/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/04/colombia.jpg)
ডিজিটেল ডেস্কঃ পুনৰ এক অঘটন। সোণৰ খনি খহি পৰাৰ ফলত মৃত্যুক সাৱটি ল'লে ১০ জনকৈ শ্ৰমিকে। এই ঘটনা সংঘটিত হৈছে কলম্বিয়াত। কলম্বিয়াৰ লাংটুয়াৰ এটা সোণৰ খনি খহি পৰাৰ ফলত অতি কমেও ১০ জন লোক নিহত হোৱাৰ লগতে বহু কেইজন শ্ৰমিক সন্ধানহীন হৈ আছে।
বিগত ১৬ মাৰ্চৰ পপৰা কলম্বিয়া প্ৰকৃতিৰ ৰোষত পৰিছে। দেশখনৰ বিভিন্ন প্ৰান্তত ১৬ মাৰ্চৰ পৰা অব্যাহত আছে ভূমিস্খলন। এই ভূমিস্খলনৰ ফলত ৬ হাজাৰৰো অধিক লোক ক্ষতিগ্ৰস্ত হৈছে। ইয়াৰ মাজতে সোণৰ খনিত খহি পৰাৰ ফলত এইদৰে শ্ৰমিক নিহত হোৱাৰ লগতে সন্ধানহীন হোৱাৰ বাবে ৰাজ্যপাল গৰাকীয়ে কৈছে যে, মৃত্যু হোৱা বেছিভাগ লোক সোণৰ খনিত কাম কৰা শ্ৰমিক আছিল। মই আহত আৰু মৃতকৰ পৰিয়ালক লগ কৰিবলৈ গৈ আছো।