/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/BUS-16.jpg)
ডিজিটেল ডেস্কঃ পাকিস্তানৰ পঞ্জাৱত সংঘটিত হৈছে এক ভয়ংকৰ দুৰ্ঘটনা। এখন যাত্ৰীবাহী বাছ তেল টংকাৰৰ সৈতে সংঘৰ্ষ হোৱাৰ ফলত অতি কমেও ২০ জন লোক অগ্নিদগ্ধ হৈছে। আৰকীক্ষীয়ে জনোৱা অনুসৰি লাহোৰৰ পৰা প্ৰায় ৩৫০ কিলোমিটাৰ দূৰৈৰ মুলতানৰ এক মটৰৱেত এই দুৰ্ঘটনা সংঘটিত হৈছে।
পাকিস্তানৰ জৰুৰীকালীন সেৱা ১১২২ ৰ মুৰব্বী গৰাকীয়ে কয় যে, লাহোৰৰ পৰা কৰাচীলৈ যাত্ৰা কৰা এখন বাছ তৈল টেংকাৰৰ সৈতে সংঘৰ্ষ হোৱাৰ ফলত ২০ জন লোক অগ্নিদগ্ধ হৈ মৃত্যুমুখত পৰিছে। বছখনে তৈল টেংকাৰখনত খুন্দা মৰাৰ পিছতে বাছখন জ্বলি উঠে।
এই ঘটনাত জীৱন্তে অগ্নিদগ্ধ হৈ জীৱন, মৃত্যুৰে যুঁজি থকা ৬ জন লোকক মুলতানৰ নিস্তাৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। আটাইকেইজনৰে অৱস্থা সংকটজনক। অগ্নিদগ্ধ হোৱা বহু যাত্ৰীৰ মৃতদেহ সম্পূৰ্ণে ৰূপে জ্বলি গৈছে। বহু যাত্ৰীৰ পৰিচয়ও জানিব পৰা অৱস্থাত নাই। ডি এন এ পৰীক্ষাৰ পিছত হে তেওঁলোকৰ শৰীৰ পৰিয়ালক হস্তান্তৰ কৰা হ'ব।
পঞ্জাৱ প্ৰদেশৰ মুখ্যমন্ত্ৰী পাৰভাইজ ইলাহীয়ে দুৰ্ঘটনাটোত শোক প্ৰকাশ কৰে আৰু সংশ্লিষ্ট স্বাস্থ্য কৰ্তৃপক্ষক আহতসকলক সৰ্বশ্ৰেষ্ঠ চিকিৎসা প্ৰদান কৰিবলৈ নিৰ্দেশ দিয়ে। তেওঁ প্ৰশাসনক দুৰ্ঘটনাটোত প্ৰাণ হেৰুওৱা লোকসকলৰ পৰিয়ালক মৃতকক চিনাক্ত কৰিবলৈ সহায় কৰিবলৈও কৈছে।