মঙ্গলবাৰে প্ৰায় ১৬ জন শ্ৰীলংকান লোকে চাৰি মহীয়া কেচুৱাসহ সাগৰৰ মাজেৰে ভাৰতত আহি উপস্থিত হৈছে।

ভাৰতলৈ আগমণ ঘটা এই শৰনাৰ্থীসকলে প্ৰকাশ কৰা মতে শ্ৰীলংকাত এতিয়া প্ৰতি কিলোগ্ৰাম চাউলৰ মূল্য ৫০০ টকা হৈছে। ১ কেজি চেনীৰ মূল্য ২৯০ টকা পৰ্যন্ত হৈছে। বিশেষজ্ঞৰ দাবী দেশখনৰ এনে পৰিস্থিতিয়ে দেশখনক ১৯৮৯ চনৰ গৃহ যুদ্ধৰ দৰে পৰিস্থিতিৰ মাজলৈ লৈ যাব। এনে পৰিস্থিতিয়ে দেশখনৰ পৰা আন দেশলৈ প্ৰবজন বৃদ্ধি কৰাৰ সম্ভাৱনা অধিক।

উল্লেখ্য যে শ্ৰীলংকাৰ পৰা বহু নাগৰিকে বিপদশংকুল ভাৱে সাগৰৰ মাজেৰে মাছমৰীয়াক ধন দি ভাৰতলৈ প্ৰবজন কৰিছে। ইয়াৰে ১৬ জনীয়া এটা দলক মঙ্গলবাৰে ভাৰতীয় উপকূল বাহিনীয়ে এটা দ্বীপৰ পৰা উদ্ধাৰ কৰিছে। য'ত ৪ কেইবাটও শিশুও আছিল। তেওঁলোকে প্ৰকাশ কৰা মতে মাছমৰীয়াক ধন দি এইদৰে ভাৰতলৈ আহিছে।

চীনকে ধৰি বহু কেইখন দেশৰ ঋণত ডুবগৈ থকা শ্ৰীলংকাক দেউলীয়া ঘোষণা কৰাৰ সম্ভাৱনা আছে। বিগত জানুৱাৰীত শ্ৰীলংকাৰ মুদ্ৰাৰ ভাণ্ডাৰ ৭০ শতাংশ হ্ৰাস হৈ ২.৩৬ আৰৱ ডলাৰ হয় গৈ। ইয়াৰ উপৰিও শ্ৰীলংকাই আগন্তুক ১২ মাহত ৭.৩ আৰৱ ডলাৰ ভাৰতীয় মূল্যৰ হিচাপত ৫৪ হাজাৰ কোটি টকা ঘৰুৱা আৰু বিদেশী ঋণ ঘূৰাব মাৰিব লাগিব। এই ৫৪ হাজাৰ কোটি টকাৰ ভিতৰত ৬৮ শতংশ ঋণেই চীনক দিব লাগিব দেশখনে।

ইফালে শ্ৰীলংকাৰ এনে বিত্তীয় সংকটৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতে দেশখনক সহায় কৰিবলৈ আগবাঢ়ি আহিছে। ভাৰতে চুবুৰীয়া দ্বীপ ৰাষ্ট্ৰখনক ৯০ নিযুত ডলাৰতকৈও অধিক ঋণ প্ৰদানৰ কথা ঘোষণা কৰিছে। ভাৰতৰ এই সহায়ৰ ফলত দেশখনৰ বৈদেশিক মুদ্ৰাৰ ভাণ্ডাৰ বৃদ্ধি কৰাৰ লগতে খাদ্য আমদানি কৰাত সহায়ক হ'ব বুলি কোৱা হৈছে।